সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

নিজৰ ‘বেটী’কে বচাব নোৱাৰা বিজেপিয়ে ,ক’ত দেশৰ ‘বেটী ’ বচাব?

বিজেপিৰ কিষাণ মৰ্চাৰ সাধাৰণ সম্পাদিকা ইন্দ্ৰানী তহবিলদাৰৰ মৃত্যুৰ পিছত বিজেপি দলটোৰ নেতাসকলে পিন্ধি থকা মুখাবোৰ খোল খালে।ইখনৰ পিছত সিখন মুখা খোল খাইছে বিজেপি নেতাসকলৰ।নগদ ধনৰ বিনিময়ত চাকৰি দিব বুলি লাখ লাখ টকা সংগ্ৰহ কৰি পিছত চাকৰি দিব নোৱাৰাৰ বাবে ব্লেকমেইলিঙৰ সন্মুখীন হৈছিল বিজেপি নেত্ৰী ইন্দ্ৰানী তহবিলদাৰ৷অনুৰাগ চলিহা নামৰ এগৰাকী বিজেপি নেতাৰ লগত ইন্দ্ৰানী তহবিলদাৰৰ ঘনিষ্ঠ মুৰ্হুতৰ ফটো ভাইৰেল কৰিছিল বিজেপিৰে কিছুসংখ্যক নেতাই।সমাজৰ অপযশৰ পৰা পৰিত্ৰাণ পাবলৈকে ইন্দ্ৰানী তহবিলদাৰে নিজকে নিঃশেষ কৰাৰ সিদ্ধান্ত লৈছিল।ইন্দ্ৰানী তহবিলদাৰৰ মৃত্যুৰ পিছৰে পৰা নগদ ধনৰ বিনিময়ত চাকৰি দিব বুলি ধন সংগ্ৰহ কৰা বিয়াগোম বিয়াগোম বিজেপি নেতা জালত পৰিছে।একে সময়তে বেটী বচাও বেটী পঢ়াও বুলি শ্লোগান দি দেশত তালফাল লগোৱা বিজেপিৰো প্ৰকৃত স্বৰূপ খোল খাইছে।
শেহতীয়াকৈ বিজেপিয়ে দলৰ কাৰ্যালয়ত মহিলাৰ প্ৰৱেশৰ ক্ষেত্ৰত এক নিৰ্দিষ্ট সময় নিৰ্দ্ধাৰণ কৰি দিছে।সন্ধিয়া ৭ বজাৰ পিছত জৰুৰী কাম নাথাকিলে মুখ্য কাৰ্যালয়ত মহিলাৰ প্ৰৱেশত বাধা দিছে দলৰ কৰ্ণনিৰ্ধাৰক সমিতিয়ে।উল্লেখ্য যে বিজেপিৰ মুখ্য কাৰ্যালয় মহানগৰীৰ বশিষ্ঠত অৱস্থিত৷কাৰ্যালয়টো বিলাসী পঞ্চতাৰকা হোটেলৰ দৰে।প্ৰতিটো কোঠালিয়েই সুসজ্জিত৷ইয়াকে লৈ কটাক্ষ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।দলৰ কাৰ্যালয়ত চকী -মেজৰ পৰিবৰ্তে বিচনাৰ কি প্ৰয়োজন আছে বুলিও প্ৰশ্ন কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই !অৱশ্যে বিজেপিৰ মহিলা কৰ্মীৰ মৃত্যু অথবা হত্যাৰ ঘটনা এয়াই নতুন নহয়।ইয়াৰ আগতেও গোৱালপাৰা বিজেপিৰ সাধাৰণ সম্পাদিকা জোনালী নাথৰ ক্ষতবিক্ষত মৃতদেহ ৰাষ্ট্ৰীয় ঘাইপথত উদ্ধাৰ হৈছিল।বিগত জুন মাহত এইগৰাকী সক্ৰিয় বিজেপি কৰ্মীয়ে মৃত্যুক সাৱটি লৈছিল।সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ’ল ইন্দ্ৰানী তহবিলদাৰৰ মৃত্যুৰ প্ৰায় দুটা সপ্তাহ অতিক্ৰম কৰাৰ পিছতহে অসম বিজেপিৰ মহিলা মৰ্চাৰ সভাপতি আঙুৰলতা ডেকাই বিষয়টো সম্পৰ্কত মন্তব্য প্ৰকাশ কৰিছে।আঙুৰলতা ডেকাই শনিবাৰে এক সংবাদমেল সম্বোধন কৰি মহিলাসকল সাৱধান হ’ব লাগিব বুলি মন্তব্য প্ৰকাশ কৰে।স্বয়ং বিজেপি নেত্ৰীগৰাকীৰ বক্তব্যতেই যে মহিলাসকলৰ ক্ষেত্ৰত কিছু নীতি নিৰ্দেশনাৰ প্ৰয়োজনীয়তা জৰুৰী হৈ পৰিছে,সেইটো স্পষ্ট হৈছে।মুঠ কথাত বেটী বচাও বেটী পঢ়াও শ্লোগান দিয়া বিজেপিত নিজৰ কৰ্মীয়েই সুৰক্ষিত নহয়।দলৰ নেতাৰ দ্বাৰাই নিৰ্যাতিত হয় বিজেপিৰ মহিলা কৰ্মী।ইয়াৰ আগতেও লক্ষীমপুৰৰ বৰ্তমানৰ বিধাখয়ক মানৱ ডেকাৰ বিৰুদ্ধে নিৰ্যাতন আৰু হাৰাশাস্তিৰ অভিযোগ আনিছিল এগৰাকী বিজেপি কৰ্মীয়েই৷শেহতীয়া ইন্দ্ৰানী কাণ্ডৰ পিছত দলটোৱে লোৱা কঠোৰ সিন্ধান্তৰ পৰা এটা কথা স্পষ্ট হৈছে যে মহিলা কৰ্মীক দলৰ নেতৃত্বই সুৰক্ষা দিব নোৱাৰি প্ৰকাৰন্তৰে হাত দাঙিছে।

Leave A Reply

Your email address will not be published.