Investigative reporting with dedication.
জনপ্ৰিয় শিক্ষক খান ছাৰৰ বিহাৰ বন্ধ উঠাই ল’বলৈ অনুৰোধ প্ৰতিবাদী শিক্ষাৰ্থীক
ৰেলৱে পৰীক্ষাত হোৱা বঞ্চনা আৰু অনিয়মৰ বাবে বিহাৰ আৰু উত্তৰ প্ৰদেশত সংঘটিত হয় ভয়াবহ প্ৰতিবাদ। এই প্রতিবাদৰ লগত জড়িত আঠজন শিক্ষাৰ্থীক আটক কৰে আৰক্ষীয়ে। তাৰোপৰি বহুতো coaching center ৰ স্বত্বাধিকাৰীৰ লগতে শিক্ষকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়। অভিযোগত নাম সাঙোৰ খাই পৰা খান ছাৰ নামেৰে জনাজাত শিক্ষক ফেইজল খানে প্ৰতিবাদী শিক্ষাৰ্থী সকলক আজিৰ বিহাৰ বন্ধ উঠাই ল’বলৈ অনুৰোধ জনায়। Youtube ৰ এক ভিডিঅ’ত শিক্ষকজনে কয় যে গ্ৰুপ ডি ৰ পদৰ বাবে আবেদন কৰা শিক্ষাৰ্থীসকলৰ বাবে আকৌ দ্বিতীয়টো পৰীক্ষা নহয় কিয়নো ইতিমধ্যেই কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই ঘোষণা আগবঢ়াইছে। তাৰোপৰি তেওঁ জনায় যে RRB NTPC-CBT-1 ৰ ফলাফল সমূহ সংশোধিত কৰা হ’ব। তেখেতে কয় যে চৰকাৰে শিক্ষাৰ্থীসকলৰ দাবী মানি লৈছে । সেয়েহে শুক্ৰবাৰ অৰ্থাৎ আজিৰ বিহাৰ বন্ধ উঠাই ল’বলৈ শিক্ষার্থী সকলক তেওঁ অনুৰোধ জনায়।

