সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কুলীৰ কপাল ফুলালে ৰাহুল গান্ধীয়ে !

ৰে’ল ষ্টেচনত কুলী আমি সকলোৱে দেখো।আমি সকলোৱে কুলীৰ সহায় লওঁ। কিন্তু এই কুলীসকলৰ জীৱনলৈ হঠাৎ আহিল পৰিবৰ্তন। বিগত ৭ বছৰে বিভিন্ন প্ৰতিবাদ,শ্লোগান,ধৰ্ণাই কুলীৰ মজুৰি বৃদ্ধিত কোনো প্ৰভাৱ পেলাব পৰা নাছিল। বিগত ৭ টা বছৰে এই কুলীসকলে মজুৰি বৃদ্ধিৰ বাবে নিজৰ সংগঠনৰ জৰিয়তে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰালয়ৰ ওচৰত দাবী জনাই আহিছে।  কিন্তু কুলীৰ এই দাবীৰ প্ৰতি কোনো গুৰুত্বই দিয়া নাছিল চৰকাৰ তথা ৰে’ল মন্ত্ৰালয়ে।কিন্তু বিগত ২১ ছেপ্তেম্বৰত ৰাহুল গান্ধীয়ে দিল্লীৰ আনন্দ বিহাৰ ষ্টেচনলৈ গৈ কুলীসকলৰ লগত মত বিনিময় কৰিছিল. সেই সাক্ষাতত ৰাহুল গান্ধীয়ে বিভিন্ন সমস্যা সন্দৰ্ভত কুলী সকলৰ লগত আলোচনা কৰিছিল।তেওঁলোকে বিভিন্ন সমস্যাৰ লগতে তেওঁলোকৰ মজুৰি বৃদ্ধিৰো দাবী জনাইছিল।তেওঁলোকৰ দাবীৰ প্ৰতি সঁহাৰি জনাইছিল ৰাহুল গান্ধীয়ে।দেশত তেওঁলোকৰ চৰকাৰ আহিলে তেওঁলোকে এই বিষয়ত সঠিক পদক্ষেপ লোৱাৰো প্ৰতিশ্ৰুতি দিছিল ৰাহুল গান্ধীয়ে।ইয়াৰ পিছতেই দিল্লী ডিভিজনৰ কমাৰ্চিয়েল মেনেজাৰে এক নিৰ্দেশনাৰ জৰিয়তে নতুন দিল্লী ৰে’ল ষ্টেচন,অল্ড দিল্লী ৰেল ষ্টেচন,আনন্দ বিহাৰ ৰে’ল ষ্টেচন ,হজৰত নিজামুদ্দিন ৰে’ল ষ্টেচনকে ধৰি দিল্লী NCR ৰ অধীনৰ সকলো ৰে’ল ষ্টেচনতে কুলীৰ মজুৰি ৪০% বৃদ্ধি কৰে।এই নিৰ্দেশৰ পিছতেই সকলো লাইচেঞ্চযুক্ত কুলীৰ মজুৰি বৃদ্ধি পালে।তদুপৰি দিল্লীৰ সকলো ৰে’ল ষ্টেচনৰ বাহিৰেও এই মজুৰি বৃদ্ধি ঘাজিয়াবাদ,শনিপাট,গুৰুগ্ৰাম,পানীপথ জৰু চহীবাবাদ ৰে’ল ষ্টেচনৰ কুলীৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব। ইয়াৰ আগতে গ্ৰুপ এৰ ষ্টেচনত ১০০ কিলোগ্ৰাম ওজন কঢ়িওৱাৰ বিনিময়ত আগতে কুলীয়ে লাভ কৰিছিল ৪০ টকা আৰু বৰ্তমান এই হাৰ বৃদ্ধি হৈ হয়গৈ ১৪০ টকা।তদুপৰি গ্ৰুপ বিৰ ষ্টেচনত ৭০ কিলোগ্ৰাম ওজন কঢ়িওৱাৰ বাবদ আগতে ৪০ টকা দিয়া হৈছিল।বৰ্তমান এই মজুৰি হ’লগৈ ১০০ টকা। উল্লেখ্য যে ৰাহুল গান্ধীয়ে এটা ভিডিঅ শ্বেয়াৰ কৰি তেওঁ কুলীসকলৰ লগত কি কথা পাতি পাতিছিল সেয়া ৰাজহুৱা কৰিছিল।তেওঁ ভিডিঅ’টোত কৈছিল এই কুলীসকলে কোনো দৰমহা নাপায়,কোনো পেঞ্চন নাপায়,কোনো স্বাস্থ্য বীমাৰ সুবিধা নাই,কোনো চৰকাৰী সা সুবিধা নাই।তেওঁলোকে আশা কৰিছে যে তেওঁলোকৰ ভাল দিন আহিব।ৰাহুল গান্ধীয়ে কৈছিল ‘ কুলীসকল ভাৰতৰ আটাইতকৈ বেছি কষ্ট কৰা শ্ৰমিক। প্ৰজন্মৰ পিছত প্ৰজন্ম তেওঁলোকে এনেদৰেই জনতাক সেৱা আগবঢ়াই আহিছে।তেওঁলোকৰ বাহুত থকা নম্বৰটো কেৱল তেওঁলোকৰ পৰিচয় নহয়।এইটো তেওঁলোকে উত্তৰাধিকাৰী সূত্ৰে লাভ কৰা গৌৰৱ।তেওঁলোকৰ বাবে আমাৰ সকলোৰে কৰিবলগীয়া আছে।কিন্তু তেওঁলোক বহুত সুবিধাৰ পৰা এতিয়াও বঞ্চিত।’লগতে তেওঁ কয় ‘ বৰ্তমান লাখ লাখ শিক্ষিত যুবকে ৰে’ল ষ্টেচনত কুলীৰ কাম কৰি আছে।নিবনুৱাৰ সংখ্যাই দেশত অভিলেখ গঢ়িছে।শিক্ষিত লোকে দুসাঁজ আহাৰৰ বাবে হাড় ভঙা পৰিশ্ৰম কৰিবলগীয়া হয়।ইয়াৰ কাৰণ হ’ল মুদ্ৰাস্ফীতি,মূল্যবৃদ্ধি,থকাৰ খৰচ,শিক্ষাৰ খৰচ,স্বাস্থ্যৰ ব্যয় বৃদ্ধি পাই আহিছে।সেই অনুপাতে উপাৰ্জন কম।’গান্ধীয়ে লগতে কয় তেওঁলোকে দৈনিক ৪০০ৰ পৰা ৫০০ টকা উপাৰ্জন কৰে।
মুঠ কথাত শ্ৰীকৃষ্ণৰ সখা বিপ্ৰ দামোদৰে শ্ৰীকৃষ্ণক সাক্ষাৎ কৰিবলৈ যোৱাৰ পিছতে বিপ্ৰ দামোদৰৰ জীৱন সলনি হোৱাৰ দৰেই সলনি হ’ল কুলীৰ জীৱন। বিজেপিয়ে কুলীৰ ভোট ইণ্ডিয়ালৈ ঢাল খোৱাৰ ভয়ত মজুৰি বৃদ্ধিৰ সিদ্ধান্ত খৰতকীয়াকৈ ল’বলৈ বাধ্য হয়।

Leave A Reply

Your email address will not be published.