বিদেশত ঘাটি পাতি স্বদেশত সন্ত্ৰাসৰ আঁচনি

নিয়াই খালিস্তানী সন্ত্ৰাসবাদীৰ এক বৃহৎ নেটৱৰ্কৰ লগত জড়িত ৬ জনক বুধবাৰে গ্ৰেপ্তাৰ কৰে“।দেশজুৰি চলা নিয়াৰ তালাচীত এই ৬ জন সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ হয়।ধৃত সন্ত্ৰাসবাদী কেইটা লৰেন্স বিষ্ণয়,জগু ভগৱানপুৰীয়া,গল্ডী ব্ৰাৰ,অৰ্শ দালাৰ ঘনিষ্ঠ সহযোগী বুলি জানিব পৰা গৈছে।উল্লেখ্য যে নেশ্যনেল ইনভেষ্টিগেটিভ এজেন্সি চমুকৈ নিয়াই সমগ্ৰ দেশৰ ৭৬ টা স্থানত অভিযান চলাইছিল৷পঞ্জাৱ,হাৰিয়ানা,ৰাজস্থান,উত্তৰ প্ৰদেশ,দিল্লী,মহাৰাষ্ট্ৰ আৰু মধ্য প্ৰদেশৰ বিভিন্ন প্ৰান্তত নিয়াই তালাচী চলাইছিল।ৰাজস্থানৰ শ্ৰী গংগানগৰৰ পৰা ভাটিন্দাৰ খকাৰক গ্ৰেপ্তাৰ কৰা হৈছে৷খকাৰৰ কানাডাৰ অৰ্শ দালাৰ লগত এক সুসম্পৰ্ক ৰক্ষা কৰিছিল৷ অৰ্শ দালাৰ পৰা খকাৰে আৰ্থিক সাহাৰ্য লাভ কৰাৰ লগতে মাৰণাস্ত্ৰ ক্ৰয়ৰ বাবেও ধন লাভ কৰিছিল।নিয়াৰ তদন্তত এই কথা প্ৰকাশ পাইছে যে ভাৰতত সক্ৰিয় হৈ থকা বহুবোৰ অপৰাধীয়ে ইতিমধ্যে পাকিস্তান,কানাডা,মালয়েছিয়া,ফিলিপাইনছ,অষ্ট্ৰেলিয়া আদি দেশত আশ্ৰয় লৈছে আৰু তাৰপৰাই অপৰাধী কাৰ্যকলাপ সংঘটিত কৰাৰ আঁচনি তৈয়াৰ কৰি আছে।এই গোটবোৰে ধনদাবী,অস্ত্ৰ ক্ৰয়ৰ দৰে কাৰ্যৰ লগত জড়িত হোৱাৰ ওপৰিও আৰু হাৱালাৰ জৰিয়তে ধনৰ লেনদেন কৰে।নিয়াৰ মুখপাত্ৰগৰাকীৰ মতে খকাৰে দালাৰ হৈ ভাৰতত কাম কৰি আছে আৰু অস্ত্ৰশস্ত্ৰ ক্ৰয়,বিস্ফোৰক সৰবৰাহ,আইডি আদি সৰবৰাহৰ লগত জড়িত হৈ আছে৷নিয়াই ইতিমধ্যে গ্ৰেপ্তাৰ কৰা সদস্য সকলৰ ভিতৰত আছে কৌশল চৌধুৰী,অমিত ডাগৰ,সুখপ্ৰীত সিং,ভূপি ৰাণা,নীৰজ বাৱানা,নবীন বালি,সুনীল বালয়ান।নিয়াৰ মুখপাত্ৰগৰাকীৰ মতে চুৰেন্দাৰ চৌধুৰী আৰু দালীপ বিষ্ণয় লৰেন্স বিষ্ণয় আৰু জগ্গু ভগৱানপুৰীয়াৰ ঘনিষ্ঠ সহযোগী।লৰেন্স বিষ্ণয় আৰু জগ্গু ভগৱানপুৰীয়া কানাডা নিবাসী গল্ডী ব্ৰাৰ ঘনিষ্ঠ।তেওঁলোকে ধনদাবী,সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত থকাৰ লগতে লৰেন্স বিষ্ণয়ৰ গোটৰ সদস্য।বিগত আগষ্ট মাহতে নিয়াই এই সম্পৰ্কত এক গোচৰ তৰিছিল।উল্লেখ্য যে পঞ্জাৱৰ প্ৰসিদ্ধ গায়ক সিদ্ধু মুচেৱালাৰ হত্যাকাণ্ডৰ লগত লৰেন্স বিষ্ণয় গোট জড়িত থকাৰো অভিযোগ আছে।বিগত বৰ্ষৰ ২৯ মে’ত মুছেৱালাক মাত্ৰ ২৯ বছৰ বয়সতে হত্যা কৰিছিল অচিনাক্ত বন্দুকধাৰীয়ে।

Leave a Reply

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে