মঙলবাৰে নিশা মাইচ’ৰত এগৰাকী ২৩ বছৰীয়া MBA পাঠ্যক্ৰমৰ ছাত্ৰীক চাৰি-পাঁচজন লোকে দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। আৰক্ষীৰ সূত্ৰই জনোৱা মতে ঘটনাটো মাইচ’ৰৰ ললিতহাদ্ৰিপুৰা অঞ্চলৰ টিপ্পায়ানাকেৰী অঞ্চলত নিশা প্ৰায় ৮ বজাত সংঘটিত হৈছিল। ছাত্ৰীগৰাকী কৰ্ণাটকৰ স্হায়ী বাসিন্দা নহয়। গণধৰ্ষণৰ ঘটনাসন্দৰ্ভত কমেও পাঁচজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
কৰ্ণাটকৰ গৃহ মন্ত্ৰী ‘অৰাগা জ্ঞানেন্দ্ৰই’ শনিবাৰে দাবী কৰিছে যে গোচৰটো সফলতাৰে নিষ্পত্তি কৰা হৈছে।