সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কণা হাঁহক পতান দিছে মুখ্যমন্ত্ৰী শৰ্মাই !

১ লাখ নিযুক্তি কেতিয়া ? চৰকাৰৰ দুবছৰতো সম্পূৰ্ণ নহ’ল এক লাখ নিযুক্তি ! দুবছৰত নিযুক্তি লাভ ৮৬,৭৮২ গৰাকীৰ !মুখ্যমন্ত্ৰীৰ আসনত বহাৰ পাছতে ড° হিমন্ত বিশ্ব শৰ্মাই এবছৰত এক লাখ যুৱক-যুৱতীক গণি গণি চাকৰি দিব বুলি ঘোষণা কৰিছিল । অৱশ্যে মুখ্যমন্ত্ৰী হোৱাৰ পূর্বেও ড° হিমন্ত বিশ্ব শর্মাই সেই একেই ঘোষণা কৰিছিল । ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ এখন প্ৰচাৰ সভাত ড° হিমন্ত বিশ্ব শৰ্মাই সদম্ভে কৰিছিল ঘোষণা—
“২০২২ চনৰ মাৰ্চ মাহৰ আগত আমি এক লাখ ল’ৰা-ছোৱালীক চৰকাৰী চাকৰি দিম ।
এক লাখত যদি এটাও কমি যায় মোৰ নাম ওলোটা কৰি দিব।’এয়া আছিল বিধানসভা নিৰ্বাচনৰ পূৰ্বৰ ঘোষণা। তাৰ পাছত পুনৰ শাসনলৈ আহিল বিজেপি মিত্ৰজোঁট। মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ’ল ড° হিমন্ত বিশ্ব শৰ্মা। ২০২১ চনৰ ১০ মে’ত ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠন হোৱা বিজেপি মিত্ৰজোঁট চৰকাৰে যোৱা ১০ মে’ত ভৰি দিলে দ্বিতীয় বছৰত। কিন্তু আপুনি জানি আচৰিত হ’ব যে এই দ্বিতীয় বছৰতো মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এক লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰিলে। এই দুবছৰত ৰাজ্য চৰকাৰখনে বিভিন্ন বিভাগত নিযুক্তি দিলে ৮৬,৭৮২গৰাকীক। এয়া ৰাজ্য চৰকাৰে নিজে বিজ্ঞাপনযোগে প্ৰকাশ কৰা তথ্য। বৃহস্পতিবাৰে সংবাদমাধ্যমত বিজ্ঞাপন প্ৰকাশ কৰি চৰকাৰে দাঙি ধৰিছে এই তথ্য। আনহাতে ৰাজ্য চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে বৃহস্পতিবাৰে বিভিন্ন বিভাগত নিযুক্তি দিব—৪৪,৭০৩ গৰাকী প্ৰাৰ্থীক৷ইয়াৰ পূৰ্বে ৰাজ্য চৰকাৰে বিভিন্ন বিভাগত নিযুক্তি দিছিল—৪২,০৭৯ গৰাকী প্ৰাৰ্থীক।এই দুয়োটা সংখ্যা যোগ কৰিলে মুঠ নিযুক্তি পোৱা লোকৰ সংখ্যা হয়গৈ ৮৬,৭৮২ গৰাকী। এই সংখ্যাৰ পাছত এক লাখ নিযুক্তিলৈ বাকী থকাৰ সংখ্যা হ’ল ১৩,২১৮ জন।উল্লেখ্য বৃহস্পতিবাৰে খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত ৪৪,৭০৩ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰে হ’ব। ইপিনে ৪৪,৭০৩ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদানৰ সময়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই।বৰাই কয় ‘এতিয়াও ২০,০০০ খালী পদ আছে।অৱসৰ আৰু মৃত্যুৰ কাৰণে খালী হোৱা পদ পূৰণ কৰি আছে নতুন চাকৰি সৃষ্টি কৰিব পৰা নাই।২৫ লাখ নিবনুৱাৰ সংস্থাপন কি হ’ল?৮০,০০০তে বাহ বাহ ল’ব বিচাৰিছে নেকি?’ কাৰ্যতঃ এবছৰটো বাদেই চৰকাৰৰ দুবছৰটো এক লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হ’ল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। তাৰ পাছতো নিজৰ সফলতাৰ গুণগান গোৱাত ব্যস্ত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।

Leave A Reply

Your email address will not be published.