‘অভিশপ্ত’ নেকি গেৰুকামুখ?

অভিশপ্ত নেকি গেৰুকামুখ?
অঘটনে লগ নেৰা হৈছে গেৰুৱাকামুখক

গেৰুকামুখত নিৰ্মীয়মাণ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত ভূমিস্খলন সংঘটিত হৈছে৷

গেৰুকামুখৰ NHPC প্ৰকল্পৰ ডাইভাৰ্চন টাৰ্ণেললৈ যোৱা পথটো খহি পৰিছে৷

অৰুণাচল পাহাৰত হৈ থকা মুষলধাৰ বৰষুণৰ ফলত এই ভূমিস্খলন সংঘটিত হৈছে৷
২ নং টানেলৰ লেফ্ট বেংকৰ এটা অংশত বৃহদাকৃতিৰ গাঁতৰ সৃষ্টি হৈছে৷
বন্ধ হৈ পৰিছে ডাইভাৰ্চন টানেললৈ যোৱা সকলোধৰণৰ যোগাযোগ৷
ইতিমধ্যে গেৰুকামুখৰ প্ৰকল্পটোৰ
প্ৰায় ৯০ শতাংশ নিৰ্মাণকাৰ্য সম্পূৰ্ণ
হৈছে৷
বাৰিষাৰ প্ৰভাৱ নপৰোঁতেই এনেদৰে ভূমিস্খলন হোৱাটোৱে চিন্তাত পেলাইছে স্থানীয় জনতাক৷ প্ৰকল্পটো সুৰক্ষিত কৰিব নোৱাৰাৰ অভিযোগ উত্থাপিত হৈছে NHPC ৰ বিৰুদ্ধে৷

Comments (0)
Add Comment