২০২৪ চনৰ লোকসভা নিৰ্বাচনলৈ হাতত আছে মাত্ৰ এটা বছৰ।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক লৈ বিজেপিয়ে পুনৰ ক্ষমতালৈ আহিব পাৰিবনে?হিমাচল প্ৰদেশকে ধৰি মেঘালয়,নাগালেণ্ডত দলটোৱে নিজাববীয়াকৈ ভাল ফলাফল দেখুৱাবলৈ সক্ষম হোৱা নাই।তাৰপিছতো কিন্তু আগন্তুক নিৰ্বাচনক লৈ অত্যন্ত আশাবাদী বিজেপি।মুঠ ৫৪৫ খন আসনৰ ৪০০ খন আসনেই লাগে দলটোক।সেই সংখ্যাক লক্ষ্য হিচাপে স্থিৰ কৰি আগুৱাইছে দলটো।উল্লেখ্য যে বিগত নিৰ্বাচনত দলটোৱে মুঠ ৩০৩ খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল।
২০২৪ চনৰ নিৰ্বাচনত জয়ী হোৱাৰ লক্ষ্যৰে দলটোৱে এটা সুকীয়া গোট গঠন কৰিছে।গোটটো গঠন কৰিছে দলৰ সভাপতি জে পি নাড্ডাই৷গোটটোত আছে সুনীল বাঞ্চাল,বিনোদ তাৱৰে আৰু তৰুণ চুঘ।এই গোটটোৱে সমগ্ৰ দেশত এক ছাৰ্ভে চলাব ।এই ছাৰ্ভেৰ জৰিয়তে ২০১৯ চনত দলটোৱে দ্বিতীয় স্থান লাভ কৰা সমষ্টিবোৰ নিৰ্বাচন কৰিব৷সেই সমষ্টিবোৰত ৰাজ্যিক সমিতিৰ লগত গঠন কৰি সাম্ভাৱ্য প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত কৰিব।তদুপৰি বিজেপিৰ দুৰ্ঘোৰ সমৰ্থক সকলক বাদ দি আন লোকসকলক দলটোৰ প্ৰতি আকৰ্ষিত কৰিবলৈ সমষ্টি সমষ্টিয়ে কিছুমান কাৰ্যসূচী হাতত ল’ব।দলৰ এই বিশেষ গোটত অন্তৰ্ভুক্ত সদস্য সকলৰ মাজৰ অন্যতম এগৰাকী সদস্য সুনীল বাঞ্চাল।সুনীল বাঞ্চালে ২০১৭ আৰু ২০২২ চনৰ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল৷তদুপৰি বিগত লোকসভাৰ নিৰ্বাচনতো বাঞ্চালৰ ভূমিকা আছিল যথেষ্ট গুৰুত্বপূৰ্ণ।বিগত আগষ্ট মাহত তেওঁক উৰিষ্যা,পশ্চিম বংগ আৰু তেলেংগানাৰ ৰাষ্ট্ৰীয় সম্পাদকৰ দায়িত্ব দিয়া হৈছিল।উল্লেখ্য যে এই তিনিওখন ৰাজ্যতে বিৰোধী দল ক্ষমতাত আছে৷বাঞ্চাল স্কুলীয়া দিনৰ পৰাই আৰএছএছৰ লগত জড়িত।বিজেপিৰ এই বিশেষ গোটটোৰ আন এগৰাকী সদস্য হৈছে বিনোদ টাৱৰে।টাৱৰেক বিগত মহাৰাষ্ট্ৰৰ বিধানসভাৰ নিৰ্বাচনত ফাৰ্ণাভিছৰ প্ৰতিন্দন্দ্বী বুলি ভাৱি কৌশলপূৰ্ণভাৱে একাষৰীয়া কৰা হৈছিল।ফাৰ্ণাভিছৰ নেতৃত্বত গঠিত চৰকাৰত তেওঁক বিদ্যালয় শিক্ষা,চিকিৎসা শিক্ষা আৰু উচ্চ প্ৰযুক্তি বিভাগৰ মন্ত্ৰীৰ দায়িত্ব প্ৰদান কৰা হৈছিল৷তদুপৰি আন কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰ যেনে ক্ৰীড়া,সংস্কৃতি আৰু মাৰাঠী ভাষা উন্নয়ন দপ্তৰৰ মন্ত্ৰী হিচাপেও দায়িত্ব চম্ভালিছিল তেওঁ।কিন্তু নিজৰ বিভাগৰ দায়িত্ব সুচাৰুৰূপে চম্ভলা টাৱৰেক ২০১৯ চনৰ নিৰ্বাচনত দলীয় প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰা হ’ল।কোনো প্ৰতিবাদ নকৰাকৈ তেওঁ দলৰ সংগঠন মজবুত কৰাত ব্যস্ত হৈছিল আৰু বিজেপি প্ৰাৰ্থী সুনীল ৰাণেক জয়ী কৰোৱাত ব্যস্ত হৈ পৰিছিল।তেওঁৰ সেই ধৈৰ্য গুণৰ বাবেই তেওঁক ২০২০ চনত নাড্ডাৰ টীমৰ ৰাষ্ট্ৰীয় সম্পাদক আৰু ২০২১ চনত ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ দায়িত্ব দিছিল দলটোৱে। সংগঠন শক্তিশালী কৰা আৰু নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰাত অত্যন্ত দক্ষ হিচাপে পৰিগণিত হৈছে তেওঁ ।এই গোটৰ আন এগৰাকী সদস্য হৈছে তৰুণ চুঘ৷চুঘ আছিল অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্য।২০২০ চনৰ পৰা তেওঁ তেলেংগানাৰ বিজেপিৰ দায়িত্বত আছে।তেলেংগানাত বিজেপিৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত গুৰু দায়িত্ব লৈ আহিছে তৰুণ চুঘে৷তেওঁক নতুনকৈ এক দায়িত্ব অৰ্পণ কৰা হৈছে।সেই অনুসৰি তেওঁ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে কোন ৰাষ্ট্ৰীয় নেতা ক’লৈ যাব সেই দিনপঞ্জী প্ৰস্তুত কৰিব।
মুঠ কথাত এই ৩গৰাকী নেতাৰ ওপৰতেই বিজেপি দলৰ সফলতা অথবা বিফলতা নিৰ্ভৰ কৰিব ২০২৪ চনত !
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.
Prev Post
Next Post