সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

চাহ খায় কৰা চৰ্চা বিফল,এইবাৰ টিফিন খাব বিজেপিয়ে !

২০২৪ চনৰ লোকসভা নিৰ্বাচন সমাগত। নিৰ্বাচনলৈ মাজত আছে প্ৰায় ন মাহ। এই নিৰ্বাচনৰ বাবে শাসকীয় বিজেপিয়ে ইতিমধ্যে কঁকালত বান্ধিছে টঙালি। লগতে আৰম্ভ কৰিছে ৰণনীতি প্ৰস্তুতৰ কাম। সোমবাৰে নিশাৰ পৰা মঙলবাৰৰ পুৱালৈকে প্ৰায় দহ ঘণ্টা লোকসভা নিৰ্বাচনৰ লগতে বিভিন্ন প্ৰসংগত বৈঠকত মিলিত হয় বিজেপিৰ তিনিগৰাকী শীৰ্ষ নেতা। এই তিনিগৰাকী নেতা হ’ল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ,বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু আৰু বিজেপিৰ সাধাৰণ সম্পাদক(সাংগঠনিক) বি এল সন্তোষ। এই বৈঠকে তীব্ৰ চৰ্চা লাভ কৰাৰ সময়তে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰচাৰ কাৰ্যৰ পৰিকল্পনা যুগুতাইছে। ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বিজেপিৰ প্ৰচাৰৰ পৰিকল্পনা হ’ল ‘টিফিন পৰ চৰ্চা’ হয়,পূৰ্বে ‘চায় পৰ চৰ্চা’ৰ জৰিয়তে নিৰ্বাচনী প্ৰচাৰ চলায় ব্যাপক সফলতা লাভ কৰা বিজেপিয়ে এইবাৰ কৰিব টিফিন পৰ চৰ্চা। দলটোৰ কেন্দ্ৰীয় মন্ত্ৰী, চৰকাৰ থকা ৰাজ্যকেইখনৰ মন্ত্ৰী,সাংসদ,বিধায়ক আদিয়ে অংশ ল’ব এই টিফিন পৰ চৰ্চাত। এইসকল নেতা যাব নিজ সমষ্টিৰ—প্ৰতি ঘৰ মানুহৰ ঘৰলৈ আৰু এজনে আনজনৰ সৈতে
বিনিময় কৰিব টিফিন।টিফিন খাই খাই তেওঁলোকে পাতিব কথা। উল্লেখ্য বুধবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই নয়ডাত অনানুষ্ঠানিকভাৱে টিফিন পৰ চৰ্চা মুকলি কৰে।বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে দলৰ নেতা-কৰ্মীসকলৰ সৈতে কথা পতাৰ সময়তে নিজৰ টিফিন বিনিময় কৰে।টিফিন বিনিময় কৰি পতা কথা-বতৰাৰ মাজতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে দলৰ নেতা-কৰ্মীসকলক সংগঠন শক্তিশালী কৰাৰ কথা প্ৰকাশ কৰে। ইফালে কেন্দ্ৰত বিজেপি চৰকাৰৰ ন বছৰ হোৱা উপলক্ষে যোৱা ৩০ মে’ৰ পৰা চলি আছে জনসম্পৰ্ক অভিযান। অহা ৩০ জুনলৈকে চলিব এই অভিযান। এই অভিযানৰ অংশ হিচাপেই ঠায়ে ঠায়ে অনুষ্ঠিত কৰা হৈছে টিফিন সভা। যি টিফিন সভাৰ জৰিয়তে বিজেপি অধিক লোকৰ কাষ চপাৰ কৰিছে পৰিকল্পনা। পিছে কাৰ পৰিকল্পনা এই ‘টিফিন পৰ চৰ্চা’?বিজেপিৰ ‘টিফিন পৰ চৰ্চা’ৰ মাষ্টাৰমাইণ্ড প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰথমে টিফিন বৈঠকৰ কথা উল্লেখ কৰিছিল।প্ৰধানমন্ত্ৰীৰ আহ্বান আছিল—দলৰ নেতা-কৰ্মীসকলে নিজৰ ঘৰৰ পৰা নিয়া টিফিন আনৰ সৈতে বিনিময় কৰক। ইয়াৰ দ্বাৰা বিভিন্ন কথা পতাও হ’ব। লগতে দলৰ সাংগঠনিক ভেটিও শক্তিশালী হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এই আহ্বানকেই এতিয়া বিজেপিয়ে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰৰ অন্যতম মাধ্যম হিচাপে ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছে। কিন্তু এই কাৰ্যৰ দ্বাৰা গেৰুৱা দলটো সফল হ’বনে নহয় সেয়া ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ফলাফলতহে গম পোৱা যাব।

Leave A Reply

Your email address will not be published.