২০১৭ চন ৷উত্তৰ প্ৰদেশত অভাৱনীয় সফলতা লাভ কৰাৰ পাছত প্ৰধানমন্ত্ৰীৰ হাতত তুলি দিয়া হ’ল মুখ্যমন্ত্ৰী নিৰ্বাচনৰ দায়িত্ব ৷ নৰেন্দ্ৰ মোদীৰ শেষ বিচাৰত উঠিল যোগী আদিত্যনাথৰ নাম ৷ চৰ্চা চলিল প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ উত্তৰাধিকাৰী নিৰ্বাচন কৰিছে নেকি ? সেই সময়ত কাকতত প্ৰকাশ পালে এটা বিশেষ কাৰ্টুন ৷ য’ত দেখা গ’ল দেশৰ বৰ্ষীয়ান নেতা লালকৃষ্ণ আদৱানিয়ে মোদীক পৰামৰ্শ দি আছে – ‘এই ভুল দুনাই নকৰিবা , যি ভুল মই তোমাক নিৰ্বাচন কৰি কৰিলো ৷’ আদৱানিক অতিক্ৰমী মোদী হৈ পৰিছিল দলৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী ৷ কাৰ্যকালৰ শেষলৈ যোগীয়েও আত্মপ্ৰকাশ কৰিলে মোদীৰেই প্ৰতিদ্বন্দীৰ ৰূপত ৷যোগী আদিত্যানাথৰ পাখি কাটিবলৈ নৰেন্দ্ৰ মোদীৰে গুজৰাটৰ তেওৰ ঘণিষ্ঠ বিষয়া এ কে শৰ্মাক উত্তৰ প্ৰদেশৰ বিধান পৰিষদলৈ নিৰ্বাচিত কৰালে ৷ এ কে শৰ্মাক উপ – মুখ্যমন্ত্ৰীত্ব দিয়াৰ আৰ্জি পেছ কৰিলে ৷ কিন্তু যোগীয়ে নামানেহে নামানে ৷ আৰ এছ এছৰ শীৰ্ষ নেতৃত্বই বুজালে ৷ যোগীয়ে তাৰ পাছতো নামানে ৷ অৱশেষত যোগীৰ কথাই চূড়ান্ত হ’ল ৷ উত্তৰ প্ৰদেশত যোগী আদিত্যনাথৰ নেতৃত্বতে নিৰ্বাচনত অৱতীৰ্ণ হ’ল বিজেপি ৷ দলৰ মাজত যে মতভেদ নাই , তাক প্ৰমান কৰিবলৈ যোগীৰ কান্ধত হাত থৈ প্ৰথমবাৰৰ বাবে ফটো ছেচন কৰিবলগীয়া হ’ল নৰেন্দ্ৰ মোদীয়ে ৷ নিৰ্বাচনী সভাত বাৰে বাৰে ক’বলগীয়া হ’ল- আয়েগা তো যোগী হী৷ কাৰণ , ইতিমধ্যে হিন্দুৰ হৃদয় সম্ৰাট হৈ উঠিছিল যোগী আদিত্যনাথ ৷
সেইগৰাকী যোগী আদিত্যনাথ প্ৰথমবাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হৈছিল ১৯৯৮ চনত ৷গোৰখপুৰ সমষ্টিৰ পৰা ৷ তাৰ পাছত গোৰখপুৰত তেও আৰু পৰাজয়ৰ মুখ দেখা নাই ৷ ২০১৭ চনত যেতিয়া বিজেপিয়ে অকলেই উত্তৰ প্ৰদেশত ৩১২ খন আসন লাভ কৰিলে , নেতৃত্বৰ সন্মুখত আহি পৰিল ধৰ্মসংকট ৷ এই সংকট মোচনৰ দায়িত্ব দিয়া হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৷ মোদীৰ ওচৰত আন কোনো বিকল্প নাছিল যোগীৰ বাহিৰে ৷ কাৰণ তেও প্ৰত্যক্ষভাৱে ভোটাৰসকল হিন্দু – মুছলমানৰ নামত বিভাজিত হোৱাটো বিচাৰছিল ৷ যি কাম উত্তৰ প্ৰদেশৰ পৰা আৰম্ভ হ’লে অতি সহজ হয় আৰু সেই কামত অতি দক্ষ হিচাপে চিহ্নিত হ’ল যোগী আদিত্যনাথ ৷ ২০১৭ চনৰ মাৰ্চত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈয়ে তেও নিজৰ দায়িত্ব পালনত হাতে কামে লাগি গ’ল ৷ গো – হত্যা নিষিদ্ধ কৰা , এন্টি ৰোমিও স্কোৱাড গঠন কৰা , এটা পাছত আন এটা এনকাউন্টাৰেৰে তেও স্বাধীনোত্তৰ ভাৰতত এটা নতুন শাসন প্ৰণালী আৰম্ভ কৰিলে ৷
যোগী কিন্তু জন্মৰে পৰা যোগী নাছিল ৷ তেওৰ নাম আছিল অজয় মোহন বিছাট ৷ জন্ম ১৯৭২ চনত , বন বিষয়া এজনৰ পৰিয়ালত ৷ গণিত বিষয়ৰ স্নাতক ৷ পঢ়ি থাকোতেই আৰ এছ এছৰ সান্নিধ্যলৈ আহে ৷ তেতিয়াই তেও লগ পায় গোৰখপুৰ মঠৰ সন্ত মহন্ত আদিত্যনাথক ৷ গোৰখপুৰ মঠ অৱস্থিত পূৱ উত্তৰ প্ৰদেশত ৷ এই মঠেই ৪৪ টা অনুষ্ঠান পৰিচালনা কৰে ৷ মন্দিৰ , হাস্পতাল , স্কুল আদি ৷ ১৯৯৪ চনত সন্যাস লৈ অজয় মোহন হৈ পৰিল যোগী আদিত্যানাথ ৷ ২৪ বছৰ বয়সত গোৰখপুৰ মঠৰ সন্যাসী হোৱা যোগী আদিত্যনাথ ২০১৪ চনত মঠৰ মুখ্য পুৰোহিতৰ আসনত অধিষ্ঠিত হয় ৷মহন্ত আদিত্যনাথৰ মৃত্যুৰ পাছত ৷তাৰ মাজতে তেও ২০০২ চনত গঠন কৰে হিন্দু যুৱ বাহিনী ৷ হিন্দুত্বক প্ৰতিষ্ঠা কৰিবলৈ গঠন কৰা এই বাহিনীক নিজৰ ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে যোগী আদিত্যনাথে৷ ২০০২ চনত যেতিয়া গোৰখপুৰত বিজেপিয়ে যোগীৰ পছন্দৰ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান নকৰিলে , আদিত্যনাথে হিন্দু যুৱ বাহিনীৰ সমৰ্থনত নিজৰ প্ৰাৰ্থী থিয় কৰালে ৷ নিৰ্বাচনত আদিত্যনাথৰ প্ৰাৰ্থীয়েই বিজয়ী হ’ল ৷ মুছলমানৰ বিৰুদ্ধে ঘৃণা উদ্দীপক ভাষণ দিয়াত কেতিয়াও ইতস্বত: কৰা নাই যোগী আদিত্যনাথে ৷ ২০০৭ চনত আজমগড়ত তেও ৰাজহুৱাভাৱে কৈছিল –‘ সিহঁতে (মুছলমানে ) যদি এজনী হিন্দু যুৱতীক হত্যা কৰে , আমি সিহঁতৰ ১০০ জনক হত্যা কৰিম ৷’ মুছলমানৰ বিৰুদ্ধে ধাৰাবাহিক ঘৃণাৰ উদ্গীৰণ কৰা , তৃতীয় লিংগৰ মুকলি বিৰোধিতা কৰা , মহিলাৰ সংৰক্ষণক পোনচাটেই নাকচ কৰা যোগী আদিত্যনাথকেই ২০১৭ চনত দেশৰ বৃহত্তম ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে বাছনি কৰিলে নৰেন্দ্ৰ মোদীয়ে ৷ তাৰ পাছৰচোৱাৰ উল্লেখ নিষ্প্ৰয়োজন ৷ মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বে কোনো প্ৰশাসনিক অভিজ্ঞতা নথকা যোগীয়ে উত্তৰ প্ৰদেশত সূচনা কৰিলে এক নতুন প্ৰশাসনৰ ৷
এনকাউন্টাৰ , প্ৰতিবাদকাৰীক জৰিমনা , এন এছ এৰ অধীনত গ্ৰেপ্তাৰ আদি নিত্য নৈমিত্তিক ঘটনাত পৰিণত হ’ল উত্তৰ প্ৰদেশত ৷ বিৰোধীৰ অভিযোগ – এটা বিশেষ সম্প্ৰদায়কল লক্ষ্য কৰি এই আক্ৰমণ নমাই অনা হৈছে ৷ এই কথা স্বীকাৰ কৰিবলৈও যোগীয়ে কুণ্ঠাবোধ নকৰে ৷ শেষলৈ মুকলিকৈ কৈয়েই দিলে যে এইবাৰৰ নিৰ্বাচন সংখ্যাগৰিষ্ঠ অৰ্থাৎ ৮০ শতাংশ আৰু সংখ্যালঘু অৰ্থাৎ ২০ শতাংশৰ মাজত অনুষ্ঠিত হ’ব ৷ সাম্প্ৰদায়িকতাৰ মুকলি পৃষ্ঠপোষকতা কৰা যোগীয়েই আকৌ এবাৰ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ আসনত বহিল ৷ভাৰতবাসীয়ে কাহানিও নেদেখা , কল্পনা নকৰা এক শাসন তন্ত্ৰ প্ৰতিষ্ঠা কৰা যোগী আদিত্যনাথকেই আকৌ এবাৰ বিচাৰিলে উত্তৰ প্ৰদেশৰ জনতাই ৷ যদি এনেদৰেই জনপ্ৰিয় হ’ব পাৰি , যদি ঘৃণাৰ উদ্গীৰণেই নিৰ্বাচন জিকাৰ পোনপটীয়া পথ হয় , তেনেহ’লে ভাৰতৰ ৰাজ্যই ৰাজ্যই যে আৰু বহু যোগী আদিত্যনাথৰ জন্ম হ’ব , সেয়া নিশ্চিত ৷