কালিলৈ পৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলত নাপাব বিশুদ্ধ পেট্ৰল

১০ জানুৱাৰীৰ পৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলে নাপাব বিশুদ্ধ পেট্ৰল। কিয়নো অসম তথা উত্তৰ-পূবত বিক্ৰী হোৱা পেট্ৰলত বৃদ্ধি পাব ইথানলৰ মাত্ৰা। অসমত বিক্ৰী হোৱা পেট্ৰলত বৃদ্ধি পাব ১০ শতাংশ ইথানল।  ইথানলৰ মাত্ৰা বৃদ্ধি পোৱা পাছত পেট্ৰল দেশৰ ভিতৰত প্ৰথম উত্তৰ-পূৰ্বাঞ্চলতে বিক্ৰী হব। ইতিমধ্যে সমগ্ৰ দেশত ২ শতাংশৰ পৰা ৬.৭ শতাংশ ইথানল মিহলিযুক্ত পেট্ৰলহে বিক্ৰী হৈ আছে তাৰ মাজতে ১০ শতাংশ ইথানল বৃদ্ধিয়ে সচকিত কৰি তুলিছে অসম তথা উত্তৰ-পূৰ্বাঞ্চলবাসীক। কিয়নো অধিক ইথানলযুক্ত পেট্ৰলে ক্ষতি কৰে বাহনৰ ইঞ্জিন।

#thecrosscurretassamPetrol
Comments (0)
Add Comment