কংগ্ৰছত কন্দল : হাইকামাণ্ড কাৰ লগত ?

কংগ্ৰেছত আকৌ মহাকন্দল ৷ পঞ্জাৱ কংগ্ৰেছত মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙ আৰু নৱোজিৎ সিঙ সিদ্ধুৰ মাজৰ কাজিয়াই চৰম ৰূপ লোৱাৰ পাছত বিষয়টোত হস্তক্ষেপ কৰিছে কংগ্ৰেছ হাইকামাণ্ডে ৷ ৰাজ্যখনৰ কংগ্ৰেছ দলৰ তত্বাবধায়ক হৰিশ ৰাৱটে কয় যে নৱোজিৎ সিঙ সিদ্ধুৰ উপদেষ্টাসকলৰ মন্তব্যৰ লগত দলৰ কোনো সম্পৰ্ক নাই ৷ বৰং তেওলোকৰ মন্তব্যৰ কংগ্ৰেছ দল তীব্ৰ বিৰোধী ৷ সিদ্ধুয়ে উপদেষ্টাসকলক ত্যাগ কৰক ৷ অন্যথা দলে নিৰ্দেশ দিবলৈ বাধ্য হ’ব ৷কাৰণ , দলৰ অনুমোদন সাপেক্ষে এইসকল উপদেষ্টাক নিয়োগ কৰা হোৱা নাই ৷

প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব পোৱাৰ পাছতে নৱোজিৎ সিঙ সিদ্ধুয়ে চাৰিজন উপদেষ্টা নিয়োগ কৰিছিল ৷ তেওলোকৰ ভিতৰত আছে মালবিন্দৰ সিঙ মালী আৰু প্যাৰে লাল গাৰ্গ ৷ মালীয়ে শেহতীয়াকৈ কাশ্মীৰ কাশ্মীৰীসকলৰ দেশ বুলি এটা মন্তব্য কৰিছিল ৷ তাৰ পাছতে এই মন্তব্যক লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হয় ৷

সিদ্ধুৰ উপদেষ্টাৰ মন্তব্যই কংগ্ৰেছ হাইকামাণ্ডকো তীব্ৰ অস্বত্বিত পেলাইছে ৷ইয়াৰে আলম লৈ হৰিশ ৰাৱটে সিদ্ধুক দিয়া সকীয়ণিৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে দলৰ নেতৃত্ব মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙৰ পক্ষত আছে ৷

 

 

amrindarsingharishrawatnavojitsingsiddhupunjabcongressthecrosscurrent
Comments (0)
Add Comment