সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

মোগলক আতঁৰালে লাচিতৰ বীৰগাঁথাও আঁতৰি নাযাব জানো?

NCERTৰ পাঠ্যক্ৰমৰ পৰা আৰতাই দিয়া হ’ল মোগলৰ ইতিহাস।NCERTৰ অদ্ভূত কাণ্ডত হতবাক সকলো। ইতিহাসৰ পৃষ্ঠাৰ পৰা চিৰদিনৰ বাবে হেৰাই গ’ল মোগল সাম্ৰাজ্য। কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ ৰাষ্ট্ৰীয় শৈক্ষিক আৰু গৱেষণা পৰিষদ চমুকৈ NCERT য়ে দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমৰ পৰা আতৰাই পেলালে মোগল সাম্ৰাজ্যৰ ইতিহাস।
কেৱল দ্বাদশ শ্ৰেণীয়েই নহয় একাদশ শ্ৰেণীৰ পাঠ্যক্ৰমৰ পৰাও আঁতৰাই দিয়া হল কেন্দ্ৰীয় ইছলামিক ভূমি,সংস্কৃতিৰ সংঘাতৰ বিশাল ঘটনাৰাজী। NCERTৰ এই সিদ্ধান্তক কোনোৱে যদি সাহসী সিদ্ধান্ত বুলি অভিহীত কৰিছে,আন কোনোৱে আকৌ তীব্ৰ ভাষাৰে সমালচনা কৰিছে NCERTৰ এই সিদ্ধান্তক। মোগল ইতিহাসক মচি,মোগল ইতিহাসক আঁতৰাই কেনেকৈ নতুন ভাৰতৰ প্ৰতিচ্ছবি সম্ভৱ হ’ব পাৰে?ইতিহাস মানে অতীত, ইতিহাস মানে ভেঁটি। ইতিহাসৰ প্ৰতিটো সমল এটা আনটোৰ পৰিপূৰক।পৰাক্ৰমী জাতিৰ আক্ৰমণ নিজ দেশক বচাঁবলৈ কৰা প্ৰত্যাক্ৰমণৰেই একো-একোটা জাতীৰ সভ্যতাৰ বিকাশৰ ইতিহাস। কিয়নো NCERT য়ে একাদশ,দ্বাদশ শ্ৰেণীৰেই নহয় দশম শ্ৰেণীৰ পাঠ্যক্ৰমতো যথেষ্ঠ সালসলনি কৰাৰ কুচকাৱাজ আৰম্ভ কৰিছে। আশ্চৰ্যজনক ভাৱে দশম শ্ৰেণীৰ পৰা আতৰাই পেলোৱা হৈছে গণতন্ত্ৰ আৰে বৈচিত্ৰতা, লোকপ্ৰিয় সংগ্ৰাম আৰু গণতন্ত্ৰ প্ৰতি প্ৰত্যাহ্বান শীৰ্ষক পাঠ। গণতন্ত্ৰৰ পাঠ্যক্ৰম আতঁৰাই কি পাঠদানেৰে দশম শ্ৰেণীৰ শিক্ষাৰ্থীক সমৃদ্ধ কৰাৰ পৰিকল্পনা প্ৰকৃততে NCERTৰ? ভাৰতীয় ৰাজনীতিৰ ইতিহাস অধ্যয়ন কি পৰ্যায়ৰ হব তাক লৈও সন্দিহান আজি শিক্ষাবিদ তথা সচেতন নাগৰিক। কিন্তু মোগল ইতিহাসক আতঁৰাই ভাৰতীয় বীৰৰ জাতিপ্ৰেমৰ কথা কেনেকৈ জানিব আজিৰ নতুন সময়ে। সেয়া সময় ১২০২ খ্ৰীষ্টাব্দ। পাঠ্যক্ৰমৰ পৰা আতঁৰাও বুলিয়েই চাৰিশ বছৰীয়া সেই দীঘলীয়া সময় কৰ পৰা নাইকীয়া হ’ব? কেনেকৈ নাইকীয়া হৈ যাব দীৰ্ঘসময়ৰ ৰাজনৈতিক – অৰ্থনৈতিক – সামাজিক পৰিক্ৰমাৰ উত্থান-পতন। শৰাইঘাটৰ ৰণ হৈছিল ১৬৭১ চনত। যদিহে মোগলৰ ইতিহাস আজিৰ প্ৰজন্মই নপঢ়ে কেনেকৈ জানিব লাচিত বৰফুকনৰ বীৰত্বৰ সময়ৰ কথা। শৰাইঘাট ৰণত দেশৰ বাবে মোমাই ডাঙৰ নহয় বুলি শিৰচ্ছেদ কৰা মহাবীৰ লাচিত বৰফুকনৰ বীৰত্বৰ সময়ৰ কথা। নৰীয়া গাৰে মোগলক ভেঁটা লাচিতৰ জয়গান কেনেকৈ শুনিব, কেনেকৈ জানিব নতুন প্ৰজন্মই? মোগল সৈন্যৰ পৰাক্ৰম ৰূধিবলৈ নিপুন অসমীয়া সেনাৰ গৰিলা যুদ্ধ কৌশলৰ কথা কেনেকৈ জানিব অসমীয়া শিক্ষাৰ্থিয়ে? ১৭ বাৰকৈ মোগলক ৰোধা অসমীয়া জাতিৰ বীৰত্বৰ কথা জানিবলৈ হলে মোগলক যে জানিব লাগিব সেয়া ধূৰুপ। নে মোগলক বাদ দিয়াৰ নামত লাচিত বৰফুকনকো বাদ দিম নেকি বাৰু?

Leave A Reply

Your email address will not be published.