সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বেয়া বছৰ হ’ব নেকি ২০২৩ বৰ্ষটো ?

●নৱজ্যোতি গগৈ

একবিংশ শতিকাৰ আটাইতকৈ বেয়া বছৰ হ’ব পাৰে ২০২৩ বৰ্ষটো । ২০২২ বৰ্ষৰ কৰ্মফল ভুগিব লাগিব ২০২৩ বৰ্ষই ! হ’ব পাৰে অকাল মৃত্যু ! মন্দাৱস্থাই কাঢ়িব পাৰে চাকৰি ! বৃদ্ধি পাব গোলকীয় উষ্ণতা ।২০২২ বৰ্ষত ঘটিল বহু অনাকাংক্ষিত ঘটনা -দুৰ্ঘটনা । ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে সংঘটিত হ’ল অবাঞ্চিত পৰিৱৰ্তন। বৃদ্ধি পালে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা।অব্যাহত থাকিল কৰ’না মহামাৰী ।সংঘটিত হ’ল ৰুছ-ইউক্ৰেইন যুদ্ধ ।
২০২২ বৰ্ষৰ এই সমূহ ঘটনা পৰিঘটনাৰ প্ৰভাৱ সুদূৰ প্ৰসাৰী হ’ব ২০২৩ বৰ্ষত । ২০২৩ বৰ্ষই ভুঞ্জিব লাগিব ইয়াৰ ফলাফল । অৰ্থাৎ বিশ্ববাসীৰ বাবে দুৰ্ভাগ্যজনক হ’ব পাৰে ২০২৩ বৰ্ষটো।কিয়নো ২০২২ বৰ্ষত সংঘটিত হোৱা নানান ঘটনাৰ শেষ পৰিণতি ২০২৩ বৰ্ষত । প্ৰকৃততে কি কি প্ৰভাৱ পৰিব ২০২৩ বৰ্ষত ? ২০২২ বৰ্ষত সংঘটিত হোৱা ঘটনাৰ পাৰ্শ্বক্ৰিয়া সমূহ কেনেকৈ ২০২৩ বৰ্ষই বুকু পাতি গ্ৰহণ কৰিব লাগিব ?
কোভিড-১৯ৰ প্ৰভাৱ থাকিব ২০২৩ বৰ্ষত !
ৰাছিয়া-ইউক্রেইন যুদ্ধই কপাঁব পাৰে বিশ্ব !
বৃদ্ধি হ’ব মানুহৰ অকাল মৃত্যু!
বৃদ্ধি পাব গোলকীয় উষ্ণতা।
দামবৃদ্ধিয়ে কোঙা কৰিব সাধাৰণ জনতাক।
বিশ্বজুৰি বৃদ্ধি পোৱা আকাশলঙ্ঘী মূল্যবৃদ্ধিৰ ফলত সামগ্ৰীৰ চাহিদা হ্ৰাস পাব আৰু উৎপাদন কমি অহাৰ লগে লগে কৰ্মচাৰীয়ে হেৰুৱাব চাকৰি । ফলত বৃদ্ধি পাব নিবনুৱা সমস্যা। ইত্যাদি বহু সমস্যাই আৱৰি ধৰিব পাৰে ২০২৩ বৰ্ষটোক। ২০২২ বৰ্ষৰ যিসমূহ ঘটনা সংঘটিত হ’ল তাৰ পোনপটীয়া প্ৰভাৱ অৰ্থাৎ ফলাফল ২০২৩ বৰ্ষত । উল্লেখ্য যে ২০২২ বৰ্ষত ভাৰতৰ লগতে সমগ্ৰ বিশ্বত দেখিবলৈ পোৱা গৈছিল মানুহৰ আকস্মিক মৃত্যু।হৃদৰোগত আক্ৰান্ত হৈ মানুহে খেলি থকাৰ অৱস্থাতেই হওক কিম্বা নাচি থকাৰ অৱস্থাতেই হওক হঠাৎ মৃত্যুক আঁকোৱালি লৈছিল বহু লোকে ।বিশেষকৈ ২০২২ বৰ্ষত তেনে ঘটনা বেছিকৈ পোহৰলৈ আহিছিল।ভাৰতৰ বহু ঠাইত তেনে কৰুণ ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছিল ।তাৰ প্ৰভাৱ ২০২৩ বৰ্ষটো যে নাথাকিব তাক নুই কৰিব নোৱাৰি।এই খিনিতে বিশেষ মন কৰিবলগীয়া যে ২০১৯ বৰ্ষৰ পৰা আদি কৰি বৰ্তমানলৈ অৰ্থাৎ ২০২২ বৰ্ষলৈ কোভিড – ১৯ ৰ ব্যাপক প্ৰভাৱ পৰিলক্ষিত হয়।অত্যধিক চিকিৎসাবিজ্ঞানৰ পিছতো কোনো ক্ষেত্ৰত ক’ৰোনাক মষিমূৰ কৰিব নোৱাৰিলে।শেহতীয়াকৈ পুনৰ কোভিড – ১৯ ৰ নতুন ভেৰিয়েন্ত বিএফ.৭ৰ সন্ত্ৰাস তীব্ৰতৰ হৈছে।যিয়ে বৰ্তমান ২০২৩ বৰ্ষত যে সন্ত্ৰাস সৃষ্টি নকৰিব তাৰ সন্দেহ নাই।চিকিৎসাবিজ্ঞানৰ গৱেষণা অনুসৰি ২০২০-২১ বৰ্ষত ক’ৰোনাৰ সময়ত বৃহৎ সংখ্যক বৃদ্ধ লোক আৰু ৰুগীয়া মানুহৰ মৃত্যু হৈছিল।সমান্তৰালকৈ আকস্মিকভাৱে মৃত্যু হোৱা বেছিভাগ লোক হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়।লণ্ডনৰ কুইন্স মেৰী বিশ্ববিদ্যালয়ৰ এক অধ্যয়ন অনুসৰি, ইংলেণ্ডৰ কোভিড ৰোগীৰ তেজ গোট মৰাৰ ঘটনা ২৭ গুণ বৃদ্ধি পাইছে, হৃদযন্ত্ৰ বিকল হোৱাৰ ঘটনা ২১ গুণ বৃদ্ধি পাইছে আৰু ষ্ট্ৰোকৰ ঘটনা ১৭ গুণ বৃদ্ধি পাইছে। ইংলেণ্ডত ক’ৰোনাৰ আগতে কোনো ৰোগীয়ে হৃদযন্ত্ৰৰ চিকিৎসাৰ বাবে ১ বছৰতকৈ অধিক সময় অপেক্ষা কৰিব লগা হোৱা নাছিল। কিন্তু আগষ্ট ২০২২ত ৭,০০০ লোকে হৃদযন্ত্ৰৰ চিকিৎসাৰ বাবে এবছৰৰ বাবে অপেক্ষা কৰি আছে। অৰ্থাৎ কোভিডৰ পিছত মানৱ শৰীৰত হৃদৰোগৰ সংখ্যা অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে।যিয়ে অনাগত দিনত কোভিড নহ’লেও মানুহ হৃদৰোগত আক্ৰান্ত হ’ব আৰু মানুহৰ আকস্মিক মৃত্যু হ’ব ।আনহাতে ২০২৩ বৰ্ষত প্ৰভাৱ পৰিব পৰা আন এক গুৰুত্বপূৰ্ণ বিষয় হৈছে যে ৰাছিয়া ইউক্রেইন যুদ্ধ।যি যুদ্ধত সম্ভৱত ব্যৱহৃত হ’ব পাৰে পৰমাণুশক্তিৰ।অৰ্থাৎ ৰাছিয়া আৰু ইউক্ৰেইন যুদ্ধ পাৰমাণৱিক যুদ্ধলৈ ৰূপান্তৰ হ’ব পাৰে ।যিয়ে সমগ্ৰ বিশ্বতে বিস্তৰ ক্ষতি সাধন কৰিব ।উল্লেখ্য যে ২০২২ চনৰ ২৪ ফেব্ৰুৱাৰীত ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত এক বিশেষ সামৰিক অভিযান আৰম্ভ কৰে।বেছিভাগ যুদ্ধ বিশেষজ্ঞই বিশ্বাস কৰিছিল যে ইউক্ৰেইন ৪৮ ঘণ্টাৰ ভিতৰত আত্মসমৰ্পণ কৰিব, কিন্তু সেয়া হৈ নুঠিল।তাৰ পৰিৱৰ্তে বৰ্তমানো এই যুদ্ধ অব্যাহত আছে । য’ত দুয়োখন দেশৰ বিস্তৰ ক্ষতি হৈছে ।আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ব্ৰিটেইনৰ দৰে দেশবোৰে ইউক্ৰেইনলৈ বিলিয়ন ডলাৰ মূল্যৰ অস্ত্ৰ প্ৰেৰণ কৰিছে আৰু ২০২৩ চনত সহায় অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ।ইয়াৰ ফলত এক পাৰমাণৱিক যুদ্ধ হোৱাৰ সম্ভাৱনা অধিক।যিয়ে লাখ লাখ লোকৰ জীৱন ধ্বংস কৰিব আৰু পৃথিৱী সলনি হোৱাৰ লগতে সভ্যতাৰ পৰা বহু বছৰ পিছুৱাই যাব ।২০২৩ বৰ্ষত মন্দাৱস্থাৰ সম্ভাৱনা অধিক, চমু অৰ্থত নিবনুৱা।বিশ্ব অৰ্থনৈতিক লীগ তালিকা ২০২৩ৰ পৰা এই বিবৃতি অনুসৰি – “যদিও ২০২২ চনত বিশ্বৰ অৰ্থনীতিয়ে ১০০ ট্ৰিলিয়ন ডলাৰৰ সীমা অতিক্ৰম কৰিছিল, যদি ২০২৩ চনত মুদ্ৰাস্ফীতিৰ বিৰুদ্ধে যুঁজিবলৈ সূতৰ হাৰ বৃদ্ধি হৈ থাকে, তেন্তে ২০২৩ চনত মন্দাৱস্থা হ’ব।অৰ্থনৈতিক আৰু ব্যৱসায় গৱেষণা কেন্দ্ৰৰ মতে, বহুতো দেশে ২০২৩ চনত মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰিবলৈ সূতৰ হাৰ বৃদ্ধি কৰাৰ সূত্ৰ অব্যাহত ৰাখিব।” অৰ্থাৎ যেতিয়া বেঙ্কবোৰে সূত বৃদ্ধি কৰে, মানুহে ঋণ হ্ৰাস কৰি সঞ্চয় কৰা আৰম্ভ কৰে। তেতিয়াই বজাৰত সামগ্ৰীৰ চাহিদা হ্ৰাস পায়।মূলত নিম্ন চাহিদা আৰু কম মুদ্ৰাস্ফীতি। উল্লেখ্য যে বিশ্বব্যাপী বিকাশৰ হাৰ যি ২০২১ চনত ৬% আছিল তাৰ বিপৰীতে ২০২২ চনত ৩.২% লৈ হ্ৰাস পাইছে আৰু ২০২৩ চনত .২.৭% লৈ হ্ৰাস পোৱাৰ আশংকা। এই তথ্য ২০০১ চনৰ পিছত আটাইতকৈ দুৰ্বল বিকাশৰ এক তথ্য।কৰ’নাৰ পিছত ২০২৩ বৰ্ষত হয়তো পুনৰ আহিব পাৰে আন এক ভাইৰাছ ।যাৰ নাম চুপাৰবাগ । এই ভাইৰাছে হয়তো ২০২৩ বৰ্ষত ভাবুকিৰ সৃষ্টি কৰিব পাৰে ।মন কৰিলগীয়া যে বিগত কেইবছৰমানত চিকিৎসা বিজ্ঞানৰ বাবে চুপাৰবাগ এক ডাঙৰ প্ৰত্যাহ্বান হিচাপে আত্মপ্ৰকাশ কৰিছে। কৰোনা ভাইৰাছৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিয়ে ইয়াক অধিক বিপদজনক কৰি তুলিছে। চিকিৎসা আলোচনী লেঞ্চেটৰ এক প্ৰতিবেদনত দাবী কৰা হৈছে যে যদি পৰিস্থিতি উন্নত নহয় তেন্তে চুপাৰবাগ নামৰ ভাইৰাছ বিধে প্ৰতি বছৰে ১০ নিযুত লোকৰ মৃত্যু ঘটাব পাৰে।তাৎপৰ্যপূৰ্ণভাৱে ৩১ ডিচেম্বৰ, ২০২২ লৈকে ক’ৰোনাৰ পৰা প্ৰায় ৬০ লাখ লোকৰ মৃত্যু হৈছে।আনহাতে ২০২৩ বৰ্ষত অত্যাধিক বৃদ্ধি পাব গোলকীয় উষ্ণতা। ক’ৰবাত যদি অতি গৰম, ক’ৰবাত আকৌ ধাৰাসাৰ বৰষুণ ।ক’ৰবাত খৰাং আৰু ক’ৰবাত শীতৰ প্ৰকোপ। ইয়াৰ অৰ্থ ২০২৩ চনত অত্যাধিক বতৰৰ পৰিবৰ্তন হোৱা দেখিবলৈ পোৱা যাব। বিশ্ব বতৰ পৰিস্থিতি অনুসৰি ২০২২ বৰ্ষত পাকিস্তানৰ এক-তৃতীয়াংশ বানপানীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছিল। এই বানপানীত ১,০০০ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছিল।সমান্তৰালকৈ গ্ৰীষ্মৰ মাহত চীনবাসী ইতিহাসৰ আটাইতকৈ গৰম তাপ প্ৰবাহৰ সন্মুখীন হৈছিল।লগতে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাত শেহতীয়াকৈ হোৱা হিম প্ৰবাহ, ঘূৰ্ণীবতাহ, যিয়ে দুয়োখন দেশৰ বৃহৎ অংশ বৰফৰ আচ্ছাদনে আৱৰি ৰখাৰ ফলত প্ৰায় ৬০ জনৰো অধিক লোকে প্ৰাণ হেৰুৱাই আৰু ২৫ কোটিতকৈও অধিক লোক ক্ষতিগ্ৰস্ত হৈছিল। আমেৰিকাৰ পৰিস্থিতি বৰ্তমানো সুস্থ তথা সম্পূৰ্ণ স্বাভাৱিক নহয়। ২০২২ বৰ্ষত সংঘটিত হোৱা এনে অনকাংশিত ঘটনাৰ পূৰ্ণ প্ৰভাৱ পৰিব ২০২৩ বৰ্ষত। যাৰ বাবে প্ৰতিজন নাগৰিক সজাগ আৰু সচেতন হোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে । প্ৰকৃতিৰ ভাৰসাম্যতা ৰক্ষা কৰি পৃথিৱীত জীৱন নিবাস কৰাৰ সময় আহি পৰিছে ।অন্যথা প্ৰকৃতিয়ে ঘটাব পাৰে অঘটন । মূলতঃ ২০২৩ বৰ্ষটো ভবাতকৈ হয়তো নহ’ব পাৰে শান্তিময় পৰিৱেশ আৰু সুস্থিৰতাৰ বাতাবৰণ ।

- Donation -

Leave A Reply

Your email address will not be published.