সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কাৰ ষড়যন্ত্ৰত জ্বলিছে মণিপুৰ ?

জুই , ধোঁৱা আৰু আৰ্তনাদে ছানি ধৰিছে সমগ্ৰ মণিপুৰ । এম্বুলেন্সত জ্বলাই দিয়া হৈছে মাতৃ- সন্তানক । ঘৰে ঘৰে জ্বলিছে জুই । ভাতৃঘাটী আক্ৰমণত নিহত হৈছে শ শ লোক । কিন্তু নিমাত , মৌন প্ৰধানমন্ত্ৰী মোদী । মণিপুৰ জ্বলি আছে , নিৰ্বিকাৰ দিল্লীৰ প্ৰভু । এয়াই প্ৰধানমন্ত্ৰীৰ ঘোষিত অষ্টলক্ষ্মী । কিন্তু কোনে জ্বলাইছে মণিপুৰ ? কিয় জ্বলিছে মণিপুৰ ? কিয় জ্বলি থাকিবলৈ দিয়া হৈছে মণিপুৰক ?

ঘটনাৰ আৰম্ভণি ৩ মে’ত । মেইটেই জনগোষ্ঠীক এছ টিৰ মৰ্যদা দিব লাগে বুলি ন্যায়ালয়ে ৰায় দিয়াৰ পাছতেই মণিপুৰৰ অল ট্ৰাইবেল ষ্টুডেণ্টেছ ইউনিয়নে প্ৰতিবাদী মিছিল বাহিৰ কৰে । তাৰ পাছতেই উত্তপ্ত হৈ পৰে সমগ্ৰ মণিপুৰ । ৪ মে’ত কেন্দ্ৰীয় চৰকাৰে মণিপুৰত বলবৎ কৰে ৩৫৫ অনুচ্ছেদ । ইয়াৰ জড়িয়তে মণিপুৰৰ আইন শৃংখলাৰ দায়িত্ব নিজৰ হাতলৈ নিয়ে কেন্দ্ৰীয় চৰকাৰে । সেনা , আছাম ৰাইফলছ , ৰেপিড একছন ফোৰ্চ সকলো মোতায়ন কৰা হয় মণিপুৰত । কিন্তু তাৰ পাছতো পৰিস্থিতি নিয়ন্ত্ৰণলৈ নাহিল । কুকি আৰু মেইটেই জনগোষ্ঠীৰ মাজত হোৱা সংঘাতে চৰম ৰূপ ল’লে । ৯ হাজাৰ লোক গৃহহীন হ’ল । হাজাৰ হাজাৰ ঘৰ জ্বলি চাৰখাৰ হৈ গ’ল । সেই জুই আজিও নুমুওৱা নাই । সংঘাতে শ্মশানভূমি পৰিণত কৰা মণিপুৰত আজিও অব্যাহত আছে নৃশংস হিংসাৰ দাবানল ।

- Donation -

মণিপুৰৰ জনসংখ্যাৰ ৫৩ শতাংশই হ’ল মেইটেই । এই মেইটেই লোকসকলক জনজাতিৰ মৰ্যদা দিয়াক লৈয়ে সংঘাতৰ সূত্ৰপাত । কিন্তু মণিপুৰ অশান্ত হোৱাৰ সেয়াই একমাত্ৰ কাৰণ নহয় । কুকি সকলে দীৰ্ঘদিন ধৰি সন্মুখীন হৈ অহা অনীহাৰ প্ৰতিফলনো ঘটিল শেহতীয়া হিংসাত । জনজাতি লোকসকলে মণিপুৰৰ বনাঞ্চল দখল কৰি পপি খেতি কৰাৰ অভিযোগ তুলি মণিপুৰৰ বিজেপি চৰকাৰে আৰম্ভ কৰিছিল উচ্ছেদ অভিযান । ড্ৰাগছ বিৰোধী অভিযানৰ আঁৰ লৈ জনজাতি লোকসকলৰ ওপৰত চলিছিল অত্যাচাৰ । একেসময়তে জনজাতি লোকসকলে পাহাৰীয়া অঞ্চলক নিজৰ পৈত্ৰিক ভূমি বুলিয়েই গণ্য কৰা হৈছিল । সমতল অঞ্চলত বাস কৰা মেইটেই লোকসকলৰ পাহাৰীয়া অঞ্চলত ভূমি ক্ৰয়ৰ কোনো অধিকাৰ নাছিল ৷ যাৰ বাবে মেইটেইসকলৰ মাজত আছিল ক্ষোভ । কিন্তু এই সংবেদনশীল পৰিস্থিতিৰ মাজতো মণিপুৰৰ বিজেপি চৰকাৰৰ হাতত নাছিল বনাঞ্চল আৰু ভূমিক লৈ কোনো স্পষ্ট নীতি । যাৰ বাবে পৰিস্থিতি হৈ পৰে অধিক জটিল । আনকি বিজেপিৰ নিজৰ মাজতেই আৰম্ভ হয় সংঘাত ।এন বীৰেন সিঙ চৰকাৰে আৰম্ভ কৰা বনাঞ্চল জৰীপক লৈ প্ৰশ্ন উত্থাপণ কৰিবলৈ ধৰে ইজনৰ পাছত সিজন বিজেপি নেতাই । বিশ্বজিত সিঙৰ দৰে জ্যেষ্ঠ মন্ত্ৰীয়ে বনাঞ্চল জৰীপক অভিহিত কৰে এক অন্যায় হিচাপে। কিন্তু তাৰ পাছতো বনাঞ্চলত জনজাতিৰ দখল উচ্ছেদ কৰিবলৈ বদ্ধপৰিকৰ হৈ ৰয় এন বীৰেন সিঙ । আনকি বনাঞ্চলত জনাজাতি লোকসকলে স্থাপন কৰা গীৰ্জাঘৰতো উচ্ছেদ আৰম্ভ কৰে । এপ্ৰিল মাহৰ পৰাই বনাঞ্চলত সাধাৰণ জনজাতি লোকসকলক উচ্ছেদ কৰিবলৈ লোৱা হয় । বনাঞ্চলত থকা ২৬ টা ঘৰৰ দুটা উচ্ছেদ কৰাৰ পাছতেই কুকি লোকসকল ক্ষোভিত হৈ পৰে । তেওঁলোকৰ দাবী ৩৮ খন গাঁৱৰ যি এহেজাৰ লোকৰ বিৰুদ্ধে বনাঞ্চল বেদখলৰ অভিযোগ উত্থাপন কৰা হৈছে , তেওঁলোক আচলতে ৫০- ৬০ বছৰ ধৰি সেই স্থানতেই আছে । এই লৈ কুকি জনজাতিৰ লোকসকলৰ মাজত দীৰ্ঘদিন ধৰি চৰকাৰৰ বিৰুদ্ধে পুঞ্জীভূত হৈছিল ক্ষোভ । অব্যাহত আছিল চেগা চোৰোকা প্ৰতিবাদ ।তাৰ মাজতেই আহি পৰিল মেইটেই জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিয়াৰ প্ৰসংগ । তাৰ পাছতেই কুকি লোকসকলৰ মাজত পুঞ্জীভূত ক্ষোভৰ উদ্গীৰণ ঘটে । সেই ক্ষোভ দমনৰ বাবে কেন্দ্ৰই অনুচ্ছেদ ৩৫৫ প্ৰয়োগৰ দৰে কঠোৰ পদক্ষেপ লয় ৷ কিন্তু তাৰ পাছতো পৰিস্থিতি নিয়ন্ত্ৰনলৈ নাহিল । উমি উমি জ্বলি থকা জুইকুৰাই লৈছে বনজুইৰ ৰূপ ৷ অবিশ্বাস আৰু হিংসাৰ জ্বালামুখীৰ উদ্গীৰণ ঘটিছে মণিপুৰত । সেই দৃশ্য নীৰৱে চাই সুখনিদ্ৰাত মগ্ন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । উত্তৰ পূৱৰ চানক্য বুলি পৰিচিত হিমন্ত বিশ্ব শৰ্মা নিমগ্ন নিৰ্বাচনৰ ৰাজনীতিত । কৰ্ণাটকৰ পাছত এইবাৰ মধ্যপ্ৰদেশত ভৰি দিছে হিমন্ত বিশ্ব শৰ্মাই । কিন্তু জ্বলি থকা মণিপুৰলৈ চাবলৈ এখন্তেকো সময় নাই হিমন্ত বিশ্ব শৰ্মাৰ । এনেকৈয়ে উত্তৰ পূৱৰ এখন ৰাজ্য সম্পূৰ্ণ ছাই হোৱালৈ বাট চাই ৰৈছে বিজেপি দল আৰু চৰকাৰে ।

Leave A Reply

Your email address will not be published.