যুদ্ধ আৰম্ভ : ইউক্ৰেইনৰ ৰাষ্ট্ৰদূতৰ মোদীলৈ কি আহ্বান?

বৃহস্পতিবাৰে পুৱাৰে পৰা ইউক্ৰেইনৰ ওপৰত আক্ৰমণ আৰম্ভ কৰিছে ৰাছিয়াই ৷ এনে পৰিস্থিতিত ইউক্ৰেইনে বিচাৰিছে ভাৰতৰ সহায় ৷ ভাৰতস্থিত ইউক্ৰেইনৰ ৰাষ্ট্ৰদূত ডা: আইগৰ পোলিখাই সংবাদমাধ্যমৰ আগত কয় যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিশ্বৰ সন্মানীয় নেতাসকলৰ ভিতৰত অন্যতম ৷ ইউক্ৰেইনে আশা কৰে যে মোদীয়ে পুটিনৰ ওপৰত প্ৰভাৱ বিস্তাৰৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব ৷ ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে যদি ইউক্ৰেইনৰ সমৰ্থনত কোনো বক্তব্য ৰাখে বা অন্যধৰণে সহায় কৰে , তেনেহ;লে ইউক্ৰেইন সদায় ভাৰতৰ ওচৰত ঋণী হৈ ৰ’ব ৷তেও লগতে কয় যে ইউক্ৰেইনে সকলো মিত্ৰ দেশৰ পৰা সহায় বিচাৰিছে যাতে যুদ্ধখন ৰখাব পৰা যায় ৷ শান্তিয়ে সকলো সমস্যাৰ সমাধান বুলি ইউক্ৰেইনে বিশ্বাস কৰে৷

#broaderwar#pm_modi#RussiaUkraine#thecrosscurret#ukrainerussia
Comments (0)
Add Comment