মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেক চৰিয়াম বুলি কৈ গ্ৰেপ্তাৰ হ’ল কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰানে ৷ মোদী মন্ত্ৰীসভাৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰীগৰাকীক মঙলবাৰে মহাৰাষ্ট্ৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ বিগত ২০ বছৰত কেন্দ্ৰীয় মন্ত্ৰী গ্ৰেপ্তাৰ হোৱা এয়াই প্ৰথমটো ঘটনা ৷
গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবৰ বাবে মন্ত্ৰীগৰাকী বোম্বে উচ্চ ন্যায়ালয়ৰ দাৰস্থ হৈছিল ৷ ন্যায়ালয়ত তেওৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰ খাৰিজ কৰিবৰ বাবে আবেদন জনোৱা হৈছিল ৷ কিন্তু এই আবেদনৰ জৰুৰী শুনানি গ্ৰহণ কৰিবলৈ উচ্চ ন্যায়ালয়ে অস্বীকাৰ কৰে ৷
বিজেপিৰ জনসমৰ্থন যাত্ৰাৰ সময়ত ৰায়গড়ত নাৰায়ণ ৰানে কৈছিল –‘মুখ্যমন্ত্ৰীয়ে দেশ কেতিয়া স্বাধীন হৈছিল সেয়াও নাজানে ৷ভাষণ দি থকা সময়ত আনক সুধিব লগীয়া হৈছে ৷ এয়া অতি লজ্জাজনক কথা ৷মই যদি তাত থাকিলোহেঁতেন তেনেহ’লে জোৰকৈ চৰ মাৰিলোহেঁতেন ৷’
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ পাছতে শিৱসেনাৰ সমৰ্থকসকল উত্তেজিত হৈ পৰে ৷ মঙলবাৰে বিজেপি কাৰ্যালয়ৰ সন্মুখত শিৱসেনাই ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰাৰ সময়ত দুয়োটা দলৰ সমৰ্থকৰ মাজত হতাহতিও লাগে ৷ ইপিনে , মহাৰাষ্ট্ৰৰ বিভিন্ন থানাত নাৰায়ণ ৰানেৰ বিৰুদ্ধে চাৰটাকৈ গোচৰ ৰুজু কৰা হয় ৷ তাৰ পাছত নাছিক আৰক্ষীয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰে ৷
১৯৯০ চনত শিৱসেনাৰ বিধায়ক হিচাপে নাৰায়ণ ৰানে ৰাজনীতিৰ পথাৰত খোজ দিছিল ৷ ১৯৯৯ চনত কিছুদিনৰ বাবে তেও মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ দায়িত্বও পালন কৰিছিল ৷ ২০০৫ চনত ঠাকৰে পৰিয়ালৰ লগত হোৱা মতানৈক্যৰ বাবে শিৱসেনা এৰি কংগ্ৰেছত যোগ দিয়ে ৷ ২০১৭ চনত পুণৰ কংগ্ৰেছ ত্যাগ কৰি নিজৰ দল গঠন কৰে ৷ পৰৱৰ্তী সময়ত দলটো বিজেপিৰ লগত চামিল হয় ৷