উকা হৈ পৰিল ভালপোৱাৰ চিনাকি বন্দৰ

ভালপোৱাৰ সেই চিনাকি বন্দৰ উকা কৰি গুছি গ’ল প্ৰেমিক নীলপৱন । চিনাকি ৰঙ , চিনাকি কেনভাছ এৰি প্ৰেমিকা পত্নীৰ পথেৰেই সৰগৰ বাট ল’লে প্ৰেমিক নীলপৱনে । যি বাটেৰে চাৰি বছৰ আগতেই গুছি গৈছিল কোকিলকণ্ঠী দীপালী বৰঠাকুৰ ।চাৰি বছৰ আগৰ ডিচেম্বৰৰ সেই দিনটোও আছিল আজিৰ দৰেই উদাস । নৰকাসুৰ পাহাৰৰ সিপাৰেদি ক্ৰমাৎ নামি গৈছিল দুপৰৰ বেলি । ভঙাগড়ৰ দুপৰীয়াটো বিষাদে আচ্ছন্ন কৰি তুলিছিল আৰু চিকিৎসালয়ৰ বিচনাত মৃত্যৰে যুঁজিছিল দীপালি বাইদেউৱে । বাহিৰত উচপিচাই আছিল অনেক গুণমুদ্ধই । ঘৰত শূণ্য হুইল চেয়াৰখনলৈ চাই প্ৰেমিক নীলপৱনে পাৰ কৰিছিল উদাস সময় । এটা সময়ত কফিনত সোমাই ঘৰলৈ উভতিছিল প্ৰিয়তমা পত্নী । বন্ধ কফিনটোলৈ চাই গভীৰ আশা অথচ থোকাথুকি মাতেৰে নীলপৱনে কৈ উঠিছিল – কাইলৈ ৰাতিপুৱা বাকচটো খুলি তুমি ওলাই আহিবা ।এনেদৰে এটা দীঘলীয়া যাত্ৰাৰ সামৰণি পৰিব বুলি তেওঁ কাহানিও ভাবিবই পৰা নাছিল । কাৰণ তাৰ আগত কিমান দিন তেওঁলোকে একেলগে পাৰ কৰিছিল ,ভাৱনাৰ একেটা পথত একেলগে আগুৱাই গৈছিল , তাৰ হিচাপ কোনো এজনেই ৰখা নাছিল ।প্ৰায়ে বিচনাত নিৰ্বাক হৈ শুই থাকে দীপালি । আৰু বিচনাৰ এচুকত বহি হাতত হাত থৈ চকুত চকু ৰাখি বহি ৰয় নীলপৱন । সেই আকুল দৃষ্টিৰ বান্ধোনে বান্ধি ৰাখিছিল দুয়োটা প্ৰেমিক চৰাইক । এটা কঠিন পথ একেলগে অতিক্ৰম কৰিবলৈ সাহসী কৰি তুলিছিল ।কিন্তু চাৰি বছৰ পূৰ্বে শীতৰ এটা দুপৰীয়া নীলপৱনৰ আকাশলৈ অকস্মাৎ যেন নামি আহিছিল প্ৰবল ধুমুহা বজ্ৰপাত । ডিচেম্বৰৰ সেই অলস দুপৰীয়া প্ৰেমিক নীলপৱনক অকলেই এৰি বিদায় লৈছিল তেওঁৰ প্ৰতি প্ৰহৰৰ সহচৰ দীপালী বৰঠাকুৰে । কিন্তু এনেদৰে গুছি যোৱাতেই সকলো শেষ হৈ নাযায় । অনেক কিবাকিবি থাকি যায় । থাকি যায় অনেক স্মৃতি – সুখৰ , দুখৰ , আনন্দ , পৰিতাপৰ । এইবোৰৰ মাজতেই গুছি যোৱাজন জীয়াই থাকে । আৰু স্মৃতিৰ উমাল চাদৰ মেৰিয়াই ভালপোৱাৰ বন্দৰত নি:সংগ হৈ ৰৈ যায় প্ৰিয়জন । স্মৃতিৰ সৈতে আলাপ কৰি , স্মৃতিৰ চিঠি পঢ়ি পাৰ কৰে নিথৰ সময় ।এনেদৰেই ভালপোৱাৰ বন্দৰত স্মৃতিৰ চিলা উৰুৱাই ৰৈ গৈছিল নীলপৱন বৰুৱা ।কিন্তু কেনভাছৰ ৰঙবোৰ লাহে লাহে উৱলি আহিছিল । নি:সংগ নীলপৱনৰো দীপালিৰ বাটেৰেই যোৱাৰ সময় কাষ চাপি আহিছিল । আজিৰ ৰৌদ্ৰোজ্জ্বল আন এটি আবেলিত স্মৃতিৰ টোপোলা সামৰি সুতৰি বিদায় ল’লে প্ৰেমিক নীলপৱনে । অজস্ৰ গুণমুদ্ধৰ প্ৰাৰ্থনা , শুভাকামনাইও যোৱাৰ বাটৰ পৰা ওভতাই আনিব নোৱাৰিলে ৰঙৰ খনিকৰজনক । নীলপৱন বৰুৱাৰ বিদায়ত উকা হৈ পৰিল ভালপোৱাৰ সেই চিনাকি বন্দৰ ।ক’ৰ পৰা আৰম্ভ হৈছিল – সেই ৰঙীণ , সুমধুৰ যাত্ৰাৰ ?চন আছিল ১৯৭১ ৷ কলকাতাৰ অসম হাউচত প্ৰথমবাৰৰ বাবে নীলপৱন – দীপালিৰ সাক্ষাৎ । সুমধুৰ কণ্ঠৰ গায়িকাগৰাকী তেতিয়া দুৰাৰোগ্য মটৰ নিউৰণ ৰোগত আক্ৰান্ত । দুৰ্বল হৈ আহিছিল স্নায়ু বিন্যাস । দীপালিয়ে শৰীৰৰ শক্তি হেৰুৱাই অহাৰ সময়তে তেওঁৰ কাষ চাপি গ’ল নীলপৱন ।নীলপৱন বৰুৱা শিল্পী । শিল্পৰ দৰেই তেওঁৰ প্ৰেম ৷ কলকাতাৰ শান্তি নিকেতনৰ পৰা তেওঁ শিল্পী হৈ ওলাই আহিছিল আৰু এগৰাকী তৰুণী শিল্পীৰ জীৱনৰ জটিল যুঁজখনে তেওঁক প্ৰেমিক কৰি গঢ়ি তুলিছিল । ১৯৭৬ চনত তেওঁলোক বিবাহপশত আৱদ্ধ হৈছিল । তাৰ আগলৈকে প্ৰেমিক শিল্পী নীলপৱন আছিল যাযাবৰ , উদভ্ৰান্ত । কেতিয়াবা খোজকাঢ়ি খোজকাঢ়ি হেৰাই গৈছিল মানুহৰ ভিৰৰ মাজত । কেতিয়াবা আশ্ৰয় লৈছিল প্ৰকৃতিৰ নীৰৱতাত । কিন্তু প্ৰেমে তেওঁক কৰি তুলিলে সচেতন আৰু দায়িত্বশীল । তেওঁ বুজি উঠিছিল যি দায়িত্ব তেওঁ হাত পাতি লৈছে , পৰৱৰ্তী জীৱনৰ বাবে যি পথ ঠিক কৰিছে , সেই পথত চলিবলৈ হ;লে সজাগ আৰু সময়ানুৱৰ্তী হ’বই লাগিব । এলাহ – খেয়াল , সংশয় –দুৰ্ভাৱনা এৰি সেই পথত একানপতীয়া হৈ আগবাঢ়িবই লাগিব । তাৰ পাছত কিমান দুৰ্যোগ – কিমান দু:সময় পাৰ হৈ গ’ল মূৰৰ ওপৰেদি । কিন্তু নীলপৱন বৰুৱাৰ প্ৰতিটো পুৱা , প্ৰতিটো দুপৰীয়া , প্ৰতিটো সন্ধিয়া প্ৰদক্ষিণ কৰি থাকিল এটাই কক্ষপথত । যি কক্ষপথ তৈয়াৰ হৈছিল প্ৰেমিকা পত্নী দীপালিক কেন্দ্ৰ কৰি । দশকৰ পাছত দশক সেই একেই বিৰতিবিহীন যাত্ৰা । কিন্তু কাহানিও ম্লান হ’বলৈ নিদিলে জীৱনৰ কেনভাছত ভালপোৱাৰ উজ্জ্বল ৰঙবোৰ । এই যাত্ৰা আছিল এটা সুৰীয়া গানৰ দৰেই হৃদয় জুৰোৱা । প্ৰজন্মৰ পাছত প্ৰজন্মৰ বাবে ইৰ্ষাৰ বিষয় আছিল সেই প্ৰেম , সেই সুমধুৰ যাত্ৰা । হঠাৎ চাৰি বছৰ আগৰ ডিচেম্বৰৰ দুপৰীয়া স্তব্ধ হৈ পৰিল সেই গতি । ভালপোৱাৰ বন্দৰত নি:সংগ হৈ পৰিল প্ৰেমিক নীলপৱন । চাৰিটা বছৰত তেওঁ কেৱল স্মৃতিৰ বৰষুণত নিজকে জুৰুলি জুপুৰি কৰিলে । স্মৃতিৰ ৰ’দত নিজকে শুকুৱালে । কিন্তু সকলো যাত্ৰাৰ দৰেই স্মৃতিৰ সৈতে এই যাত্ৰাৰো এটা সামৰণি থাকে । সেই যাত্ৰাৰ যৱনিকা পেলাই আজি প্ৰিয়তমা পত্নীৰ বাটেৰেই বাট বুলিলে প্ৰেমিক শিল্পী নীলপৱন বৰুৱাই । সঁচাকৈ উকা হৈ পৰিল ভালপোৱাৰ সেই চিনাকি বন্দৰ । স্তব্ধ হৈ পৰিল স্মৃতিৰ বতাহজাক । কেৱল থাকি গ’ল প্ৰেমৰ এক অমৰ পদচিহ্ন ।

Comments (0)
Add Comment