‘দুৰ্নীতিমুক্ত’ চৰকাৰৰ নমুনা

দুৰ্নীতিমুক্ত চৰকাৰ বুলি দাবী কৰি অহা বিজেপি চৰকাৰৰ দিনত আৰক্ষীয়ে কোনোমতে পেটেভাতে খাই থকা ৰিক্সাচালকৰ পৰাও সংগ্ৰহ কৰে ধন।আৰক্ষীৰ এই ধন সংগ্ৰহৰ বিৰোধিতা কৰি বঙাইগাঁও জিলাৰ মানিকপুৰত ই ৰিক্সা চালক সন্থাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । ই ৰিক্সা চালকৰ পৰা আৰক্ষীয়ে ধন সংগ্ৰহ কৰাৰ বিৰুদ্ধে এই প্ৰতিবাদ কৰিছে সন্থাটোৱে।বঙাইগাঁও জিলাৰ মানিকপুৰত আজি ই ৰিক্সা চালক সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।মানিকপুৰ, পাতিলাদহা, চকীহালিৰ শতাধিক ই ৰিক্সা চালকে মানিকপুৰ চাৰি আলি চ’কৰ পৰা প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰি মানিকপুৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত শেষ কৰে।মানিকপুৰৰ ই ৰিক্সাৰ পৰা মানিকপুৰ আৰক্ষীয়ে পাঁচশ টকাকৈ জৰিমনা আদায় কৰাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথত ই ৰিক্সাৰ চলাচল বন্ধ কৰাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।ই ৰিক্সা চালক সন্থা জিন্দাবাদ, আৰক্ষীৰ ধন সংগ্ৰহ বন্ধ কৰক, আদি শ্লোগান দি পৰিবেশ উত্তাল তোলে। মাণিকপুৰ ই ৰিক্সা চালক সকলে আৰক্ষীৰ এই কাৰ্য্যৰ তীব্ৰ সমালোচনা কৰে লগতে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰে।

Comments (0)
Add Comment