সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

‘কোভিড-১৯ পজিটিভ’ যুদ্ধত জয়ী হ’ল জুলিয়েট

সমগ্ৰ বিশ্বতে ক’ৰোনাই সন্ত্ৰাস সৃষ্টি কৰি আহিছে। বয়োবৃদ্ধৰ পৰা আদি কৰি কণমানি শিশুপৰ্যন্ত সংক্ৰমণ ঘটাই সংহাৰী ৰূপ ধাৰণ কৰিছে এই ভাইৰাছে। অৱশ্যে তাৰ মাজতে শিশুসকলৰ দেহত ক’ৰোনাৰ উপস্থিতিৰ পিছতেই অন্যান্য উপসৰ্গ দেখা দিয়াও পৰিলক্ষিত হৈছে। এনে এক ঘটনাই সংঘটিত হৈছে লুইছিয়ানাৰ কোভিটনৰ ১২ বছৰীয়া এগৰাকী শিশুৰ। জুলিয়েট ডালি নামৰ কণমানিগৰাকীৰ দেহত কোভিড-১৯ পজিটিভৰ উপস্থিতি লাভ কৰাৰ পিছতেই মাল্টিছিষ্টেম ইনফ্লামেটৰী ছিন্দ্ৰম চমুকৈ MICত আক্ৰান্ত হৈছিল। ফলত দুবাৰকৈ হৃদযন্ত্ৰ বন্ধ হৈ গৈছিল কণমানি জুলিয়েটৰ। বৰ্তমান চিকিত্সকৰ প্ৰচেষ্টাত সুস্থ হৈ উঠিছে জুলিয়েট। সুস্থ হৈ উঠাৰ পিছতে ঘৰৰ পৰা অনলাইন পাঠদানতো অংশগ্ৰহণ কৰিছে কণমানিগৰাকী ছাত্ৰীগৰাকীয়ে।
পৰিয়ালৰ মন্তব্য অনুসৰি, জুলিয়েট কেইবাদিনৰ পৰা MIC ৰোগত আক্ৰান্ত হৈ আছিল। জ্বৰ, কাহ, উশাহত কষ্টত ভোগাৰ লগতে উঠ নীলা হৈ গৈছিল। ক্ৰমাত্ যথেষ্ট অসুস্থ হৈ পৰাত চিকিত্সালয়ত ভৰ্তি কৰে কণমানিগৰাকীক। তাৰপাছতেই চিকিত্সালয়ত চিকিত্সা কৰাৰ পাছতে MIC ৰোগৰ সমান্তৰালকৈ কোভিড-১৯ পজিটিভতো আক্ৰান্ত বুলি জনায় চিকিত্সালয় কৰ্তৃপক্ষই। উল্লেখ্য যে এনেধৰণৰ উপসৰ্গই দেখা দিয়া ঘটনা শেহতীয়াকৈ ব্ৰিটেইন আৰু ইটালীৰ কেইবাগৰাকী শিশুৰ শৰীৰত দেখা পোৱা গৈছিল।
চিকিত্সালয়ৰ কৰ্তৃপক্ষই জনোৱা অনুসৰি, জুলিয়েটক ভেণ্টিলেটৰত ৰখা হয়। কিন্তু পৰবৰ্তী সময়ত কণমানিগৰাকীক অন্য ঠাইলৈ এয়াৰলিফটৰ যোগেদি স্থানান্তৰিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে যদিও সেইসময়তে জুলিয়েটৰ কাৰ্ডিয়াক এটেক্ আহে। কিছুসময়ৰ পিছত সুস্থ হয় যদিও পুনৰ হেলিকপ্তাৰলৈ ৰৈ থকা অৱস্থাতে হাৰ্ট এটেক্ আহে। কণমানি জুলিয়েটৰ অন্য এটা অংগও বিকল বুলি চিকিত্সকে জানিব পাৰে। অৱশ্য পুনৰ চিকিত্সকৰ প্ৰচেষ্টাত সুস্থ হৈ উঠে।

Leave A Reply

Your email address will not be published.