গেৰুকামুখৰ ঠুনুকা পাহাৰত ভূমিস্খলন 

গেৰুকামুখৰ ঠুনুকা পাহাৰত ভূমিস্খলন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ইনটেক টানেলৰ ওপৰত ভয়ংকৰ ভূমিস্খলন । বৃহৎ বৃহৎ আকাৰৰ ভংগুৰ খহি হৈছে ভয়ংকৰ শব্দ মেঘৰ গাজনিৰ দৰেই ভয়ংকৰ শব্দত কঁপিছে আকাশ-বতাহ৷ জানিব পৰা মতে লেফ্ট বেংকৰ পাহাৰ ফোপোলা হৈ পৰিছে ফলত এই ভূমিস্খলনইটোৰ পিছত সিটোকৈ খহিছে ভংগুৰ পাহাৰৰ অংশ ৷

ইমানৰ পিছতো বান্ধ নিৰ্মাণকাৰী সংস্থা NHPCয়ে ল’ব পৰা নাই ব্যৱস্থা,বৰঞ্চ চলাই গৈছে অহৰ্নিশে কাম ভংগুৰ পাহাৰ খহাৰ দৃশ্যই ভবাই তুলিছে সকলোকে৷ কিমান সুৰক্ষিত গেৰুকামুখৰ ভংগুৰ পাহাৰ,, কেনেকৈ সম্ভৱ ভংগুৰ পাহাৰত নিৰ্মাণৰত ২,০০০ মেগাৱাট শক্তি সম্পন্ন বৃহৎ নদী বান্ধ? অসমৰ দিশৰ পাহাৰলৈ সম্পূৰ্ণৰূপে ভাবুকি , প্ৰকৃতিৰ যদি কৃপাদৃষ্টি নহয় তেন্তে গেৰুকামুখৰ পাহাৰত বৃহৎ নদী বান্ধৰ নিৰ্মাণৰ অসম্ভৱ ৷ ইতিমধ্যে লেফ্ট বেংকৰ দুটা পথ সম্পূৰ্ণৰূপে নদীত জাহ গৈছে, NHPC য়ে যিমানেই উন্নত কাৰিকৰী প্ৰযুক্তিৰ ব্যৱহাৰ নকৰক কিয় প্ৰকৃতিৰ ওচৰত আঁঠু ল’ব লাগিব NHPC য়ে |

উল্লেখ্য যে, বিশেষজ্ঞ সমিতি আৰু সেউজ ন্যায়াধীকৰণৰ প্ৰতিবেদনৰ প্ৰতিটো তথ্যই সঁচা প্ৰমাণিত হৈছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত।

 

 

Comments (0)
Add Comment