সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বিজেপিক বচাব পাৰিবনে ইউনিফৰ্ম চিভিল কোডে ?

মণিপুৰ জ্বলি আছে , আইন শৃংখলা অস্তিত্বহীন , উগ্ৰপন্থীৰে বিজেপি নেতাৰ যোগাযোগৰ অভিযোগ , তাৰ মাজতে এইবাৰ দেশৰ ৰাজনীতিলৈ আমদানি কৰা হৈছে এক নতুন বিতৰ্কৰ। হিন্দুত্ব আৰু নৰেন্দ্ৰ মোদীৰ সহায়ত বিজেপিৰ নিৰ্বাচন বিজয় সম্ভৱ নহয় বুলি আৰ এছে এছে সকীয়ণি দিয়াৰ পাছতেই ইউনিফৰ্ম চিভিল কোডক লৈ নতুন বিতৰ্কৰ সূচনা কৰিব বিচাৰিছে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে। ইয়াৰ বাবে ল কমিছন অৱ ইন্ডিয়াই নাগৰিকৰ লগতে স্বীকৃতিপ্ৰাপ্ত ধৰ্মীয় সংগঠনৰ পৰা মতামত আহ্বান কৰিছে ।বুধবাৰে এক বিবৃতিযোগে ল কমিছন অৱ ইন্ডিয়াই কয় যে কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰালয়ৰ পৰামৰ্শমতেই ল কমিছন অৱ ইন্ডিয়াই ইউনিফৰ্ম চিভিল কোডৰ বিষয়টো পৰ্যালোচনা কৰিবলৈ আগবাঢ়িছে ।ইয়াৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা ৩০ দিনৰ ভিতৰত মতামতৰ আহ্বান জনাইছে ল কমিছনে ।ইয়াৰ লগে লগে দেশৰ ৰাজনীতিত এক নতুন বিতৰ্কই পাতনি মেলাটো নিশ্চিত হৈ পৰিছে ।কিয়নো ইউনিফৰ্ম চিভিল কোড বলবৎ হোৱা মানেই ধৰ্মীয় আইন সমূহৰ বিলুপ্তি ঘটিব।ইউনিফৰ্ম চিভিল কোডৰ ধাৰনাটোৱে এক দেশ এক আইনৰ ওপৰত আধাৰিত ।ইয়াৰ জড়িয়তে সকলো ধৰ্ম আৰু সকলো সম্প্ৰদায়ৰ লোকক এখন আইনৰ আওতালৈ অনা হ’ব ।বিবাহ , সম্পত্তিৰ অধিকাৰ , ব্যক্তিগত বিষয় সকলো সোমাই পৰিব এখন আইনৰ আওতাত।মন কৰিবলগীয়া কথাটো হ’ল , ভাৰত এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে সকলো ধৰ্মৰ লোকৰ নিজৰ ধৰ্মীয় পন্থা অনুসৰি আইন প্ৰস্তুত কৰাৰ অধিকাৰ আছিল ।সেই মতেই বিবাহ , সম্পত্তিৰ অধিকাৰ আদি বিষয়ত নিজৰ নিজৰ ধৰ্ম অনুসাৰে আইন মানি আহিছিল ।উদাহৰণ স্বৰূপে , ভাৰতত দুই প্ৰকাৰৰ পাৰ্ছনেল ল’ আছে ৷ ইয়াৰে প্ৰথমখন হ’ল – হিন্দু মেৰেজ এক্ট ৷ যি আইন হিন্দুৰ লগতে শিখ , জৈন আদি ধৰ্মৰ ক্ষেত্ৰতো প্ৰযোজ্য ।ইয়াৰ বাহিৰে মুছলমান সকলৰ বাবে আছে মুছলিম পাৰ্ছনেল ল’। কিন্তু ইউনিফৰ্ম চিভিল কোড বলবৎ হোৱাৰ লগে লগে এনে পাৰ্ছনেল ল’ৰ অৱসান ঘটিব আৰু সকলো লোকেই একেখন আইনৰ আওতালৈ আহিব । ল’ কমিছন অৱ ইন্ডিয়াই ইয়াৰ বাবে ৩০ দিনৰ ভিতৰত মতামতৰ আহ্বান জনাইছে । সন্দেহ নাই যে ৰাজস্থান , মধ্যপ্ৰদেশ আৰু চট্টিছগড়ৰ নিৰ্বাচনৰ পূৰ্বে ইউনিফৰ্ম চিভিল কোডক লৈ নতুন হৈ চৈৰ সৃষ্টি কৰিবৰ বাবেই ল’ কমিছন অৱ ইন্ডিয়াক ব্যৱহাৰ কৰা হৈছে।ইতিমধ্যে গুজৰাট , উত্তৰাখণ্ড আৰু মধ্যপ্ৰদেশ চৰকাৰে ইউনিফৰ্ম চিভিল কোড বলবৎ কৰিবলৈ নিজৰ নিজৰ ৰাজ্যত সমিতি গঠন কৰিছেই। হাৰিয়ানা , অসম , মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশেও নিজ ৰাজ্যত ইউনিফৰ্ম চিভিল কোড বলবৎ কৰাৰ ইংগিত দিছে।তাৰ মাজতে ল’ কমিছন অৱ ইণ্ডিয়াই গ্ৰহণ কৰা পদক্ষেপক আশ্চৰ্যজনক বুলি অভিহিত কৰিছে ৷ এক বিবৃতিত কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কয় যে ল’ কমিছন নিজৰ ঐতিহ্যৰ প্ৰতি সচেতন হ’ব লাগে।ল’ কমিছনে মনত ৰাখিব লাগে যে দেশৰ স্বাৰ্থ আৰু বিজেপিৰ উচ্চাকাংক্ষা একে নহয়।এনেদৰেই বজৰংগৱলী , হিজাবৰ পাছত এনেদৰেই এতিয়া ৰাষ্ট্ৰীয় ৰাজনীতিত নতুন বিতৰ্কৰ বিষয় হৈ উঠিছে ইউনিফৰ্ম চিভিল কোড।

 

Leave A Reply

Your email address will not be published.