সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

গ্ৰেপ্তাৰ হ’ব নেকি ছোনিয়া গান্ধী ? গোচৰ ৰুজু

ভাৰতীয় জাতীয় কংগ্ৰেছৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ এটা টুইটৰ বাবে দলটোৰ সভানেত্ৰী ছোনিয়া গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে ৷ কৰ্ণাটকৰ শিৱামোগ্গা জিলাৰ সাগাৰা টাউন পুলিচে প্ৰবীন কে ভি নামৰ লোক এজনৰ অভিযোগৰ ভিত্তিত এই গোচৰটো ৰুজু কৰে ৷ ভাৰতীয় দণ্ডবিধিৰ ১৫৩ আৰু ৫০৫(১)(বি) ধাৰাৰ অধীনত এই গোচৰ ৰুজু কৰা বুলি আৰক্ষীয়ে সদৰী কৰিছে ৷অভিযোগকাৰীয়ে এজাহাৰত উল্লেখ কৰে যে কংগ্ৰেছে পি এম কেয়াৰ ফাণ্ড সন্দৰ্ভত জনসাধাৰণৰ মাজত অবিশ্বাস বিয়পাব বিচাৰিছে ৷যোৱা ১১ মে’ৰ পুৱা কংগ্ৰেছৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা এই টুইট কৰা বুলিও এজাহাৰখনত উল্লেখ কৰা হৈছে ৷

বিতৰ্কিত টুইটটো-

- Donation -

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Leave A Reply

Your email address will not be published.