সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

তথ্যচিত্ৰ হ’ব মোডীৰ ‘মন কী বাত’ !

কি থাকিব মোডীক লৈ নিৰ্মিত ‘মন কি বাত, ভাৰত কি বাত’ তথ্যচিত্ৰত?মোডীৰ ‘মন কী বাত’ত চলা নাটকবাজিৰ কথাও থাকিবনে ‘মন কী বাত, ভাৰত কি বাত’ তথ্যচিত্ৰত? কিমান নিৰ্ভৰযোগ্য আছিল মোডীৰ ‘মন কী বাত’ অনুষ্ঠান?প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মনৰ কথাই ভাৰতৰ কথা নেকি? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কথাই এতিয়া দেশৰ কথা নেকি? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েই এতিয়া নতুন ভাৰত নেকি? ইণ্ডিয়া ইজ ইণ্ডিৰা, ইণ্ডিৰা ইজ ইণ্ডিয়াৰ পৰা মন কী বাত, ভাৰত কী বাত অৰ্থাৎ মোডী কী বাত ভাৰত কী বাতলৈ কিমান দূৰ? কি থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন কী বাত অনুষ্ঠানক লৈ নিৰ্মিত মন কী বাত, ভাৰত কী বাত শীৰ্ষক তথ্যচিত্ৰত? বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এনে বাৰ্তালাপৰ নিৰ্ভৰযোগ্যতাই বা কিমান? কিমান সত্যাসত্য আৰু কিমান অকৃত্ৰিম এনে বাৰ্তালাপ?
দেৱকান্ত বৰুৱাই কোৱা ইণ্ডিয়া ইজ ইন্দিৰা, ইন্দিৰা ইজ ইণ্ডিয়া কথাষাৰৰ ৫০ বছৰৰ পাছত পুনৰ সেই চিন্তাৰ প্ৰতিফলন দেখা গৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ১০০ সংখ্যক মন কি বাত অনুষ্ঠানত। ১০০ সংখ্যক মন কি বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বুজাই দিছিল যে তেওঁৱেই নতুন ভাৰত। তেওঁ যি কয় সেয়াই দেশৰ কথা। তেওঁ দেশৰ কথা নকয়, দেশে ক’ব তেওঁৰ কথা।২০১৪ চনত প্ৰথমবাৰলৈ দিল্লীৰ ক্ষমতালৈ আহি মানুহৰ সৈতে সেতুবন্ধনৰ উপায় হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আৰম্ভ কৰিছিল মন কী বাত। ২০১৪ চনৰ ৩ অক্টোবৰত ৰেডিঅ’যোগে সম্প্ৰচাৰ হৈছিল প্ৰধানমন্ত্ৰী মোডীৰ মন কী বাত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উদ্যোগত আৰম্ভ হোৱা এই অনুষ্ঠানক লৈ মন কী বাত, ভাৰত কী বাত শীৰ্ষক এক তথ্য চিত্ৰ নিৰ্মাণ কৰিছে হিষ্ট্ৰি টিভিয়ে। অহা ২ জুনত অৰ্থাৎ কাইলৈ সম্প্ৰচাৰ আৰম্ভ হ’ব এই তথ্যচিত্ৰৰ। ১০০ সংখ্যক ‘মন কী বাত’ত প্ৰধানমন্ত্ৰী মোডীয়ে দাবী কৰিছিল যে এই মন কী বাত অনুষ্ঠান কোটি কোটি ভাৰতীয়ৰ মনৰ কথালৈ পৰিণত হৈছে। তেওঁলোকৰ আৱেগ আৰু অনুভৱৰ প্ৰতিফলন ঘটিছে এই অনুষ্ঠানৰ দ্বাৰা। কিন্তু কিমান সঁচা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এই দাবী? এই অনুষ্ঠান মানুহৰ মনৰ কথাৰ অনুষ্ঠান নে প্ৰধানমন্ত্ৰী মোডীৰ আত্মপ্ৰচাৰৰ অনুষ্ঠান?
আজিৰ দেশৰ কথা কি? মূল্যবৃদ্ধি, নিবনুৱা সমস্যাৰ কথা নোকোৱাটোৱেই আজি দেশৰ কথা নেকি? গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহ ভূলুণ্ঠিত কৰি যোৱাটোৱেই আজি দেশৰ কথা নেকি? মোডীৰ বন্ধুৰ উন্নতিয়েই আজি দেশৰ কথা নেকি? ক্ষুধা সূচকৰ পৰা সংবাদ মাধ্যমৰ স্বাধীনতা হ্ৰাসলৈকে, বিশ্ববিদ্যালয়ৰ ৰেংকৰ পৰা সামাজিক উন্নয়নৰ মান হ্ৰাসলৈকে সকলোতে ভাৰতৰ মান নিম্নগামী হোৱাটোৱেই আজি ভাৰতৰ কথা নেকি? এই তথ্যচিত্ৰত থাকিবনে ক্ষুধা সূচকৰ আন্তৰ্জাতিক সমীক্ষাত ৫৫ সংখ্যক স্থানৰ পৰা ১০৩ সংখ্যক স্থানলৈ অৱনমিত হোৱাৰ কথা? এই ভাৰত কী বাতত থাকিবনে ভূটান, শ্ৰীলংকা, পাকিস্তান, আফগানিস্তানকৈও সংবাদ মাধ্যমৰ স্বাধীনতাত ভাৰতৰ স্থান তললৈ যোৱাৰ কথা? এই ভাৰত কি বাত তথ্যচিত্ৰত থাকিবনে ৪০০ টকীয়া চিলিণ্ডাৰ ১২০০ টকীয়া হোৱাৰ কথা?
বা কিমান নিৰ্ভৰযোগ্য বা কিমান সত্যাসত্য প্ৰধানমন্ত্ৰী মোডীৰ এই বাৰ্তালাপ? মনত পেলাওকচোন ২০১৮ চনলৈ। ২০১৮ চনৰ ২০ জুনত আজিৰ মন কী বাতৰ দৰেই এক অনুষ্ঠানত ভাগ লৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। কেইগৰাকীমান কৃষকৰ লগত ভিডিঅ’ কনফাৰেন্সযোগে আলোচনাত মিলিত হৈ কথা পাতিছিল প্ৰধানমন্ত্ৰীয়ে৷ সেই অনুষ্ঠানত আছিল ছত্তীশগড়ৰ এখন গাঁৱৰ চন্দ্ৰমণি কৌশিক নামৰ এগৰাকী মহিলাও। অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সুধিছিল কৃষকৰ আয়ৰ কথা। তেতিয়া চন্দ্ৰমণিয়ে আয় বৃদ্ধিৰ বৰ্ণনা দিছিল।চন্দ্ৰমণিক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সুধিছিল,আগতকৈ আয় কিমান বৃদ্ধি হৈছে৷ তেতিয়া চন্দ্ৰমনিয়ে আয় দুগুণ হোৱা বুলি মন্তব্য কৰিছিল।কিন্তু এয়া আছিল এক নাটক বাজিহে৷ ইয়াৰ গোমৰ ফাঁক বাহিৰ কৰিছিল এবিপি নিউজে। ৬ জুলাইত এই সন্দর্ভত এক বিশেষ প্ৰতিবেদন উপস্থাপন কৰিছিল এবিপি নিউজৰ এংকৰ পূন্য প্ৰসূণ বাজপেয়ীয়ে। প্ৰতিবেদন যুগুত কৰিবৰ বাবে সংবাদ প্ৰতিষ্ঠানটোৱে ছত্তীশগড়ৰ চন্দ্ৰমনিৰ ঘৰলৈ প্ৰেৰণ কৰিছিল সাংবাদিক। আৰু সাংবাদিকক সেই গৰাকী চন্দ্ৰমনিয়ে জনায় , যে তেখেতৰ আয় প্ৰকৃততে দুগুনলৈ বৃদ্ধি হোৱা নাই।হয়, চন্দ্ৰমনিৰ আয় দুগুনলৈ বৃদ্ধি হোৱা নাছিল৷ কিন্তু তেনেদৰে কবলৈ তেওঁক শিকোৱাহে হৈছিল। মোডীৰ অনুষ্ঠানত মোডীৰ সন্মুখত আয় দুগুন হোৱা বুলি কলেও, প্ৰকৃততে তেওঁলোকৰ আয় কিমান সেয়া উন্মোচিত হৈছিল এবিপি নিউজৰ গ্ৰাউণ্ড জিৰ’ অনুসন্ধানত। এয়া মাত্ৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এটা মাত্ৰ অনুষ্ঠানৰ উদাহৰণহে। ভিডিঅ’ কনফাৰেন্স বা অন্যান্য মাধ্যমেৰে জনতাৰ লগত বার্তালাপৰ আন বহু অনুষ্ঠানত ভাগ লৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। আজি পর্যন্ত ১০০ টাকৈ মন কি বাতৰ অনুষ্ঠানত ভাগ লৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। অনুষ্ঠানত কথা পাতিছে ভিন্ন ক্ষেত্ৰৰ ব্যক্তিৰ লগতো৷ কিন্তু প্ৰধানমন্ত্ৰীৰ এনে অনুষ্ঠানৰ নির্ভৰযোগ্যতা কিমান, এনে অনুষ্ঠানৰ সততাই বা আছেনে? নে পূর্ব পৰিকল্পনা আৰু অসত্য তথ্যৰে ইয়াত চলে উন্নয়নৰ ভুৱা প্ৰচাৰ? ২০১৮ চনৰ সেই ঘটনাই এতিয়াও উত্থাপন কৰে এনে কিছুমান প্ৰশ্ন। কিন্তু এই কথাও থাকিবনে মোডীৰ মন কী বাত ভাৰত কি বাতৰ তথ্যচিত্ৰত?

Leave A Reply

Your email address will not be published.