Investigative reporting with dedication.
সাগৰৰ মাজত পাকিস্তানীৰ গুলীত নিহত ভাৰতীয় মাছমৰীয়া
পাকিস্তানৰ এখন জাহাজৰ পৰা ভাৰতীয় নাও এখনলৈ গুলীচালনা কৰা ঘটনাত এজন ভাৰতীয় মাছমৰীয়া নিহত হয় আৰু তেওৰ সহযোগী এজন গুৰুতৰভাৱে আহত হয় ৷ এই ঘটনা সংঘটিত হৈছে গুজৰাটৰ দ্বাৰকা সাগৰীয় ক্ষেত্ৰত ৷
গুজৰাটৰ দ্বাৰকাৰ লগত পাকিস্তানৰ সমুদ্ৰ সীমা সংলগ্ন হৈ আছে ৷ দেওবাৰে এই সীমান্তৱৰ্তী অঞ্চতে ‘জলপৰী’নামৰ এখন নাও লৈ দুজন মাছমৰীয়াই মাছ মাৰি আছিল ৷ কিন্তু অকস্মাৎ পাকিস্তানৰ দিশৰ এখন জাহাজৰ পৰা ভাৰতৰ সমুদ্ৰক্ষেত্ৰত থকা নাৱলৈ লক্ষ্য কৰি গুলীচালনা কৰা হয় ৷ এই ঘটনাত এজন ভাৰতীয় মাছমৰীয়া নিহত হয় ৷ আনজন আহত মাছমৰীয়াক দ্বাৰকাৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷

