Investigative reporting with dedication.
নাগালেণ্ডত আফস্পা আইন বাতিলৰ দাবীত প্ৰতিবাদ
আজি পুৱা ৬ বজাৰ পৰা আফস্পা আইন বাতিলৰ দাবীত আৰু মন জিলাৰ গণ হত্যাৰ ন্যায়ৰ দাবীত নাগালেণ্ডৰ শ শ নগা ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে। নাগালেণ্ড চৰকাৰে বান্ধি দিয়া ক’ভিড প্ৰ’টকল মানি, মাস্ক পৰিধান কৰি ছয় বছৰীয়া শিশুৰ পৰা আৰম্ভ কৰি ৭০ বছৰীয়া বয়সৰ প্ৰায় দুই শতাধিক লোকে ভাগ লৈছে এই প্ৰতিবাদত। সমবেত ৰাইজৰ উপস্থিতত ডিমাপুৰৰ ছুপাৰ মাৰ্কেটৰ পৰা ৰেভাৰেণ্ড ডঃ এলেন কন্যাকৰ সামূহিক প্ৰাৰ্থনা পিছতে মৌন প্ৰতিবাদী পদযাত্ৰা কাৰ্যসূচী আৰম্ভ হয়। প্ৰতিবাদী ৰাইজে শান্তিপূৰ্ণভাৱে হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে। কালিলৈ দিনৰ ১১ বজাত ৰাজধানী ক’হিমাত উপস্থিত হ’ব প্ৰতিবাদী ৰাইজ। তাতে এখনি প্ৰতিবাদী সভা অনুষ্ঠিত হব। ইয়াৰ পিছতে ৰাজভৱনলৈ গৈ নগা জনতাই ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীক সাক্ষাৎ কৰিব। নাগালেণ্ডৰ পৰা সম্পূৰ্ণ আফস্পা আইন বাতিল, সেনাৰ ভুৱা এম্বুশ নিহত ভুক্তভোগী পৰিয়ালক আৰ্থিক ক্ষতিপূৰণ দি শীঘ্ৰে ন্যায় প্ৰদান কৰা, দোষী সেনাক চিভিল ক’ৰ্টত বিচাৰ চলাই শাস্তি প্ৰদান কৰা আৰু আফস্পা আইনৰ বাবে পূৰ্বে সেনাৰ হাতত নিহত লোকৰ পৰিয়ালক আৰ্থিক ক্ষতিপূৰণ দিয়াৰ দাবী জনাই কেন্দ্ৰীয় চৰকাৰলৈ স্মাৰকপত্ৰ প্ৰদান কৰিব ।

