সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

প্ৰধানমন্ত্ৰী মোডীক লৈ অসন্তুষ্ট RSS !

শাসক দল বিজেপি আৰু RSS ৰ মাজৰ সম্পৰ্ক সৰ্বজনবিদিত  । বিজেপি দলটোৰ বহুবোৰ দিশ নিয়ন্ত্ৰণ কৰে RSS এ । RSSৰ অনুমোদনতেই দেশত ২০১৪ চনত প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল নৰেন্দ্ৰ মোডী । ২০১৪ চনত বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ ক্ষেত্ৰত যথেষ্ট বৰঙনি আছিল RSS ৰ । আনকি প্ৰতিটো নিৰ্বাচনতেই প্ৰাৰ্থিত্ব নিৰ্বাচনৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰি আহিছে সংগঠনটোৱে  ।  মঙলবাৰে দছেৰা উপলক্ষে উলিওৱা ৰেলীত অংশগ্ৰহণ কৰি বহু কথাই ক’লে মোহন ভগৱতে । মোহন ভগৱতে সকলোকে নিজৰ বুলি ভাবি আগবঢ়াৰ পৰামৰ্শ দিছে তেওঁৰ ভাষণত । অৱশ্যে তেওঁৰ এই ভাষণত তেওঁ নিজা সংগঠন RSS ক ইংগিত কৰিছে নে বিজেপিক ইংগিত কৰিছে সেয়া স্পষ্টকৈ কোৱা টান । উল্লেখ্য যে বিজেপি দলৰ নেতৃবৃন্দই এটা বিশেষ ধৰ্মাৱলম্বীক লৈ কটাক্ষ কৰি অহাৰ লগতে ২০% আৰু ৮০% ৰ বিষয়টো প্ৰায়ে উত্থাপন কৰি আহিছে । ২০১৭ চনৰ উত্তৰ প্ৰদেশৰ মীৰাটত অনুষ্ঠিত RSS ৰ এখন সভাত দলিত,অন্যান্য পিছপৰা শ্ৰেণী ,জনজাতীয় লোক সকলোৰে অংশগ্ৰহণ আছিল লক্ষ্যণীয় ।ৰাষ্ট্ৰীয় স্বয়ংসেৱক দলে প্ৰায়ে বিভিন্ন বিষয়ত শাসক দল বিজেপিক সকীয়াই আহিছে । RSSৰ মুখপত্ৰটো আনকি বিজেপি দলক আগন্তুক লোকসভা নিৰ্বাচনত কোনো বিশেষ ব্যক্তিক প্ৰাধান্য দি বা বিশেষ ব্যক্তিক আগবঢ়াই দি নিৰ্বাচনী যুঁজত অৱতীৰ্ণ নহ’বলৈ আহ্বান জনাইছে । অৱশ্যে RSS এ এই ক্ষেত্ৰত প্ৰত্যক্ষভাৱে প্ৰধানমন্ত্ৰী মোডীৰ নাম উল্লেখ নকৰিলেও বিগত নিৰ্বাচনবোৰত প্ৰধানমন্ত্ৰীৰ মোডীৰ মুখক লৈ বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বিষয়টোক লৈ বিজেপি যে অসন্তুষ্ট সেইটো একপ্ৰকাৰ স্পষ্ট হৈছে । উল্লেখ্য যে বিগত কৰ্ণাটক আৰু হিমাচল প্ৰদেশৰ নিৰ্বাচনত প্ৰধানমন্ত্ৰী মোডীৰ মুখকলৈ বিজেপি দলটো নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছিল । ৰাজ্য দুখনৰ কোনো এখনতেই মুখ্যমন্ত্ৰী পদৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাছিল বিজেপি দলে । বৰ্তমান মধ্যপ্ৰদেশ,ছত্তীশগড়,ৰাজস্থান আদি ৰাজ্যৰ নিৰ্বাচনী প্ৰচাৰ চলি আছে যদিও দলটোৱে কেৱল মোডীকেই সাৰথি হিচাপে লৈ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে । আনকি প্ৰধানমন্ত্ৰী মোডীয়ে নিৰ্বাচনী সভাবোৰত জনতাক উদ্দেশ্যি প্ৰতিশ্ৰুতি দিওঁতে মোডী মানেই গেৰাণ্টী বুলি উল্লেখ কৰিছিল ।কেৱল সেয়াই নহয়,ৰাজস্থানত প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে শিবিৰক গুৰুত্ব নিদিয়া আৰু স্বয়ং বসুন্ধৰা ৰাজেকে গুৰুত্ব নিদিয়া আৰু প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰিব বিচৰা প্ৰসংগটোৱে RSS শিবিৰক যথেষ্ট ক্ষোভিত কৰিছিল । RSSৰ হস্তক্ষেপৰ বাবেই অৱশেষত বসুন্ধৰা ৰাজে সিন্ধিয়াই প্ৰাৰ্থিত্ব লাভ কৰিবলৈ সক্ষম হয় ।

Leave A Reply

Your email address will not be published.