Investigative reporting with dedication.
পৈত্তিক সম্পত্তিৰ ওপৰত কন্যাৰো থাকিবা সমান অংশীদাৰ-উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান
আজি উচ্চতম ন্যায়ালয়ে পিতৃৰ মৃত্যুৰ পাছত পুত্ৰৰ লগতে কন্যাও সম্পত্তিৰ সমান অংশীদাৰ হ’ব বুলি এক ঐতিহাসিক ৰায় দান কৰিছে।
মহামান্য ন্যায়ালয়ৰ তিনি গৰাকী ন্যায়ধীশৰ বিচাৰপীঠে কয় যে হিন্দু উত্তৰাধিকাৰ(সংশোধন)আইন ২০০৫ বলবৎ হোৱাৰ আগতে পিতৃৰ মৃত্যু হ’লেও, কন্যাই মাক-পিতাকৰ সম্পত্তিৰ অধিকাৰ লাভ কৰিব ৷
উল্লেখযোগ্য যে ২০১৫ চনৰ ৯ ছেপ্টেম্বৰৰ পৰা দেশত প্ৰযোজ্য হোৱা হিন্দু উত্তৰাধিকাৰ (সংশোধন) আইনমতে নিয়ম আছিল যে যদি পিতৃৰ মৃত্যু ৯ ছেপ্টেম্বৰ, ২০০৫ৰ আগতে হৈছে, তেন্তে কন্যাৰ সম্পত্তিৰ ওপৰত অধিকাৰ নাথাকিব ৷ এতিয়া এই নিয়ম সলনি কৰা হৈছে আৰু কোৱা হৈছে, সম্পত্তিৰ অংশীদাৰ হ’বলৈ পিতৃৰ মৃত্যুৰ তাৰিখৰ কোনো বিচাৰ কৰা নহয় ৷ এতিয়াৰে পৰা পিতৃৰ মৃত্যুৰ পিছত পুত্ৰ কন্যাৰ উত্তৰাধিকাৰী সূত্ৰে সম্পত্তিৰ ওপৰত সম অধিকাৰ থাকিব৷

