সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কাকো দেখি ৰন্ধাবঢ়া ,কাকো দেখি দুৱাৰ মৰা নীতিৰে চলিছে ৰাজ্য !

উত্তৰ প্ৰদেশত বৰ্তমান যোগী আদিত্যনাথৰ চৰকাৰ চলি আছে।বিজেপি শাসিত অন্যতম ৰাজ্য উত্তৰ প্ৰদেশত যোগীৰ শাসন কালত আইন শৃংখলা পৰিস্থিতিৰ সমান্তৰালভাৱে জনতাই ক্ৰমশঃ হেৰুৱাই পেলাইছে জীৱন যাপনৰ অধিকাৰ।ভাৰতৰ ধৰ্ম নিৰপেক্ষতাৰ বৈশিষ্ট্য ইতিমধ্যে উত্তৰ প্ৰদেশত মাটিৰ লগত মিলি যোৱা বুলি ক’লেও ভুল কোৱা নহ’ব।তদুপৰি ভাৰতীয় সমাজৰ সৰ্ব ধৰ্ম সম ভাৱ বুলি থকা ধাৰণা আৰু বৈশিষ্ট্যকো একে সময়তে নস্যাৎ কৰিছে যোগী আদিত্যনাথ চৰকাৰে।প্ৰতি বছৰে উত্তৰ ভাৰতৰ জনতাই কনৱাৰ যাত্ৰাত অংশ লোৱাটো এক পৰম্পৰা।বিগত মাহৰ শেষৰ ফালে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৰাজ্যখনৰ আৰক্ষী প্ৰশাসন আৰু আমোলা বিষয়া সকলক উদ্দেশ্যি এক নিৰ্দেশনা জাৰি কৰিছিল।সেই নিৰ্দেশনাত কানৱাৰ যাত্ৰাৰ বিষয়টো উল্লেখ কৰি মুখ্যমন্ত্ৰী যোগীয়ে লিখিছিল ‘ ভক্তসকলৰ ভক্তিৰ প্ৰতি শ্ৰদ্ধা জনাই কানৱাৰ যাত্ৰাৰ পথৰ দাঁতিকাষৰীয়া অঞ্চলবোৰত মাংস বিক্ৰী বন্ধ কৰিব লাগে।এই পথটো সম্পূৰ্ণ পৰিস্কাৰ আৰু স্বচ্ছ কৰি ৰখা উচিত ।’ইতিমধ্যে গাজিয়াবাদ আৰক্ষীয়ে পথটোৰ দাঁতি কাষৰীয়া অঞ্চলৰ সকলো আৰক্ষী নিবেশত গংগাজল যোগান ধৰিছে।ইয়াৰ কাৰণ হ’ল ভক্তসকলে কঢ়িয়াই অনা পানীয়ে মাটি স্পৰ্শ কৰিলে,ইয়াক অপবিত্ৰ বুলি ধৰা হয় ।তেনেকৈ কোনো ভক্তৰ পানী পৰিলে আৰক্ষীক এই গংগাজল যোগান ধৰাৰ নিৰ্দেশ দিয়া হৈছে।সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয় এয়ে যে যোগী চৰকাৰৰ এই নিৰ্দেশনাৰ বাবে ৰাজ্যখনৰ একাংশ লোক ভয়ানকভাৱে ক্ষতিগ্ৰস্ত হৈছে।২৮ বছৰীয়া মহম্মদ চালামৰ মূৰ্গীৰ দোকান খন বিগত প্ৰায় এটা মাহ বন্ধ হৈ আছে।কাৰণ কানৱাৰ যাত্ৰাৰ পথৰ কাষতেই তেওঁৰ দোকানখন আছে৷আনহাতে,সেই একেটা পথতেই থকা বিৰিয়ানী দোকানবোৰো বন্ধ ৰখা হৈছে।কিন্তু তেওঁলোকে পথটো ‘পৰিস্কাৰ আৰু স্বচ্ছ’ কৰি ৰখাৰ ব্যয় বহন কৰিবলগীয়া হৈছে।
যোগী চৰকাৰ তথা প্ৰশাসনৰ ফালৰ পৰা এই বুলি স্পষ্টীকৰণ দিয়া হৈছে যে বিভিন্ন সম্প্ৰদায় তথা জাতি-ধৰ্মৰ লগত শান্তি সম্প্ৰীতি অটুত ৰখাৰ বাবেই এই নিৰ্দেশনা জাৰি কৰা হৈছে।এনেকৈ দোকান-পোহাৰ বন্ধ ৰখা বিষয়টোৰ বিৰোধিতা কৰিছে যথেষ্ট সংখ্যক লোকে।জৈন সম্প্ৰদায়ৰ উৎসৱৰ পৰা নৱৰাত্ৰিলৈ ,তদুপৰি গোটেই শাওন মাহটো এনেদৰে ব্যৱসায় বন্ধ ৰখাটোৱে আৰ্থিকভাৱে জুৰুলা কৰি পেলাইছে জনতাক ।সংবিধানৰ ১৯ আৰু ২৯ নং অনুচ্ছেদ অনুসৰি এক বিশেষ ধৰ্মাৱলম্বী লোকৰ জীৱিকাত প্ৰভাৱ পৰাটো পৰিলক্ষিত হৈছে।আনহাতে,মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৰমজান মাহত কিন্তু এনে কোনো পদক্ষেপ লোৱা নাছিল।তদুপৰি ৰমজান মাহতো সুৰাৰ ক্ষেত্ৰত কোনো নিষেধাজ্ঞা আৰোপ কৰা নাছিল। গাহৰি মাংস খোৱা লোকৰ ক্ষেত্ৰতো কোনো বাধ্যবাধকতা আৰোপ কৰা নাছিল ৰমজানৰ সময়ত যিটো বিষয়ক লৈ প্ৰতিবাদী হৈ পৰিছে একাংশ লোক।ভাৰতৰ দৰে এখন ধৰ্ম নিৰপেক্ষ দেশত এক বিশেষ ধৰ্মাৱলম্বী লোকক বিশেষ সুবিধা কৰি দি এটা চামক ক্ষতিগ্ৰস্ত কৰাটো কিমান সমীচিন হৈছে তাক লৈ উত্থাপন হৈছে প্ৰশ্নৰ।

Leave A Reply

Your email address will not be published.