বিধান সভাত গৃহীত হ’ল ৰাজ্যৰ তিনি জনগোষ্ঠীৰ স্বায়ত্ব শাসিত পৰিষদ

বিধান সভা অধিবেশনত আজি মৰাণ, মটক আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ স্বায়ত্ব শাসিত পৰিষদ গঠনৰ প্ৰস্তাৱ গৃহীত হ’ল। তিনিওটা জনগোষ্ঠীয়ে সুদীৰ্ঘ দিন ধৰি স্বায়ত্ব শাসনৰ প্ৰস্তাৱ উত্থাপন কৰি আহিছিল।

অৱশ্যে UNI নামৰ নিউজ এজেন্সিৰ এক বাতৰি অনুসৰি কোচ ৰাজবংশী জনগোষ্ঠীৰ স্বায়ত্ব শাসিত পৰিষদৰ বিধেয়ক খনৰ নাম ‘কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ বিধেয়ক,২০২০’ ৰখাক কেন্দ্ৰ কৰি বিৰোধীয়ে চৰকাৰক পৃথক ৰাজ্যৰ দাবীক বৈধতা দিয়া বুলি সমালোচনা কৰে।

Leave a Reply

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে