Investigative reporting with dedication.
জাকৰুৱাত মাছ ধৰিলে জাকৈৰে
ভোগালী বিহুৰ উপলক্ষে নগাঁৱৰ জাকৰুৱা বিলত সমূহীয়াকৈ মাছ ধৰিলে সহস্ৰাধিক লোকে।জাল-পলত পৰিল বৰালি,ভকুৱা,শিঙৰা মাছ।ভোগৰ উৎসৱ ভোগালীলৈ মাজত মাথোঁ এটা দিন বাকী থকা অৱস্থাত এতিয়া ৰাজ্যজুৰি বৈছে উচাহৰ ধল । উৰুকাৰ নিশা লগে-ভাগে এসাঁজ খাবৰ বাবে সাজু হৈছে অসমীয়া ।ইয়াৰ বাবে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে ব্যাপক প্ৰস্তুতি । ভিন্ন পিঠা-পনা প্ৰস্তুতত ব্যস্ত হৈ পৰিছে গাঁৱৰ জীয়ৰী-বোৱাৰী সকল ।পথাৰ , ৰাজহুৱা স্থানত চলিছে মেজি বা ভেলাঘৰ নিৰ্মাণৰ ব্যাপক আয়োজন ।এইক্ষেত্ৰত পিছপৰি থকা নাই নগাঁও জিলাৰ ইতিহাসপ্ৰসিদ্ধ ফুলগুৰি অঞ্চলবাসীও ।বৃহত্তৰ অঞ্চলটোৰ দক্ষিণ জাগিয়াল গাঁও পঞ্চায়তৰ অন্তৰ্গত জাকৰুৱা বিলত ভোগালীৰ এসাঁজ খাবৰ বাবে মৎস্য চিকাৰত নামিল কেইবাখনো গাঁৱৰ ৰাইজ ।জাল-পল-জুলুকি লৈ বিলত নামি ধৰিলে ভকুৱা,বৰালি,ভাঙন,শিঙৰা,শ’ল আদিকে ধৰি বিভিন্ন প্ৰজাতিৰ মাছ ।বিহুগীত গাই মাছ ধৰি দাঙি ধৰিলে অসমীয়া সমাজৰ সমন্বয় আৰু সম্প্ৰীতিৰ অনন্য নিদৰ্শন ।উল্লেখ্য যে, প্ৰতিবছৰেই ভোগালী বিহুৰ উৰুকাৰ আগদিনা এইখন বিলত সমূহীয়াকৈ মাছ ধৰা হয় ।যি মাছ ধৰা পৰ্বত অংশ লয় নগাঁও আৰু মৰিগাঁও জিলাৰ শত-সহস্ৰ লোকে।

