Investigative reporting with dedication.
নগাঁৱত যুগল নাট্য সন্ধিয়া
নগাঁৱত বিশ্ব নাট্য দিৱস উপলক্ষে বিশেষ নাট্য সন্ধিয়াৰ আয়োজন কৰা হৈছে।যুগল নাট্য সন্ধিয়াত দুগৰাকীকৈ শিল্পীৰ জৰিয়তে নাট প্ৰদৰ্শন।বিশ্ব নাট্য দিৱসৰ সৈতে সংগতি ৰাখি নগাঁৱত অনুষ্ঠিত হ’ল নাট্য সন্ধিয়া ।নগাঁৱৰ পৰিবেশ্য কলাৰ অন্যতম অনুষ্ঠান “সূত্ৰধাৰ”ৰ উদ্যোগত নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই নাট্যানুষ্ঠান। মঙলবাৰৰ সন্ধিয়াৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এই নাট্য সন্ধিয়াৰ বিশেষ বৈশিষ্ট্য হৈছে যে, ৪৫ মিনিট দৈৰ্ঘ্যৰ প্ৰতিখন নাটকতে দুগৰাকী শিল্পীৰ দ্বাৰাহে অভিনয় প্ৰদৰ্শন । স্বামী-স্ত্ৰীৰ যুটিক প্ৰাধান্য দি পৰিবেশিত হৈছে এই নাট সমূহ । সেয়ে ইয়াৰ নামাকৰণ কৰা হৈছে যুগল নাট্য সন্ধিয়া । মঙলবাৰে এই নাট্য সন্ধিয়াত প্ৰদৰ্শিত হোৱা নাট দুখন হৈছে লখিমপুৰৰ সান্নিধ্য গোষ্ঠীৰ বিপুল বশিষ্ঠ গোস্বামীৰ দ্বাৰা ৰচিত নাট “ছাতি” আৰু নগাঁৱৰ সূত্ৰধাৰ নাট্যদলৰ বিদ্যাভাৰতী,মূৰ্চ্ছনা মহন্তৰ দ্বাৰা অভিনীত “স্ব” ।উল্লেখ্য যে, এই দুদিনীয়া নাট্য সন্ধিয়াৰ বুধবাৰে নিশা সামৰণি পৰিব।

