✍🏻জিতুমণি বৰা
#JusticeForZubeenGarg –ছ’চিয়েল মিডিয়াত অসমৰ তৰুণ প্ৰজন্মৰ লগতে জ্যেষ্ঠ নাগৰিকেও ১৯ ছেপ্টেম্বৰৰ পৰা ধাৰাবাহিকভাৱে দিয়া এই ধবনিৰ প্ৰতিফলন আজি ঘটিবনে? মুখ্যমন্ত্ৰীৰ ঘোষণা অনুসৰি আজি ১২ ডিচেম্বৰত এছ আই টিয়ে জুবিন গাৰ্গ হ*ত্যাৰ অভিযোগনামা আদালতত দাখিল কৰিব৷ ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত জুবিন গাৰ্গক হ*ত্যা কৰাৰ পাছত ইয়াৰ তদন্ত কৰিবলৈ গঠন কৰি দিয়া বিশেষ তদন্তকাৰী গোটে আজি আদালতত অভিযোগনামা দাখিল কৰাৰ কথা৷ জুবিন গাৰ্গক হ*ত্যা৷ হ*ত্যাৰ অভিযোগত এতিয়ালৈকে ৭ জনক বন্দী কৰি থোৱা হৈছে৷ বন্দী নোহোৱাকৈয়ো বহুজন বাহিৰত থকা বুলি অভিযোগ আছে৷ আজি দাখিল কৰিবলগীয়া অভিযোগনামাক লৈ অসমৰ সৰ্বস্তৰৰ নাগৰিকৰ উৎকণ্ঠা৷ ৰাইজৰ এটাই দাবী-জুবিন গাৰ্গৰ দৰে এই শতিকাৰ আটাইতকৈ জনপ্ৰিয় আৰু কোনো ধৰণৰ গোপন এজেণ্ডা নথকাকৈ অসমীয়া মানুহৰ আপদে-বিপদে একেবাৰে সন্মুখত থাকি নেতৃত্ব দিয়া মানুহজনক যিসকলে হত্যা কৰিলে, তেওঁলোকে কোনো ধৰণৰ ৰাজনৈতিক সুৰক্ষা পাব নালাগিব৷ প্ৰতিগৰাকী অসমীয়াই এতিয়াও বিশ্বাস কৰিবলৈ টান পাই যে জুবিন গাৰ্গ নামৰ অসমৰ আকাশে-বতাহে সিঁচৰতি হৈ থকা সত্তাটো কায়িকভাৱে নোহোৱা হৈ গ’ল৷ যিজন মানুহৰ কেতিয়াও মৃত্যুৱে নহয় বুলি মানুহে ভাবিব পাৰিছিল, সেই মানুহজনকো কেইজনমান অসমীয়াই সংঘবদ্ধভাৱে হত্যা কৰিব যে পাৰে, সেয়াও বিশ্বাস কৰিবলৈ টান লাগিছিল৷ কিন্তু এয়াই সত্য৷ আজি আদালতত দাখিল কৰিবলগীয়া অভিযোগনামাত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, অমৃতপ্ৰভা মহন্ত, শেখৰ গোস্বামী, সন্দীপন গাৰ্গ আৰু দুগৰাকী দেহৰক্ষীৰ বাবে কি শাস্তিৰ বিধান দিয়ে, সেয়া জানিবলৈ অসমবাসী উদ্বিগ্ন৷ সমান্তৰালভাৱে যিসকল এই হ*ত্যাৰ সৈতে জড়িত হৈয়ো বাহিৰত ৰৈ গ’ল, তেওঁলোকক তদন্তৰ আউটিলৈ আনিব পৰা যাব নে নাযায়, সেই সম্পৰ্কে অভিযোগনামাত কি থাকিব? এইবোৰ কথা পুংখানুপুংখভাৱে অসমৰ ৰাইজে জানিবলৈ ৰৈ আছে৷ আদালতত অভিযোগনামা দাখিলৰ পাছতে যিকোনো এজন ভাৰতীয় নাগৰিকে আৱেদন কৰিলে এইখন লাভ কৰিব৷ সেয়ে প্ৰতিগৰাকী সজাগ আৰু সচেতন অসমীয়াই প্ৰায় ৩,৫০০ পৃষ্ঠাৰ অভিযোগনামাখন আবেদন কৰি হাতত লওক৷ চৰকাৰে যদি অভিযুক্তসকলক আইনী সুৰুঙাৰে বচাব বিচাৰিছে, ইয়াৰ বিৰুদ্ধে সৰৱ হওক৷ অসমৰ অধিবক্তাসকলক পুনৰ ধন্যবাদ আৰু কৃতজ্ঞতা৷ তেওঁলোকে শ্যামকানু, সিদ্ধাৰ্থহঁতৰ দৰে জুবিন হ*ত্যাত অভিযুক্তসকলৰ গোচৰ নচলোৱাৰ সিদ্ধান্ত লৈছিল৷ এই সিদ্ধান্তটোৰ কথা বুৰঞ্জীয়ে প্ৰজন্মৰ পাছত প্ৰজন্মলৈ কঢ়িয়াই নিব৷ ই অসমৰ অধিবক্তাসকলৰ জাতীয় দায়বদ্ধতাক সোঁৱৰাই থাকিব৷ অধিবক্তাসকলে আবেদন কৰি অভিযোগনামাখন লগত ৰাখক৷ কিবা আইনী সুৰুঙাৰে জুবিন হ*ত্যাত জড়িত শক্তিবোৰে নিজকে খালাচ কৰিবলৈ চেষ্টা চলাব পাৰে নেকি?- এই কথাবোৰ আইনী দৃষ্টিৰে অধিবক্তাসকলে পৰ্যালোচনা কৰক৷ প্ৰয়োজনত ইয়াৰ বিৰুদ্ধে অধিবক্তাসকল ঐক্যবদ্ধ হৈ আদালতত থিয় হওক৷ কোনো কাৰণতে এজনো অভিযুক্ত (কাৰাবন্দী হোৱা-নোহোৱা) সাৰি যাব যাতে নোৱাৰে৷ এই দায়িত্ব অসমৰ ৰাইজে লওক৷ অধিবক্তাসকল অসমীয়া সমাজখনৰ অবিচ্ছেদ্য অংগ৷ তেওঁলোকৰ দায়িত্ব সাধাৰণ নাগৰিকতকৈ আইনৰ সভাত অধিক৷