Investigative reporting with dedication.
ভাৰতক ‘ভাল’ নালাগে ?
ৰাজ্যসভাত প্ৰকাশ পাইছে এক উদ্বেগজনক তথ্য।লক্ষ লক্ষ ভাৰতীয়ই নাগৰিকত্ব ত্যাগ কৰিছে ভাৰতৰ।২০১১ চনৰ পৰা মুঠ ১৬ লাখ ভাৰতীয়ই দেশৰ নাগৰিকত্ব ত্যাগ কৰি আন বিদেশী ৰাষ্ট্ৰৰ নাগৰিকত্ব গ্ৰহণ কৰিছে।বিগত বৰ্ষত অৰ্থাৎ ২০২২চনত মুঠ ২,২৫,৬২০ জন ভাৰতীয়ই নাগৰিকত্ব ত্যাগ কৰিছে।ৰাজ্যসভাত বৃহস্পতিবাৰে বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী এছ জয়শংকৰে বিৰোধীৰ এক প্ৰশ্নৰ উত্তৰত এই উদ্বেগজনক তথ্য সদৰী কৰে।

