সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

প্ৰাক্তন মুখ্যমন্ত্ৰীৰ মুখত ছাঁই সানিলে মুখ্যমন্ত্ৰী হিমন্তই !

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মাজত মতপাৰ্থক্য নতুন নহয়।এজনৰ লক্ষ্য যদি পূবলৈ আনজনৰ লক্ষ্য পশ্চিমলৈ !প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মুখত আখৈ ফুটাদি ফুটে বৰাক-ব্ৰহ্মপুত্ৰৰ সমন্বয়ৰ কথা।বৰাক-ব্ৰহ্মপুত্ৰ শব্দ দুটা উচ্চাৰণ নকৰাকৈ এটা বাক্যও সম্পূৰ্ণ নকৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।কিন্তু তাৰ সম্পূৰ্ণ বিপৰীত স্থিতিত অৱস্থান কৰে বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।বৃহস্পতিবাৰে বৰাকৰ এক অনুষ্ঠানত অংশ ল’বলৈ গৈ বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বিপৰীত স্থিতি।বৰাক-ব্ৰহ্মপুত্ৰ,পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ কথা কৈ কৈ এটা কাৰ্যকাল সম্পূৰ্ণ কৰা সৰ্বানন্দ সোণোৱালক যেন বৃহস্পতিবাৰে মুকলি প্ৰত্যাহ্বান জনালে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।বৰাকবাসীয়ে বিচাৰিলে পৃথক বৰাকলেণ্ড গঠনত তেওঁৰ কোনো আপত্তি নাই বুলি জনায় আৰু তেওঁ দি দিবলৈ সাজু বুলি জনায় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই !বৰাক ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰে বৰাকক অসমৰ পৰা পৃথক কৰি দিয়াটো ইমান সহজ হয়নে?এখন ৰাজ্যৰ জনতাৰ ভোটত নিৰ্বাচিত হৈ অহা মুখ্যমন্ত্ৰীৰ সাংবিধানিক ক্ষমতা কিমান সেই কথা মুখ্যমন্ত্ৰীয়ে জানেনে?সকলো বিষয়তে কেন্দ্ৰীয় চৰকাৰৰ ইচ্ছা-অনিচ্ছাৰ ওপৰত নিৰ্ভৰশীল হৈ চলা মুখ্যমন্ত্ৰীৰ মুখত এনেকথা শোভা পায় জানো?
১৯৭৯ চনৰ পৰা অসমত সাৰ্বভৌমত্বৰ বিষয়টোক লৈ সশস্ত্ৰ সংগঠন আলফাই সংগ্ৰাম চলাই আহিছে।ইতিমধ্যে এই সংগ্ৰামে ৪৪ বছৰ অতিক্ৰম কৰিলে।৪৪ বছৰ পিছতো আলফা -চৰকাৰৰ আলোচনাই কোনো সমাধান সূত্ৰ উলিয়াব পৰা নাই।আন মুখ্যমন্ত্ৰীৰ কাৰ্যকালটো বাদেই দিছোঁ নিজকে অতি দক্ষ বুলি জাহিৰ কৰা অহা ড° হিমন্ত বিশ্ব শৰ্মাৰ দিনতে এই সমস্যাটো আগৰদৰেই গেঠেলা মাৰি আছে।আলফাৰ এই সশস্ত্ৰ সংগ্ৰামৰ ইতিহাস পুৰণি আৰু কেইবাহাজাৰ লোকে এই সংগ্ৰামত মৃত্যুক সাৱটিছে।বহু অসমীয়া যুৱতী নিৰ্যাতিতা হৈছে,বহুত মহিলাৰ শিৰৰ সেন্দূৰ মচা গ’ল তথাপিও আলফা আলোচনাৰ প্ৰসংগ সজোৰে উত্থাপন কৰাৰ সাহস নহ’ল মুখ্যমন্ত্ৰীৰ।কেন্দ্ৰীয় নেতৃত্বক তৈলমৰ্দন কৰি নিজৰ চকী বাহাল ৰখাৰ স্বাৰ্থত সকলো কৰিবলৈ সাজু হৈ থকা মুখ্যমন্ত্ৰীয়ে কিন্তু কোনো কাৰণতেই অসমৰ জ্বলন্ত সমস্যা আলফা,ছয় জনগোষ্ঠীৰ জনজাতিকৰণ,বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা আদি বিষয়ত ভাটোৰ দৰে একে কেইটা বাক্যকে আওৰাই থকা মুখ্যমন্ত্ৰীয়ে কেৱল বিতৰ্ক সৃষ্টিৰ বাবেই বৃহস্পতিবাৰে পৃথক বৰাকলেণ্ডৰ বিষয়টো উত্থাপন কৰিলে।অৱশ্যে ইয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে দেখুৱাই হ’লেও বৰাকবাসীৰ সন্মুখত নিজৰ ক্ষমতা আৰু তেওঁৰ দায়বদ্ধতা প্ৰতিপন্ন কৰাত সফল হ’ল ।তদুপৰি মুখত আখৈ ফুটাদি বৰাক-ব্ৰহ্মপুত্ৰৰ সমন্বয়ৰ কথা ফুটোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ বিপৰীত স্থিতি গ্ৰহণ কৰি তেওঁ যে পৃথক সেই ধাৰণা প্ৰতিপন্ন কৰাত সফল হ’ল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে তেওঁ যদি বৰাকক পৃথক কৰিব পাৰে,তেন্তে তেওঁ পৃথক বড়োলেণ্ড,পৃথক কাৰ্বিৰাজ্যৰ দাবীৰ ক্ষেত্ৰত কিয় নীৰব?কিয় সময় সাপেক্ষে তেওঁ নিজৰ স্থিতি সলনি কৰে?নিজৰ প্ৰতিপক্ষক হেয় কৰাৰ স্বাৰ্থত কিমান তললৈ নামিব আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা?

Leave A Reply

Your email address will not be published.