বিমান বিলাসঃ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ প্ৰতিক্ৰিয়া আৰু আমাৰ প্ৰত্যাহ্বান

‘দ্য ক্ৰছকাৰেণ্ট’ আৰু ‘দ্য ৱায়াৰ’য়ে প্ৰকাশ কৰা মুখ্যমন্ত্ৰীৰ বিমানযাত্ৰা সম্পৰ্কীয় বাতৰি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে ‘এক্স’যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ প্ৰতিটো প্ৰতিক্ৰিয়া সন্দৰ্ভত আমাৰ উত্তৰ আগবঢ়োৱা হ’ল –

প্ৰতিক্ৰিয়া ১ঃ মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰৰ কোনো ব্যয় ৰাজ্য চৰকাৰে বহন কৰা নাই ৷ বিমানৰ ব্যয় সহ সকলো খৰচ ৰাজনৈতিক দলে বেংক ট্ৰান্সফাৰ বা চেকযোগে আদায় দিছে ৷

আমাৰ উত্তৰঃ দ্য ক্ৰছকাৰেন্টে আৰ টি আইৰ জড়িয়তে পোৱা তথ্য অনুসৰি, অসম পৰ্যটন উন্নয়ন নিগমে ২৪ ডিচেম্বৰ, ২০২১ত মুখ্যমন্ত্ৰীৰ বিমানযাত্ৰাৰ বিল সাধাৰণ প্ৰশাসন বিভাগৰ ওচৰত দাখিল কৰে ৷ বিল নং ১/৩২ অনুসৰি মুখ্যমন্ত্ৰীয়ে ১ অক্টোবৰৰ পৰা ১৯ অক্টোবৰলৈ কৰা বিমান যাত্ৰা হিচাপ দাখিল কৰা হৈছিল ৷ বিলৰ মুঠ পৰিমাণ ১,২৬,৫৬,২৬৭ টকা ৷ বিমান ভাড়া কৰা কোম্পানী আছিল ধিলন এভিয়েশ্যন প্ৰাইভেট লিমিটেড ৷ এই বিলৰ তথ্য অনুসৰিয়ে মুখ্যমন্ত্ৰীয়ে ১৭ অক্টোবৰত তামুলপুৰ আৰু ১৮ -১৯ অক্টোবৰত বিমানযোগে গোসাইগাঁও ভ্ৰমণ কৰিছিল৷ ১৭ অক্টোবৰত তামুলপুৰত আৰু ১৯ অক্টোবৰত গোসাইগাঁৱত তেওঁ নিৰ্বাচনী প্ৰচাৰত অংশ লয় ৷ গতিকে এইটো স্পষ্ট যে বিমানৰ ভাড়া বহন কৰিছিল সাধাৰণ প্ৰশাসন বিভাগে৷ দলৰ তৰফৰ পৰা ব্যয় বহন কৰাৰ কোনো তথ্য নাই ৷

১৭ আৰু ১৯ অক্টোবৰ, ২০২১ চনত মুখ্যমন্ত্ৰীয়ে ক্ৰমে তামুলপুৰ আৰু গোসাইগাঁওলৈ ভ্ৰমণ কৰা তথ্য

অসম পৰ্যটন উন্নয়ন নিগমে ২ এপ্ৰিল, ২০২২ ত সাধাৰণ প্ৰশাসন বিভাগৰ ওচৰত দাখিল কৰা ১/৫৮ নং বিল অনুসৰি ৩ ফেব্ৰুৱাৰী,২০২২ ৰ পৰা ২৮ ফেব্ৰুৱাৰী,২০২২ লৈকে অসম চৰকাৰে ভাড়া কৰা বিমানৰ বিল হ’ল ১,৪০,৯২,১০৯ টকা ৷ এই বিল অনুসৰিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ১৬ ফেব্ৰুৱাৰীত মাজুলী ভ্ৰমণ কৰিছে ৷ বিমান ভাড়া দিছিল ধিলন এভিয়েশ্যনে ৷ সিদিনা তেওঁ বিজেপি প্ৰাৰ্থী ভুবন গামৰ মনোনোয়ন দাখিল অনুষ্ঠানত অংশ লয় ৷

১৬ ফেব্ৰুৱাৰী, ২০২২ত মুখ্যমন্ত্ৰীয়ে মাজুলী ভ্ৰমণ কৰা তথ্য

১৮ ফেব্ৰুৱাৰী,২০২৩ ৰ বিল নং ১/১১৭ অনুসৰি, ২০ নৱেম্বৰ ,২০২২ ত মুম্বাইৰ পৰা দিল্লী, ২১ নৱেম্বৰত দিল্লীৰ পৰা গুৱাহাটী, ২২ নৱেম্বৰত গুৱাহাটীৰ পৰা দিল্লীলৈ মুখ্যমন্ত্ৰীয়ে কৰা বিমান যাত্ৰাৰ ভাড়া হ’ল ৪৫,৪৮,৪৫০ টকা ৷ ২০ নৱেম্বৰৰ দিনা তেওঁ দিল্লীৰ পৌৰ নিগম নিৰ্বাচনৰ প্ৰচাৰত অংশ লয় ৷ বিমান ভাড়া কৰা হৈছিল এয়াৰ কিং চাৰ্টাৰ্ছ প্ৰাইভেট লিমিটেডৰ পৰা ৷

২০, ২১, ২২ নৱেম্বৰ, ২০২২ত মুখ্যমন্ত্ৰীৰ বিমান যাত্ৰাৰ বিল

১ মাৰ্চ, ২০২৩ ৰ বিল নং ১/১৪১ অনুসৰি, ৩০ জানুৱাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগৰতলাৰ পৰা ডিব্ৰুগড় আৰু ৩১ জানুৱাৰীত ডিব্ৰুগড়ৰ পৰা লক্ষ্ণৌ আৰু লক্ষ্ণৌৰ পৰা গুৱাহাটী ভ্ৰমণ কৰিছিল ৷ বিলৰ পৰিমাণ – ৪০,৫৩,৫৮০ টকা ৷ ৩০ জানুৱাৰীত তেওঁ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহাৰ মনোনয়নত অংশ লয় ৷

৩০ জানুৱাৰী, ২০২৩ত মুখ্যমন্ত্ৰীয়ে আগৰতলাৰ পৰা ডিব্ৰুগড়লৈ অহা বিমান যাত্ৰাৰ তথ্য

এই আটাইকেইখন বিলৰ ব্যয় অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে বহন কৰাৰ তথ্য পোৱা গৈছে ৷ দলে এই ধন বেংক ট্ৰান্সফাৰ বা চেকৰ জড়িয়তে আদায় দিয়াৰ কোনো তথ্য নাই ৷
নিৰ্বাচন আয়োগৰ নিৰ্বাচনী আচৰণবিধিৰ ৭.১(ক) দফা অনুসৰি, মন্ত্ৰীসকলে তেওঁলোকৰ চৰকাৰী ভ্ৰমণক নিৰ্বাচনী কাম কাজৰ সৈতে জড়িত কৰিব নোৱাৰে ৷ লগতে চৰকাৰী ব্যৱস্থা আৰু কোনো চৰকাৰী ব্যক্তিক নিৰ্বাচনী কামত ব্যৱহাৰ কৰিব নোৱাৰে ৷ আচৰণ বিধিৰ ৭.১(খ) দফা অনুসৰি, চৰকাৰী আকাশীযান, বাহন, চৰকাৰী ব্যক্তি আৰু ব্যৱস্থাক শাসকীয় দলৰ কাম কাজৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিব ৷
গতিকে অসম চৰকাৰে দিয়া তথ্যৰ পৰা ওলাই পৰে যে মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী আচৰণবিধি উলংঘা কৰি চৰকাৰী বিমান বা হেলিকপ্তাৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিছে৷ আৰ টি আই উত্তৰত ক’তোয়ে এই ধন দলে বহন কৰাৰ তথ্য নাই ৷

প্ৰতিক্ৰিয়া ২ঃ মুখ্যমন্ত্ৰীৰ কোনো জিলা বা চুবুৰীয়া ৰাজ্যলৈ কৰা চৰকাৰী ভ্ৰমণৰ সময়ত তাত কোনো শোকসভা বা বিবাহ অনুষ্ঠান থাকিলে সেয়া ভ্ৰমণসূচীৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হয় ৷

আমাৰ উত্তৰঃ ১৭ ফেব্ৰুৱাৰী, ২০২৩ ত অসম পৰ্যটন উন্নয়ণ নিগমে সাধাৰণ প্ৰশাসন বিভাগৰ ওচৰত দাখিল কৰা বিল নং ১/১১৯ অনুসৰি – ১১ নৱেম্বৰ,২০২২ ত মুখ্যমন্ত্ৰীয়ে গুৱাহাটীৰ পৰা ডিমাপুৰ, ডিমাপুৰৰ পৰা গুৱাহাটীলৈ কৰা বিমানযাত্ৰাৰ ভাৰা হ’ল ১৪,০৮,৫৬২ টকা ৷ ক্ৰছকাৰেণ্টে লাভ কৰা আৰ টি আই তথ্য অনুসৰি, ১১ নৱেম্বৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভ্ৰমণৰ কাৰ্যসূচী আছিল এনেধৰণৰ – পুৱা ৯ বজাত মুখ্যমন্ত্ৰীৰ বাসভৱনৰ পৰা বৰঝাৰ বিমানবন্দৰলৈ যাত্ৰা, ১০ বজাত বিমানযোগে ডিমাপুৰ বিমানবন্দৰলৈ ৰাওনা, ১০.৩৫ বজাত ডিমাপুৰ বিমানবন্দৰত অৱতৰণ, ১০.৪০ বজাত নাগালেণ্ডৰ চুভিমা গাঁৱৰ ৰিঅ’ ভিলালৈ ৰাওনা, ১০.৫০ বজাত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’ৰ কন্যা ভিটচোনুও ৰিঅ’ৰ বিয়াত অংশগ্ৰহণ, ১১.৫০ বজাত ডিমাপুৰ বিমানবন্দৰলৈ ৰাওনা, ১২.১০ বজাত বৰঝাৰ বিমানবন্দৰলৈ উভতনি যাত্ৰা, ১ বজাত বিমানবন্দৰত অৱতৰণ কৰি পুনৰ মুখ্যমন্ত্ৰীৰ বাসভৱনলৈ ৰাওনা ৷

নেফিঅ’ ৰিঅ’ৰ কন্যাৰ বিবাহ অনুষ্ঠানৰ দিনা মুখ্যমন্ত্ৰীৰ কাৰ্যসূচী

ইয়াৰ ক’তোৱে চৰকাৰী কাৰ্যসূচীৰ কোনো উল্লেখ নাই ৷ অৰ্থাৎ কেৱল বিয়া খাবলৈ ১৪,০৮,৫৬২ টকা ব্যয় কৰি বিমান ভাড়া কৰা হৈছিল ৷ ইয়াৰ পৰা স্পষ্ট যে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে কোৱাৰ দৰে চৰকাৰী কাৰ্যসূচীৰ মাজত বিবাহৰ অভ্যৰ্থনা অন্তৰ্ভুক্ত কৰা হোৱা নাই ৷ এই মন্তব্যৰ কোনো সত্যতা নাই ৷

প্ৰতিক্ৰিয়া ৩ঃ আটাইবোৰ চৰকাৰী কাৰ্যসূচীৰ তুলনাত এনে ঘটনাৰ সংখ্যা অতি নগণ্য৷

আমাৰ উত্তৰঃ তথ্য আয়োগৰ নিৰ্দেশৰ পাছতো সাধাৰণ প্ৰশাসন বিভাগে মুখ্যমন্ত্ৰীৰ বিমানযাত্ৰাৰ সম্পূৰ্ণ তথ্য দ্য ক্ৰছকাৰেণ্টক  প্ৰদান কৰা নাই ৷ বিগত অক্টোবৰ মাহত বিধানসভাত দাখিল কৰা তথ্য অনুযায়ী ২০২২-২৩ বিত্তীয় বৰ্ষত হেলিকপ্টাৰ আৰু চাৰ্টাৰ্ড বিমানৰ নামত অসম চৰকাৰে ব্যয় কৰিছে ৩৪,১৩,৪২,৩০৩ টকা ৷ এয়া কেৱল চৰকাৰী কামত ব্যয় হোৱা তথ্যহে বুলি কোৱা হৈছে ৷ ইফালে, দ্য ক্ৰছকাৰেণ্টক দিয়া তথ্যত ২০২২-২৩ বৰ্ষত ১৯,৭৪,৬২,৬৫৯ টকা ব্যয় হোৱাহে দেখুওৱা হৈছে ৷ অৰ্থাৎ বিধানসভাত দাখিল কৰা তথ্য আৰু দ্য ক্ৰছকাৰেণ্টক দিয়া আৰ টি আই তথ্যৰ মাজত ১৪,৩৮,৭৯,৬৪৪ টকাৰ ব্যৱধান আছে ৷ ইয়াৰ পৰাই ওলাই পৰে যে সাধাৰণ প্ৰশাসন বিভাগে আৰ টি আই আবেদনৰ উত্তৰত আধৰুৱা তথ্য প্ৰদান কৰিছে আটাইবোৰ তথ্য ৰাজহুৱা হ’লে নিশ্চয় ইয়াতকৈ অধিক ঘটনা পোহৰলৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে ৷

প্ৰতিক্ৰিয়া ৪ঃসংবাদিককেইগৰাকীয়ে মুখ্যমন্ত্ৰীৰ কাকতালীয় সামাজিক কাৰ্যসূচীৰ ভিত্তিত অনুমান কৰি এই বাতৰি প্ৰস্তুত কৰিছে ৷

আমাৰ উত্তৰঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে প্ৰদান কৰা আৰ টি আই তথ্য আৰু মুখ্যমন্ত্ৰীৰ দৈনন্দিন ভ্ৰমণসূচীৰ তুলনা কৰি এই বাতৰি প্ৰস্তুত কৰা হৈছে ৷ অনুমান নহয়, মুখ্যমন্ত্ৰীয়ে নিজেই প্ৰকাশ কৰা নিৰ্বাচনী প্ৰচাৰ, বিবাহৰ অভ্যৰ্থনা অনুষ্ঠান, দলীয় কাৰ্যসূচী আৰু তেওঁৰ বিমানৰ ভাড়াৰ বিলৰ ওপৰত ভিত্তি কৰি এই বাতৰি যুগুতোৱা হৈছে ৷

দ্য ক্ৰছকাৰেণ্টে লাভ কৰা আৰটিআইৰ তথ্য

প্ৰতিক্ৰিয়া ৫ঃ এটা নিৰ্দিষ্ট দিনৰ এটা টুইটৰ ওপৰত ভিত্তি কৰি তাকেই সমগ্ৰ দিনটোৰ একমাত্ৰ কাৰ্যসূচী হিচাপে অনুমান কৰাটোত সংবাদদাতাৰ মিছা তথ্য বিয়পোৱাৰ এটা অসাধু প্ৰচেষ্টাৰ গোন্ধ পোৱা যায় ৷

আমাৰ উত্তৰঃ মুখ্যমন্ত্ৰীয়ে তামুলপুৰ, গোসাইগাঁৱৰ বিধানসভাৰ উপ নিৰ্বাচনত চৰকাৰী ধনেৰে হেলিকপ্টাৰত প্ৰচাৰ কৰিবলৈ গৈ চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ টুইট পোৱা গৈছে ৷ কিন্তু নিৰ্বাচনী আচৰণ বিধি অনুসৰি, এয়া অবৈধ৷ সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ কন্যাৰ বিয়াৰ দিনা মুখ্যমন্ত্ৰীয়ে হাফলঙত কেবিনেটত অংশগ্ৰহণ কৰি হেলিকপ্টাৰেৰে ডিমৰীয়াৰ বিয়ালৈ আহিছিল ৷ অথচ বিমান বা হেলিকপ্টাৰৰ ভাড়া প্ৰতি ঘণ্টা হিচাপত আদায় দিয়া হয় ৷ নেফিঅ’ ৰিঅ’ৰ কন্যাৰ বিয়াৰ সমগ্ৰ ভ্ৰমণসূচী উল্লেখ কৰা হৈছে ৷ লক্ষ্ণৌৰ উপ মুখ্যমন্ত্ৰীৰ কন্যাৰ বিবাহৰ দিনা উত্তৰ প্ৰদেশত অসম চৰকাৰৰ কোনো কাৰ্যসূচী থকাৰ তথ্য নাই ৷ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে বিমানযাত্ৰাৰ সকলো কাৰ্যসূচী আৰু ভাড়া আদায়ৰ তথ্য ৰাজহুৱা কৰি স্বচ্ছতা প্ৰদৰ্শন কৰা উচিত ৷

assam cmcmohimanta biswa sarmathe crosscurrent exclusivethe crosscurrent reply to cmo
Comments (0)
Add Comment