নিমাতীঘাট ফেৰী দুৰ্ঘটনাত কেইবাগৰাকীও দুৰ্ভগীয়া লোকৰ প্ৰাণ হানি হোৱাৰ পিছত এতিয়া সষ্টম হৈছে অসম আৰক্ষী। ফেৰী দুৰ্ঘটনাৰ লগত জড়িত ৯ জনকৈ লোকক আটক কৰিছে আৰক্ষীয়ে। যোৰহাট আৰক্ষীয়ে যোগেন দাস, ধনবৰ দাস, বিজু কুমাৰ দাস, জয়ন্ত দত্ত, বিনোদ বৰুৱা আৰু বাবুল নেওগ নামৰ ৬ গৰাকীকৈ ব্যক্তিক আটক কৰাৰ বিপৰীতে মাজুলী আৰক্ষীয়ে আটক কৰিছে অভিশপ্ত মা কমলা নামৰ ফেৰীখনৰ ৩ জনকৈ কৰ্মচাৰীক। ফেৰীখনৰ ইঞ্চিন ড্ৰাইভাৰ বদন দত্ত, কালেক্টৰ বিপুল বৰা আৰু গুৰিয়াল প্ৰশান্ত পামেগামক মাজুলী আৰক্ষীয়ে ইতিমধ্যেই আটক কৰাৰ খবৰ আহিছে।
নিমাতীঘাট ফেৰী দুৰ্ঘটনাৰ লগত জড়িত ৯ জনক আটক
