বৰ্ষাকালীন অধিৱেশনৰ প্ৰথমদিনা বিৰোধীক কিদৰে কটাক্ষ কৰিলে প্ৰধানমন্ত্ৰীয়ে ?

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ শেহতীয়া সম্প্ৰসাৰণত দলিত , মহিলা , অ’ বি চি আৰু কৃষক সমাজৰ বহুকেইজন প্ৰতিনিধিক মন্ত্ৰীসভাত স্থান দিয়া হৈছে ৷ এই লৈ প্ৰধানমন্ত্ৰী মোদীৰ অভিযোগ – তেওৰ এই পদক্ষেপক বহুতেই ভাল পোৱা নাই ৷ আজিৰে পৰা আৰম্ভ হোৱা সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰথমদিনা এইদৰেই বিৰোধীক কটাক্ষ কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ সংসদীয় পৰম্পৰা অনুসৰি , মন্ত্ৰীসভাৰ সালসলনিৰ পাছত লোকসভা আৰু ৰাজ্যসভাত নতুন মন্ত্ৰীমণ্ডলীক পৰিচয় কৰাই দিয়ে প্ৰধানমন্ত্ৰীয়ে নিজে ৷ যোৱা ৭ জুলাইত হোৱা মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত ১৫ গৰাকী কেবিনেট আৰু ২৮ গৰাকী ৰাজ্যিক মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিছে ৷ আজি তেওলোকক পৰিচয় কৰাই দিয়াৰ কথা আছিল প্ৰধানমন্ত্ৰী মোদীয়ে ৷কিন্তু সোমবাৰে  ক’ৰোণা পৰিস্থিতি , মূল্যবৃদ্ধিসহএকাধিক বিষয়ৰ আলোচনাৰ দাবীত বিৰোধীয়ে সদন উত্তপ্ত কৰি ৰাখে ৷ ফলত সদনত নতুন মন্ত্ৰীৰ চা- চিনাকি পৰ্ব ব্যাহত হয় ৷ ইয়াৰ পাছতে ক্ষোভ  প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় –“ আমাৰ ইচ্ছা আছিল মন্ত্ৰীসভাৰ নতুন সদস্যসকলক পৰিচয় কৰাই দিয়াৰ ৷ আমি ভাবিছিলো যে দলিত , আদিবাসী , মহিলা সমাজৰ প্ৰতিনিধিয়ে মন্ত্ৰীসভাত স্থান পোৱাটো খুবেই আনন্দৰ বিষয় ৷ কিন্তু আজি দেখিছো যে অনেকেই ইয়াক লৈ সুখী নহয় ৷ সমাজৰ এই লোকসকল মন্ত্ৰী হোৱাটো তেওলোকে মনেৰে মানি ল’ব পৰা নাই ৷”

newministersperliamentpmmodithecrosscurrent
Comments (0)
Add Comment