সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বোমাত উৰিল CNF ৰ কাৰ্যালয়

ম্যানমাৰ মিলিটেৰীৰ আক্ৰমণত তচনচ হৈছে CNF ৰ মুখ্য কাৰ্যালয়।ভাৰত-ম্যানমাৰ সীমান্তত অবস্থিত CNF ৰ মুখ্য কাৰ্যালয়ত YAK -130 আৰু MIG -29 দুখন জেট বিমানেৰে ভয়ংকৰ আক্ৰমণ চলাই ম্যানমাৰ সেনাই।CNF ৰ মুখপাত্ৰ চালাই এইছটেট নীয়ে ম্যানমাৰ নাওক দিয়া এক সাক্ষাৎকাৰত কয় “ম্যানমাৰ এয়াৰফৰ্চৰ এখন গুপুত তালিকা বিগত নবেম্বৰত প্ৰকাশ পাইছিল৷সেই তালিকাত CNF ৰ কাৰ্যালয়ৰ ওপৰত আক্ৰমণ হোৱাৰ তথ্য সন্নিৱিষ্ট আছিল।”CNF ৰ মুখপাত্ৰজনে কয় “ম্যানমাৰ সেনাৰ লক্ষ্য আছিল মুঠ ১৪ টা স্থানত।এই লক্ষ্যস্থানবোৰৰ ভিতৰত CNF ৰ মূল কাৰ্যালয়ো আছিল।আমি জানিব পাৰিছোঁ যে তেওঁলোকে আগতেই স্থিৰ কৰি থোৱা লক্ষ্যতেই আক্ৰমণ কৰিছে।” এই আক্ৰমণৰ ঘটনাত লেফটেনেণ্ট এনগান এইছলাই পাৰ , ভেন ৰ’ পিয়াং,ছ্যু লেন পাৰ,কিল মাং আৰু ডুহ টিন গুৰুতৰভাৱে আহত হৈছে।ইতিমধ্যে ভাৰত -ম্যানমাৰ সীমান্তৰ গঞা লোকে নিজ গৃহ এৰি পলায়ন কৰিছে।মিজো সীমান্তৰ প্ৰায়সংখ্যক লোকে ইতিমধ্যে ঘৰ এৰি পলায়ন কৰিছে।

Leave A Reply

Your email address will not be published.