ৰাম জন্মভূমি ন্যাসৰ অধ্যক্ষৰ কৰোনা ভাইৰাছ পজিটিভ, নৰেন্দ্ৰ মোডীয়ো হ’ব লাগিব নেকি কোৱাৰেণ্টাইন?

ৰাম জন্মভূমি ন্যাসৰ অধ্যক্ষ মহন্ত নিটীয়া গোপালদাসজীৰ আজি কৰোনা ভাইৰাছ পজিটিভ আহিছে। এই খবৰ নিশ্চিত কৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।

উল্লেখযোগ্য যে যোৱা ৫ আগষ্টৰ ৰাম জন্মভূমিৰ ভূমি পূজন অনুষ্ঠানত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু আৰু ৰাম জন্মভূমি ন্যাসৰ অধ্যক্ষজনে একে খন মঞ্চতে আছিল। ANI নামৰ নিউজ এজেঞ্চিটোৱে কৰা এক টুইটত মহন্ত নিটীয়া গোপালদাসজীক প্ৰধান মন্ত্ৰী আৰু যোগী আদিত্যনাথৰ লগত মাস্ক পৰিধান নকৰাকৈ ৰাম জন্মভূমিৰ ভূমি পূজন অনুষ্ঠানত দেখা গৈছে। ইয়ে এতিয়া প্ৰশ্ন উত্থাপন কৰিছে যোগী আদিত্যনাথৰ লগতে এতিয়া নৰেন্দ্ৰ মোডী ডাঙৰীয়াও কোৱাৰেণ্টাইন হ’বলগীয়া হ’ব নেকি? অৱশ্যে এই এই পর্যন্ত কোনো চৰকাৰী মন্তব্য প্ৰকাশ পোৱা নাই।

জানিব পৰা মতে মহন্ত নিটীয়া গোপালদাসজীৰ চিকিৎসাৰ বাবে যোগী আদিত্যনাথে মথুৰা জিলা প্ৰশাসনক আৰু গোপালদাসজীৰ অনুগামী সকলক শীঘ্ৰে ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে।

BJPcoronavirusNARENDRAMODIram mandiryogi adityanath
Comments (0)
Add Comment