Investigative reporting with dedication.
বাঘজানৰ ঘটনা এইবাৰ যোৰহাটত!
যোৰহাটত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। দেওবাৰে মাজনিশা সংঘটিত হয় এই অগ্নিকাণ্ডটো। সিংহী স্কুটাৰ্ছ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডত দুজনকৈ লোক নিহত হোৱাৰ লগতে কেইবাজনো লোক আহত হৈছে বুলি জানিব পৰা গৈছে।
অগ্নিকাণ্ড সংঘটিত হোৱা গৃহটোত থকা কেইবাজনো লোক জুইৰ বাবে গৃহটোৰ সমীপত থকা টোকোলাই নৈত জাপ দিয়ে। জুইৰ লেলিহান শিখাই আৱৰি ধৰে সিংহী স্কুটাৰ্ছৰ লগতে আন ৪ টাকৈ গৃহ।ঘটনাস্থলীত যোৰহাটৰ লগতে টীয়ক, তিতাবৰ, মৰিয়নী আৰু অ’ এন জি চি , এয়াৰ ফ’ৰ্চ ৰ পৰা আহি অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হয়। কিন্তু এতিয়ালৈকে জানিব পৰা হোৱা নাই অগ্নিকাণ্ড সূত্ৰপাত হোৱাৰ কাৰণ।

