পট পৰিৱৰ্তন : এ আই ইউ ডি এফক এৰি ৰাইজৰ দলৰে কংগ্ৰেছৰ মিত্ৰতা !

বিধানসভা নিৰ্বাচনৰ পূৰ্বে গঠন হোৱা কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁট উপ – নিৰ্বাচনৰ পূৰ্বে ভংগ হোৱাৰ উপক্ৰম হৈছে ৷ মূলত: এ আই ইউ ডি এফ দলৰ একাংশ নেতাই মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক মুকলিকৈ প্ৰশংসা কৰাক লৈয়ে অসন্তুষ্ট হৈ পৰিছে কংগ্ৰেছ দল ৷ সেয়ে এ আই ইউ ডি এফক আঁতৰাই ৰাইজৰ দলৰ সৈতে মিত্ৰতাৰ প্ৰসংগ এতিয়া দলটোৰ ভিতৰচ’ৰাত আলোচিত হৈছে ৷

বৃহস্পতিবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে মহাজোটৰ একাংশ নেতাই মিত্ৰতাৰ ধৰ্ম পালন কৰা নাই ৷ এই লৈ কংগ্ৰেছৰ তৃণমূল পৰ্যায়ৰ পৰা নেতৃত্বলৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷গতিকে দলৰ সকলো নেতা কৰ্মীৰ মতামতৰ প্ৰতি শ্ৰদ্ধা জনাই পৰৱৰ্তী সিদ্ধান্ত লোৱা হ’ব ৷১৫ ছেপ্তেম্বৰত অনুষ্ঠিত হ’বলগীয়া বৈঠকত এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব ৷

প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে অখিল গগৈৰলগত তেওৰ শেহতীয়া বৈঠক আছিল সৌহাৰ্দ্যমূলক সাক্ষাৎ ৷ কেৱল উপ- নিৰ্বাচনেই নহয় , আগলৈও বিজেপিৰ বিভাজনকামী ৰাজনীতিৰ বিৰুদ্ধে সংগ্ৰাম কৰিবলৈ এক মানসিক প্ৰস্তুতি চলাই থকা হৈছে ৷

ভূপেন বৰাৰ এই মন্তব্যই অসমৰ বিৰোধী ৰাজনীতিত পট পৰিৱৰ্তনৰ ইংগিত বহন কৰিছে ৷

 

aiudfakhilgogoiapccbhupenboraraijordalthecrosscurrent
Comments (0)
Add Comment