Exclusive: ৰাজকোষৰ ধনেৰে হেলিকপ্টাৰত উঠি হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ

চৰকাৰী বিমান-হেলিকপ্টাৰ লৈ মুখ্যমন্ত্ৰীয়ে খাইছে বিয়া, বিজেপিৰ দলীয় সভালৈও যায় চৰকাৰী আকাশীযানত

দ্য ক্ৰছকাৰেণ্ট আৰু দ্য ৱায়াৰৰ বিশেষ অনুসন্ধান

সংগীতা বৰুৱা পিছাৰৌটি , অৰূপ কলিতা, গৌতম গগৈ

 

গুৱাহাটী, নতুন দিল্লী, ০৩ ফেব্ৰুৱাৰীঃ

ৰাজ্যৰ অৰ্থনীতিক ডেৰ লাখ কোটি টকাৰ ঋণত ডুবাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰা আকাশীযানৰ বিলাসিতাৰ বহু বিস্ফোৰক তথ্য পোহৰলৈ আহিছে ‘দ্য ক্ৰছকাৰেণ্ট’ৰ এক বিশেষ অনুসন্ধানত ৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজকোষৰ ধন ব্যয় কৰি বিমান- হেলিকপ্টাৰ লৈ বিয়া খাবলৈ যোৱাই নহয়, নিৰ্বাচনী বিধি উলংঘা কৰি দলীয় সভা আৰু  নিৰ্বাচনী প্ৰচাৰতো অংশ লৈছে ৷ কেৱল সেয়াই নহয়, মুখ্যমন্ত্ৰী হিচাপে দুটা বছৰৰ কাৰ্যকালত ড০ হিমন্ত বিশ্ব শৰ্মাই ২৪০ দিনেই হেলিকপ্টাৰ নাইবা চাৰ্টাৰ্ড বিমান ব্যৱহাৰ কৰিছে ৷ চাৰ্টাৰ্ড বিমান বা হেলিকপ্টাৰৰ নামত ঘণ্টাত মুখ্যমন্ত্ৰীগৰাকীয়ে ব্যয় কৰিছে গড়ে ২ লাখ ২৫ হাজাৰ টকাৰ পৰা  ৪ লাখ ৩০ হাজাৰকৈ টকা ৷ আনকি গুৱাহাটীৰ পৰা মাত্ৰ ৩০ কিলোমিটাৰ দূৰৈৰ ক্ষেত্ৰীলৈ বিয়া খাবলৈ যাওতেও তেওঁ ব্যৱহাৰ কৰিছে হেলিকপ্টাৰ ৷ একোখন বিয়াত উপস্থিত থকাৰ নামত মুখ্যমন্ত্ৰীগৰাকীয়ে ২৩ লাখ টকা পৰ্যন্ত ব্যয় কৰাৰ প্ৰামাণিক তথ্য আমাৰ হাতত আহি পৰিছে ৷

                                                  তথ্য প্ৰদান কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ তথ্য আয়োগৰ

তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত লাভ কৰা তথ্য অনুসৰি, মুখ্যমন্ত্ৰী-মন্ত্ৰী আৰু উচ্চপদস্থ ব্যক্তিৰ হেলিকপ্টাৰ আৰু চাৰ্টাৰ্ড বিমানৰ ভ্ৰমণৰ নামত  ২০২১ চনৰ ১০ মে’ৰ পৰা ২০২৩ চনৰ ৩০ মে’লৈ অসম চৰকাৰৰ মুঠ ব্যয় হৈছে ৪৫ কোটি ৬২ লাখ ৫ হাজাৰ ৭৫৫ টকা ৷ এই সময়ছোৱাত আটাইতকৈ বেছি হেলিকপ্টাৰ আৰু চাৰ্টাৰ্ড বিমান ব্যৱহাৰ কৰিছে খোদ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৷  

উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ আকাশীযাত্ৰাৰ যাত্ৰাৰ তথ্য বিচাৰি ‘দ্য ক্ৰছকাৰেণ্ট’য়ে অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ ওচৰত ২০২২ চনৰ ২৬ আগষ্টত আবেদন দাখিল কৰিছিল ৷ প্ৰথমাৱস্থাত এই আবেদনৰ উত্তৰ দিবলৈ অস্বীকাৰ কৰিছিল বিভাগটোৱে ৷ পৰৱৰ্তী সময়ত ৰাজ্যিক তথ্য আয়োগৰ নিৰ্দেশনাৰ পাছত সাধাৰণ প্ৰশাসন বিভাগে আংশিক তথ্যহে প্ৰদান কৰে ৷ এই আংশিক তথ্যতেই বিধি উলংঘাৰে মুখ্যমন্ত্ৰীয়ে চাৰ্টাৰ্ড বিমান বা হেলিকপ্টাৰ ব্যৱহাৰ কৰাৰ বহু তথ্য উন্মোচিত হৈছে ৷ ‘দ্য ক্ৰছকাৰেণ্ট’য়ে মুখ্যমন্ত্ৰীৰ আকাশীযাত্ৰাৰ সবিশেষ তথ্য বিচাৰি আন এখন সুকীয়া আবেদন অসম পৰ্যটন উন্নয়ন নিগম লিমিটেডত দাখিল কৰিছে যদিও তিনিমাহ অতিক্ৰম কৰাৰ পাছতো সেই তথ্য প্ৰদান কৰা নাই ৷

নিৰ্বাচনী আচৰণ বিধি উলংঘাৰে হেলিকপ্টাৰ লৈ  নিৰ্বাচনী প্ৰচাৰ

সাধাৰণ প্ৰশাসন বিভাগৰ পৰা লাভ কৰা আংশিক তথ্যৰ পৰা ওলাই পৰিছে যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভাৰতীয় নিৰ্বাচন আয়োগৰ আচৰণ বিধি উলংঘা কৰি চৰকাৰী ধনেৰে হেলিকপ্টাৰ ব্যৱহাৰ কৰি নিৰ্বাচনী প্ৰচাৰ চলাইছে ৷ নিৰ্বাচনী আচৰণবিধিৰ ৭(ক) দফা অনুসৰি, মন্ত্ৰীসকলে তেওঁলোকৰ চৰকাৰী ভ্ৰমণক নিৰ্বাচনী কাম কাজৰ সৈতে জড়িত কৰিব নোৱাৰে ৷ লগতে চৰকাৰী ব্যৱস্থা আৰু কোনো চৰকাৰী ব্যক্তিক নিৰ্বাচনী কামত ব্যৱহাৰ কৰিব নোৱাৰে ৷ আচৰণ বিধিৰ ৭(খ) দফা অনুসৰি, চৰকাৰী আকাশীযান, বাহন, চৰকাৰী ব্যক্তি আৰু ব্যৱস্থাক শাসকীয় দলৰ কাম কাজৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিব ৷ কিন্তু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অতিকমেও পাঁচবাৰ চৰকাৰী ধন ব্যয় কৰি হেলিকপ্টাৰ লৈ বিজেপি আৰু বিজেপি সমৰ্থিত প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে ৷

১) মুখ্যমন্ত্ৰী ড০  হিমন্ত বিশ্ব শৰ্মাই ২০২১ চনৰ ১৭ অক্টোবৰত গুৱাহাটীৰ পৰা তামুলপুৰ আৰু তামুলপুৰৰ পৰা পুনৰ গুৱাহাটীলৈ হেলিকপ্টাৰেৰে ভ্ৰমণ কৰিছিল৷ সেইদিনা মুখ্যমন্ত্ৰী ড০ শৰ্মাই  তামুলপুৰৰ মতংগাত তামুলপুৰ বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত বিজেপি-অগপ সমৰ্থিত ইউপিপিএলৰ প্ৰার্থী জলেন দৈমাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল (উৎসঃ হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক পেজ)৷

২) ২০২১ চনৰ  ১৮ অক্টোবৰত মুখ্যমন্ত্ৰী ড০ শৰ্মাই পুনৰ হেলিকপ্তাৰেৰে গুৱাহাটীৰ পৰা গোসাইগাঁৱলৈ গৈ আকৌ গুৱাহাটীলৈ ঘূৰি আহে৷ সেইদিনা মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰয়াত জাষ্টিন লাক্ৰাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু কাতি বিহু উদযাপনত অংশগ্ৰহণ কৰে৷

৩) এদিন পাছত, ২০২১ চনৰ ১৯ অক্টোবৰত মুখ্যমন্ত্ৰী ড০ শৰ্মাই পুনৰ হেলিকপ্টাৰেৰে গোসাইগাঁৱলৈ ভ্ৰমণ কৰে৷ সেইদিনা তেওঁ গোসাইগাঁও সমষ্টিৰ উপ নিৰ্বাচনত বিজেপি-অগপ সমৰ্থিত ইউপিপিএলৰ প্ৰার্থী জিৰণ বসুমতাৰীৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে (উৎসঃ হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক পেজ)৷

৪) ২০২১  চনৰে ৩০ অক্টোবৰত অসমত তামুলপুৰ আৰু গোসাইগাঁৱৰ উপৰিও থাওৰা, মৰিয়নি আৰু ভৱানীপুৰ বিধানসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হৈছিল৷ এই তিনিওটা সমষ্টিতে হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলাইছিল৷ এইকেইটা সমষ্টিত ড০ শৰ্মাই হেলিকপ্টাৰ লৈ প্ৰচাৰ চলাইছিল ৷ কিন্তু হেলিকপ্টাৰৰ ধন কোনে বহন কৰিছিল সেয়া এতিয়াও সন্দেহৰ আৱর্তত৷ কিয়নো সাধাৰণ প্ৰশাসন বিভাগে এতিয়াও সম্পূৰ্ণ তথ্য প্ৰদান কৰা নাই ৷

৫) ২০২২ৰ ৭ মাৰ্চত অনুষ্ঠিত হৈছিল মাজুলী বিধানসভা সমষ্টিৰ উপনিৰ্বাচন৷ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ পাছত এই সমষ্টিটোত উপ নিৰ্বাচন অনুষ্ঠিত হয়৷ ১৬ ফেব্ৰুৱাৰীত বিজেপি প্ৰার্থী ভুৱন গামে দাখিল কৰিছিল মনোনয়ন৷ মনোনয়ন দাখিলত উপস্থিত থাকি হিমন্ত বিশ্ব শৰ্মাই ৰেলীতো অংশগ্ৰহণ কৰিছিল৷ আৰটিআই তথ্য অনুসৰি মাজুলীলৈ হিমন্ত বিশ্ব শৰ্মা হেলিকপ্টাৰেৰে গৈছিল৷ ব্যয় কৰিছিল ৰাজকোষৰ ধন৷

চৰকাৰী আকাশীযান লৈ অসমৰ বাহিৰতো নিৰ্বাচনী প্ৰচাৰ

কেৱল অসমৰ ভিতৰতেই নহয়, চৰকাৰী ধনেৰে হেলিকপ্টাৰ লৈ ৰাজ্যৰ বাহিৰতো নিৰ্বাচনী প্ৰচাৰ চলাইছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৷ ২০২২ চন ২০ নৱেম্বৰত নৱেম্বৰত দিল্লী পৌৰ নিগমৰ নিৰ্বাচনত প্ৰচাৰ চলাবলৈ ৰাজকোষৰ ধন ব্যয় কৰি চাৰ্টাৰ্ড বিমান লৈ গৈছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৷ সেইদিনা তেওঁ গ’ণ্ডাত বিজেপিৰ বিজয় সংকল্প সমাৰোহত সাংসদ মনোজ তিৱাৰীৰ সৈতে অংশগ্ৰহণ কৰিছিল ৷

২০২৩ চনৰ ৩০ জানুৱাৰীত ত্ৰিপুৰা বিধানসভা নিৰ্বাচনত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড০ মানিক সাহাৰ মনোনয়ন দাখিলতো চৰকাৰী ধনেৰে চার্টাড ফ্লাইটেৰে গৈ অংশগ্ৰহণ কৰিছিল হিমন্ত বিশ্ব শৰ্মাই

তাৰ পাছতো মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ এগৰাকী ষ্টাৰ কেম্পেইনাৰ হিচাপে কেইবাখনো ৰাজ্যৰ নিৰ্বাচনী প্ৰচাৰত অংশ লৈছিল ৷ কৰ্ণাটক, তেলেংগানা, ছত্তিশগড়, মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ নিৰ্বাচনী প্ৰচাৰত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয় সক্ৰিয় উপস্থিতি দেখা গৈছিল৷ সেই ৰাজ্যসমূহলৈও যাবলৈও তেওঁ চাৰ্টাৰ্ড বিমান ব্যৱহাৰ কৰিছিল৷ কিন্তু সেই বিমানযাত্ৰাৰ ব্যয় কোনে বহন কৰিছিল, সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত ৷

চাৰ্টাৰ্ড বিমান-হেলিকপ্টাৰ লৈ  মুখ্যমন্ত্ৰীয়ে খাইছে বিয়া

কেৱল নিৰ্বাচনী প্ৰচাৰেই নহয়, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী ধন ব্যয় কৰি হেলিকপ্টাৰ লৈ বিয়া খাবলৈও যোৱা তথ্যও পোহৰলৈ আহিছে৷ ‘দ্য ক্ৰছকাৰেণ্ট’য়ে লাভ কৰা আৰ টি আই তথ্য অনুসৰি, মুখ্যমন্ত্ৰীগৰাকীয়ে অতি কমেও পাঁচবাৰ বিয়াৰ অভ্যৰ্থনালৈ যাওঁতে চৰকাৰী ব্যয়ত হেলিকপ্টাৰ বা বিমান ব্যৱহাৰ কৰিছে ৷

১) ২০২২ চনৰ ২০ জানুৱাৰীত গুৱাহাটী সমীপৱৰ্তী ডিমৰীয়ালৈ বিজেপি বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ কন্যাৰ বিয়া খাবলৈ হেলিকপ্টাৰ লৈ গৈছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৷ (ডিমৰীয়াত সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ কন্যাৰ বিয়াত মুখ্যমন্ত্ৰী)

২) তাৰ চাৰিদিন পাছত অৰ্থাৎ ২০২২ৰ ২৪ জানুৱাৰীত হেলিকপ্টাৰেৰে গৈ প্ৰাক্তন এবছু নেতা মনেশ্বৰ দৈমাৰীৰ বিয়াত উপস্থিত হৈছিল মুখ্যমন্ত্ৰীগৰাকী ৷ (মনেশ্বৰ দৈমাৰীৰ বিয়াত মুখ্যমন্ত্ৰী)

৩) ২০২২ চনৰে ১১ নৱেম্বৰত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিওৰ কন্যাৰ বিয়াৰ বাবেও ডিমাপুৰলৈ বিমান লৈ গৈছিল মুখ্যমন্ত্ৰী ড০ শৰ্মাই ৷ মুখ্যমন্ত্ৰীৰ এই বিমান যাত্ৰাৰ ব্যয় আছিল ১৪ লাখ ৮ হাজাৰ ৫৬২ টকা ৷ (নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ বিয়াত হিমন্ত বিশ্ব শৰ্মা)

৪) ২০২৩ চনৰ ১ ফেব্ৰুৱাৰীত কলিয়াবৰত হোৱা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ভাতৃ মণিমাধৱ মহন্তৰ বিয়ালৈ যাবলৈও হেলিকপ্টাৰ ব্যৱহাৰ কৰিছিল ড০ শৰ্মাই ৷ (কলিয়াবৰত বিবাহস্থলীতে জন্মদিনৰ কেক কাটিছিল মুখ্যমন্ত্ৰীয়ে)

৫) ২০২৩ চনৰ ৩১ জানুৱাৰীত লক্ষ্ণৌত অনুষ্ঠিত হৈছিল উত্তৰপ্ৰদেশৰ উপ মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠকৰ কন্যাৰ বিয়া ৷ এই বিয়াখনলৈ যাবলৈ চাৰ্টাৰ্ড বিমান ব্যৱহাৰ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ বিমান যাত্ৰাৰ ব্যয় আছিল ২৩,৪৩,৭৫০ টকা ৷ (বিবাহস্থলীত উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ কাষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা)

উল্লেখ্য যে ২০২২ চনৰ ২০ জানুৱাৰীত মুখ্যমন্ত্ৰী শৰ্মাই চৰকাৰী কামত গুৱাহাটীৰ পৰা হাফলঙলৈ যাবলৈ চাৰ্টাৰ্ড হেলিকপ্টাৰ ভাড়াত লৈছিল যদিও গুৱাহাটীলৈ উভতি অহাৰ পৰিৱৰ্তে ডিমৰীয়াত দলীয় সহকৰ্মীৰ কন্যাৰ বিয়াৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। অথচ হেলিকপ্টাৰৰ ভাড়া প্ৰতিঘণ্টা অনুসৰি আদায় দিব লাগে।

দলীয় সভালৈ চৰকাৰী বিমান লৈ যায় মুখ্যমন্ত্ৰীয়ে

অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ পৰা লাভ কৰা আংশিক আৰ টি আই তথ্য অনুযায়ী মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দলীয়  কাম কাজতো চৰকাৰী বিমান ব্যৱহাৰ কৰিছে ৷ ২০২১ চনৰ ২২ ছেপ্তেম্বৰৰ পৰা ২০২৩ চনৰ ২৪ জানুৱাৰীলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কমেও ৭ বাৰ দলীয় কাম কাজত চৰকাৰী বিমান ব্যৱহাৰ কৰিছে ৷

১) ২০২১ চনৰ ২২ ছেপ্তেম্বৰত আমিনগাঁৱত অনুষ্ঠিত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা ৷ তালৈকো হেলিকপ্টাৰ লৈ গৈছিল মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ (আমিনগাঁৱত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা)

২) ২৫ নৱেম্বৰত বঙাইগাঁৱত অনুষ্ঠিত ৰাজ্যিক কাৰ্যনিৰ্বাহ সভালৈ চৰকাৰী হেলিকপ্টাৰ লৈ গৈছিল মুখ্যমন্ত্ৰী ড০ শৰ্মাই৷

৩) ২০২১ চনৰ ১০ ডিচেম্বৰত মৰিগাঁৱত বিজেপিৰ যুৱ মৰ্চাই অনুষ্ঠিত কৰা ছহিদ দিৱসৰ কাৰ্যসূচীলৈ যাবলৈ মুখ্যমন্ত্ৰীয়ে চৰকাৰী হেলিকপ্টাৰ ব্যৱহাৰ কৰাৰ তথ্য পোৱা গৈছে ৷ (মৰিগাঁৱত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা)

৪) ২০২২ চনৰ ৯ জানুৱাৰীত তেলেংগানাত বিজেপিৰ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে হায়দৰাবাদলৈ চৰকাৰী বিমান ব্যৱহাৰ কৰিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৷ (হায়দৰাবাদৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা)

৫) ২০২২ চনৰ ৫ ফেব্ৰুৱাৰীত গোলাঘাটত অনুষ্ঠিত এক দলীয় কাৰ্যসূচীত চৰকাৰী হেলিকপ্টাৰ লৈ গৈ অংশগ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ (গোলাঘাটত অনুষ্ঠিত দলীয় কাৰ্যসূচীত হিমন্ত বিশ্ব শৰ্মা)

৬)  ২০২৩ চনৰ ৯ জানুৱাৰীত ত্ৰিপুৰাৰ আগৰতলালৈ চৰকাৰী বিমান লৈ গৈছিল ড০ হিমন্ত বিশ্ব শৰ্মাই ৷ উদ্দেশ্য আছিল বিজেপিৰ জন বিশ্বাস ৰেলীত অংশগ্ৰহণ ৷ 

৭)পৰৱৰ্তী ২৪ জানুৱাৰীত আকৌ মুখ্যমন্ত্ৰীগৰাকীয়ে মৰিগাঁৱত অনুষ্ঠিত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণৰ বাবে ব্যৱহাৰ কৰে চৰকাৰী হেলিকপ্তাৰ ৷ (মৰিগাঁৱৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত মুখ্যমন্ত্ৰী)

আংশিক তথ্য দিলে সাধাৰণ প্ৰশাসন বিভাগে

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হেলিকপ্টাৰ আৰু বিমান যাত্ৰাৰ নামত কিমান ধন ব্যয় কৰা হ’ল, সেয়া জানিবলৈ তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত আবেদন দাখিল কৰিছিল ‘দ্য ক্ৰছকাৰেণ্ট’য়ে ৷ কিন্তু সাধাৰণ প্ৰশাসন বিভাগে ইয়াৰ উত্তৰত আংশিক আৰু আধৰুৱা তথ্যহে প্ৰদান কৰিলে ৷ যাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে  বেচৰকাৰী কামৰ বাবে  কিমানবাৰ চৰকাৰী ধনেৰে হেলিকপ্টাৰ চাৰ্টাৰ্ড বিমান ব্যৱহাৰ কৰিছে, তাৰ সম্পূৰ্ণ তথ্য লাভ কৰাটো সম্ভৱ নহ’ল ৷ কিন্তু তাৰ মাজত অসম চৰকাৰে বিধানসভাত দাখিল কৰা তথ্য আৰু আৰ টি আই তথ্যৰ মাজত বিস্তৰ প্ৰভেদ পৰিলক্ষিত হৈছে ৷ বিগত অক্টোবৰ মাহত বিধানসভাত দাখিল কৰা তথ্য অনুযায়ী ২০২২-২৩ বিত্তীয় বৰ্ষত হেলিকপ্টাৰ আৰু চাৰ্টাৰ্ড বিমানৰ নামত অসম চৰকাৰে ব্যয় কৰিছে ৩৪,১৩,৪২,৩০৩ টকা ৷ এয়া কেৱল চৰকাৰী কামত ব্যয় হোৱা তথ্যহে বুলি কোৱা হৈছে ৷ ইফালে, দ্য ক্ৰছকাৰেণ্টক দিয়া তথ্যত ২০২২-২৩ বৰ্ষত ১৯,৭৪,৬২,৬৫৯ টকা ব্যয় হোৱাহে দেখুওৱা হৈছে ৷ অৰ্থাৎ বিধানসভাত দাখিল কৰা তথ্য আৰু দ্য ক্ৰছকাৰেণ্টক দিয়া আৰ টি আই তথ্যৰ মাজত ১৪,৩৮,৭৯,৬৪৪ টকাৰ ব্যৱধান আছে ৷ ইয়াৰ পৰাই ওলাই পৰে যে সাধাৰণ প্ৰশাসন বিভাগে আৰ টি আই আবেদনৰ উত্তৰত আধৰুৱা তথ্য প্ৰদান কৰিছে ৷ কিন্তু তাৰ মাজতো মুখ্যমন্ত্ৰীগৰাকীয়ে চৰকাৰী বিমান-হেলিকপ্টাৰ নিৰ্বাচনী প্ৰচাৰ, দলীয় সভা আনকি বিয়া সবাহ খোৱাৰ কামতো ব্যৱহাৰ কৰা দেখা গৈছে ৷ সম্পূৰ্ণ তথ্য পোহৰলৈ আহিলে ইয়াতকৈ ব্যাপক হাৰত চৰকাৰী সুবিধাৰ অপব্যৱহাৰৰ উদাহৰণ পোহৰলৈ অহাটো নিশ্চিত ৷

ইফালে, দ্য ক্ৰছকাৰেণ্টে লাভ কৰা আৰ টি আই তথ্য অনুসৰি, ২০২১ চনৰ ১০ মে’ৰ পৰা ২০২৩ চনৰ ৩০ মে’ পৰ্যন্ত হেলিকপ্টাৰ আৰু চাৰ্টাৰ্ড ফ্লাইট ভাৰা কৰাৰ নামত অসম চৰকাৰে সামগ্ৰিকভাৱে ব্যয় কৰিছে মুঠ ৪৫,৬২,০৫,৭৫৫ টকা ৷ সন্দেহ নাই যে ইয়াৰে অধিকাংশ ধনেই ব্যয় হৈছে মুখ্যমন্ত্ৰীৰ আকাশীযাত্ৰাৰ নামত ৷ উদাহৰণস্বৰূপে ২০২১ চনৰ ২০ মে’ৰ পৰা ২০২১ চনৰ ১৮ জুলাই পৰ্যন্ত অসম চৰকাৰে চাৰ্টাৰ্ড ফ্লাইটৰ নামত ব্যয় কৰিছে মুঠ ৪,৪৬,০৯,৮৩৬ টকা ৷ ইয়াৰে ৩,৩০,০৩,৮৩৪ টকাই ব্যয় হৈছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ চাৰ্টাৰ্ড ফ্লাইটৰ নামত ৷ যিহেতু সাধাৰণ প্ৰশাসন বিভাগে প্ৰতিটো যাত্ৰাৰ বিপৰীতে সুকীয়াকৈ তথ্য প্ৰদান কৰা নাই, সেয়ে মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰ আৰু চাৰ্টাৰ্ড ফ্লাইটৰ ভ্ৰমণৰ নামত মুঠ কিমান ধন ব্যয় হ’ল, তাৰ সম্পূৰ্ণ তথ্য প্ৰকাশ কৰিব পৰা নহ’ল ৷ কিন্তু এই তথ্যৰ বিশ্লেষণৰ পৰা ওলাই পৰে যে দুটা বছৰত মুখ্যমন্ত্ৰীগৰাকীয়ে ২৪০ দিনেই আকাশীযাত্ৰা কৰিছে ৷ আকাশীযাত্ৰাৰ নামত ব্যয় হোৱা ধনৰাশি আৰু যাত্ৰাৰ দূৰত্বৰ অধ্যয়ন কৰিলে দেখা যায় যে সাধাৰণভাৱে একোখন হেলিকপ্টাৰ বা বিমান ব্যক্তিগত সংস্থাৰ পৰা ভাড়া কৰিলে প্ৰতিঘণ্টাত ব্যয় হয় ২,২৫,০০০ টকাৰ পৰা ৪,১৫,০০০ টকালৈ ৷

যদিহে গুৱাহাটীৰ পৰা দিল্লীলৈ এখন চাৰ্টাৰ্ড বিমান প্ৰতিঘণ্টাত ৪,১৫,০০০ টকা দৰত ভাৰালৈ লোৱা হয়, তেনেহ’লে ১৮ শতাংশ জি এছ টি, গ্ৰাউণ্ড হেণ্ডলিং, ৱাটছ এক্সটেনশ্যন, ক্ৰিউ আৰু বেল্টৰ মাচুলসহ মুঠ ভাৰা আদায় দিব লাগিব ৩৩,১০,৬০৬ টকা ৷ মুখ্যমন্ত্ৰীৰ ২০২১ চনৰ ২০ আৰু ২১ ছেপ্তেম্বৰৰ বিমানৰ ভাৰাৰ পৰা এই তথ্য লাভ কৰা হৈছে ৷ ইফালে, অসমৰ ভিতৰত গুৱাহাটীৰ পৰা হাফলঙলৈ যদি হেলিকপ্টাৰ ভাৰা কৰা হয়, তেনেহ’লে ১৮ শতাংশ জি এছ টি আৰু অন্যান্য মাচুলসহ এবাৰ যাত্ৰাৰ নামত ব্যয় হয় ২৪,২৩,৭৫০ টকা ৷

ঋণত ডুবা ৰাজ্যত মুখ্যমন্ত্ৰীৰ বিলাসিতা

মুখ্যমন্ত্ৰীগৰাকীয়ে আকাশীযাত্ৰাৰ নামত কোটি কোটি টকা ব্যয় কৰা তথ্য পোহৰলৈ অহা সময়ছোৱাত ৰাজ্য চৰকাৰখন ডুব গৈ আছে প্ৰায় ডেৰ লাখ কোটিৰ ঋণত ৷ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি, তৰুণ গগৈ চৰকাৰৰ আমোললৈকে অসমৰ মুঠ ঋণৰ পৰিমাণ আছিল ৪১,৯৬৩ কোটি ৷ কিন্তু ৰাজ্যত বিজেপি চৰকাৰ গঠন হোৱাৰ পাছৰে পৰা ঋণৰ পৰিমাণো আকাশীযানৰ বেগেৰেই বাঢ়িবলৈ লয় ৷ ২০২৩ চনত অসম চৰকাৰৰ মুঠ ঋণৰ পৰিমাণ হয়গৈ ১,২৫,২৮১.৪ কোটি টকা ৷ ২০২৪ ত এই ঋণৰ পৰিমাণ ১,৫০,৯০০ কোটি টকালৈ বৃদ্ধি পাব ৷ ৰাজ্যৰ অৰ্থনীতি আকণ্ঠ ঋণত ডুব যোৱাৰ পাছতো কিন্তু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এতিয়াও ত্যাগ কৰা নাই আকাশীযানৰ বিলাসিতা ৷  

assam politicsbjp cmexclusiveGovernmentgovt fund misusehelicopterhimanta biswa sarmamodel code of conductthe crosscurrent
Comments (0)
Add Comment