জয়পুৰৰ ভীক্ষাৰীৰ তালিকাত তিনিজন স্নাতক আৰু দুজন স্নাতকোত্তৰ

জয়পুৰৰ চিটি পুলিচৰ এক সমীক্ষাত চহৰ খনৰ মুঠ ১১৬২ জন ভীক্ষাৰীৰ ২ জন স্নাতকোত্তৰ আৰু তিনিজন স্নাতক বুলি জানিব পৰা গৈছে।

বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পোৱা এক বাতৰি অনুসৰি ৮২৫ জন ভীক্ষাৰীৰ কোনো পঢ়া শুনা নথকাৰ পৰিবৰ্তে ৩৯ জন শিক্ষিত আৰু ১৯৩ জন বিদ্যালয়লৈ যোৱা।

স্নাতকোত্তৰ লৈকে অধ্যয়ন কৰা এজন কলা শাখাৰ আৰু আনজন বাণিজ্য শাখাৰ।স্নাতক মহলালৈকে পঢ়া তিনিজন ভীক্ষাৰীয়ে কলা শাখাৰ।

জানিব পৰা মতে এই সমীক্ষাটোৰ উদ্দেশ্যে আছিল জয়পুৰ চহৰ খনত থকা ভীক্ষাৰী সকলক বিভিন্ন অৰ্হতা মূলক শিক্ষা দি নিয়োগৰ ব্যৱস্থা কৰা যাতে চহৰ খন ভীক্ষাৰী মুক্ত হ’ব পাৰে।

Featured photo courtesy: Times Now

beggersjaipursliderthe crosscureent
Comments (0)
Add Comment