অৱশেষত তিনি বিতৰ্কিত কৃষি আইন প্ৰত্যাহাৰ কৰিব বুলি ঘোষণা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ বিগত প্ৰায় এটা বছৰ ধৰি কৃষক সকলে এই আইন বাতিলৰ দাবীত আন্দোলন অব্যাহত ৰাখিছে ৷
কি আছিল এই তিনিখন কৃষি আইনত ?
বিগত বছৰৰ ছেপ্তেম্বৰ মাহত সংসদৰ অধিৱেশনত তিনিখন নতুন কৃষি বিধেয়ক আইনত পৰিণত হয় ৷ এই আইন তিনিখন হ’ল –Farmers’ Produce Trade and Commerce (Promotion and Facilitation) বা কৃষি উৎপাদন ব্যৱসায় আৰু বাণিজ্য (সংবৰ্ধন আৰু সৰলীকৰণ) , Farmers (Empowerment and Protection) Agreement on Price Assurance বা কৃষক (সবলীকৰণ আৰু সুৰক্ষা) মূল্য নিশ্চিত বুজাবুজি আৰু the Essential Commodities (Amendment) act বা অত্যাৱশ্যকীয় সামগ্ৰী (সংশোধনী) আইন ৷চৰকাৰৰ মতে এই আইনকেইখনৰ বলবৎ হোৱাৰ পাছত কৃষিখণ্ডত ব্যক্তিগতখণ্ডৰ বিনিয়োগৰ জড়িয়তে আন্ত:গাথনি গঢ়ি উঠিব আৰু উৎপাদিত শস্য বিক্ৰীৰ বজাৰ আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়লৈ বিস্তৃত হ’ব ৷ ক্ষুদ্ৰ খেতিয়কসকলেও নিজৰ কৃষিকাৰ্যত প্ৰযুক্তিৰ ব্যৱহাৰৰ জড়িয়তে অধিক শস্য উৎপাদন কৰিব পাৰিব ৷ প্ৰথমখন আইনৰ জড়িয়তে চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত বিপনন ক্ষেত্ৰৰ বাহিৰতো কৃষকে উৎপাদিত সামগ্ৰী বিক্ৰী কৰিব পাৰিব ৷ ইয়াৰ ফলত বজাৰত প্ৰতিযোগিতাৰ সৃষ্টি হ’ব আৰু খেতিয়কে অধিক লাভ উপাৰ্জন কৰিব পাৰিব ৷ দ্বিতীয়খন আইন অনুসৰি বৃহৎ উদ্যোগীয়ে খেতিয়কৰ লগত আগতীয়া চুক্তি আৰু আগতীয়াকৈ দাম নিৰ্ধাৰণ কৰি খেতি কৰিব পাৰিব ৷ আনহাতে ,তৃতীয়খন আইনৰ জড়িয়তে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ তালিকাৰ পৰা আলু , পিয়াজ , তেল , মাহজাতীয় শস্য আদি কৰ্তন কৰা হৈছে ৷ অৰ্থাৎ এই সামগ্ৰীসমূহৰ মজুতকৰণৰ ওপৰত চৰকাৰৰ কোনো নিয়ন্ত্ৰণ নাথাকিব ৷ যুদ্ধ , মহামাৰী আৰু আকালৰ বাহিৰে আন সময়ত এই সাগ্ৰীসমূহ আইনৰ আওতাৰ পৰা বাহিৰত থাকিব ৷
কৃষকৰ আপত্তি ক’ত?
বিপনন পৰিষদৰ অন্তৰ্গত বজাৰসমূহত খেতিয়কসকলৰ বাবে নূন্যতম সমৰ্থন মূল্য নিৰ্ধাৰণ কৰা থাকে ৷ বজাৰ বেয়া হ’লেও বা চাহিদা কমিলেও এটা নূন্যতম দাম খেতিয়কসকলে লাভ কৰিবই ৷ কিন্তু মুকলি বজাৰত সামগ্ৰী বিক্ৰীৰ ব্যৱস্থা কৰিলে এই নিশ্চয়তা নাথাকিব ৷ যদিহে কোনো এটা বতৰত অধিক শস্য উৎপাদন হয় , তেনেহ’লে খেতিয়কসকল অতি কম মূল্যতে সেই সামগ্ৰী বিক্ৰী কৰিবলৈ বাধ্য হ’ব ৷তদুপৰি , ইয়াৰ ফলত ৰাজ্যসমূহে কৃষি বিপনন পৰিষদৰ পৰা পাই অহা কৰো এতিয়াৰ পৰা নাপাব ৷ কাৰণ , বজাৰ ব্যৱস্থাত বিপনন পৰিষদৰ কৰ্তৃত্ব নতুন আইনৰ জড়িয়তে প্ৰায় বিলোপ কৰা হৈছে ৷
ঠিকাদাৰী কৃষিৰ ক্ষেত্ৰত কোনো বৃহৎ উদ্যোগীয়ে আগতীয়াকৈ খেতিয়কৰ লগত চুক্তি কৰিব পাৰিব ৷ মূলত: শস্যৰ গুনগত মান, উৎপাদন প্ৰক্ৰিয়া আৰু কিমান উৎপাদন হ’ব তাৰ ওপৰত ভিত্তি কৰিয়েই খেতিয়কজনৰ লগত চুক্তি হ’ব ৷ বুজাবুজিৰ জড়িয়তে শস্যৰ মালিকানা খেতিয়কজনৰ থাকিব যদিও উৎপাদনৰ পাছত পূৰ্বে নিৰ্ধাৰণ কৰা মূল্যত ফচলখিনি ব্যৱসায়ীক বিক্ৰী কৰিব লাগিব ৷ চুক্তিৰ সময়ত বীজ- সাৰৰ দাম আৰু উৎপাদন ব্যয়ৰ প্ৰতি লক্ষ্য ৰাখি ফচলৰ দাম নিৰ্ধাৰণ কৰা হ’ব ৷ কিন্তু খেতিয়কসকলৰ আপত্তি হ’ল – যদিহে ব্যৱসায়ীসকলে চুক্তি ভংগ কৰে বা উৎপাদনৰ পাছত কোনো অজুহাত দেখুৱাই চুক্তি অনুসৰি মূল্য নিদিয়ে বা কিনিবলৈ অস্বীকাৰ কৰে , তেনে পৰিস্থিতিত কৃষকক সুৰক্ষা দিয়াৰ কোনো সঠিক ব্যৱস্থা আইনত নাই ৷ কৃষকে প্ৰথমতে স্থানীয় প্ৰশাসন , জিলা প্ৰশাসনত আপত্তি কৰিব পাৰিব ৷ তাত ন্যায় নাপালেহে ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব পাৰিব ৷ স্বাভাৱিকতে চুক্তিকাৰীসকলৰ ভিতৰত খেতিয়কজন বৃহৎ উদ্যোগীতকৈ আৰ্থিক আৰু সামাজিকভাৱে দুৰ্বল হ’ব ৷ তেওলোক প্ৰতাৰণাৰ বলি হ’লে নিজৰ গাথিৰ ধন ভাঙি আদালতৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰাৰ সামৰ্থ থাকিব জানো ? সেয়ে এই আইনে কৃষকসকলক বৃহৎ পুজিপতিৰ ক্ৰীতদাসত পৰিণত কৰাৰ আশংকা গভীৰ হৈ উঠিছে ৷
দেশৰ অধিকাংশ খেতিয়কৰ শীতলীগৃহৰ সুবিধা নাই ৷ যাৰ বাবে তেওলোক নিজৰ উৎপাদিত শস্য নিৰ্দিষ্ট সময়ৰ ভিতৰত বজাৰত বিক্ৰী কৰিবলৈ বাধ্য ৷অত্যাৱশ্যকীয় সামগ্ৰীৰ আইনখন সংশোধন কৰাৰ ফলত ব্যৱসায়ীসকলে আলু , পিয়াজ , তেল আৰু মাহজাতীয় শস্যসমূহ নিজৰ ইচ্ছামতে কিনি লৈ নিজৰ গুডামত মজুত কৰিব পাৰিব ৷ যিহেতু শস্য মজুতকৰণৰ ওপৰত চৰকাৰৰ কোনো নিয়ন্ত্ৰণ নাথাকিব , গতিকে তেওলোকে বজাৰত নিজৰ খেয়ালখুচি মতে এই সামগ্ৰীসমূহ উলিয়াই দিব আৰু মূল্যও নিজেই নিৰ্ধাৰণ কৰিব ৷ আলু – পিয়াজৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যৰ ক্ষেত্ৰত এতিয়াৰে পৰা খেতিয়ক আৰু চৰকাৰ কাৰোৱেই নিয়ন্ত্ৰণ নাথাকিব ৷
সেয়ে এই তিনিখন আইন বাতিলৰ দাবীত কৃষকসকলে বিশাল আন্দোলন গঢ়ি তোলে আৰু চৰকাৰে কৃষক আন্দোলনৰ ওচৰত শিৰণত হৈ আইন কেইখন প্ৰত্যাহাৰৰ সিদ্ধান্ত ল’বলগীয়া হয় ৷