সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

অমৃতকালৰ বিষাক্ত উপহাৰ জনতাক!

১ এপ্ৰিলৰ পৰা বিজেপি চৰকাৰে বিষাক্ত কৰিব জনতাৰ জীৱন? মূল্যবৃদ্ধিৰে জনতাৰ পকেট কাঢ়িবলৈ সাজু চৰকাৰ !
কিয়নো ১ এপ্ৰিলৰ পৰা ভয়াৱহ ৰূপত সলনি হৈ পৰিব সৰ্বসাধাৰণৰ জীৱন। অমৃতকাল ভয়ংকৰ শাপ হৈ পৰিব সৰ্বসাধাৰণৰ জীৱনৰ বাবে।জনতাৰ পকেট কটাৰ সকলো ষড়যন্ত্ৰৰ আৰম্ভণি হ’ব ১ এপ্ৰিলৰ পৰা। এপ্ৰিলৰ পৰা সলনি হৈ পৰিব আপোনাৰ মাহিলী বাজেট । ১ এপ্ৰিলৰ পৰা দাম বাঢ়িব ৮০০ ৰো অধিক জীৱনদায়িনী ঔষধৰ । ১২% পৰ্যন্ত ঔষধৰ দাম বৃদ্ধিৰ সিদ্ধান্ত চৰকাৰৰ ৷ ১ এপ্ৰিলৰ পৰা ৰাজ্যজুৰি বৃদ্ধি পাব ২৫% পৌৰ কৰ । ১ এপ্ৰিলৰ পৰা বৃদ্ধি পাব মাহে ১০ টকাকৈ বিদ্যুতৰ ফিক্সড চাৰ্জ ।ৰাজ্যৰ ৭ খন টোল গেটৰে টোল কৰ বাঢ়িব ১ এপ্ৰিলৰ দিনটোত। চৰকাৰে এনেকৈয়ে জনতাৰ পকেট কাটি ৰং চাবলৈ বিচাৰিছে। চৰকাৰে অভাৱনীয় হাৰত কোঙা কৰি আনিছে মানুহৰ জীৱন। কি এক ভয়াবহ দুঃসময়। নতুন বিত্তীয় বৰ্ষ অৰ্থাৎ ১ এপ্ৰিলৰ পৰা দাম বৃদ্ধি-পৌৰ কৰ বৃদ্ধিয়ে সাধাৰণ জনতাৰ মধ্যবিত্তৰ মাহিলী বাজেট তছনছ কৰি পেলাব।দিনক দিনে সন্মুখীন হোৱা কৰ্মসংস্থাপনহীনতা, অৰ্থনৈতিক অনাটন, লকডাউনে কোঙা কৰি পেলোৱা অৰ্থনৈতিক অৱস্থাই শেষ কৰি পেলোৱা মানুহৰ মূৰত আকৌ পৰিব সেই একেই ৰামটাঙোন। মুঠতে সাজু হওঁক এক এপ্ৰিলৰ বাবে। মাজত মাথোঁ নিশাটো। আজি ৰাতি পুৱালেই আৰম্ভ হ’ব আপোনাৰ-মোৰ জীৱনৰ অন্য এক অধ্যায়। অমৃতকালৰ বিষাক্ত উপহাৰৰ ক’লা অধ্যায়।

Leave A Reply

Your email address will not be published.