অসম সুখীনে?

অসম সুখীনে?

সুখ নাই সুখ নাই ক’তো ধৰুৱাৰ,
অনুমাত্ৰ সুখ নাই চিৰ ৰুগীয়াৰ।
সুখ নাই যিটো সদা গোচৰত ফুৰে,
মাতৃৰ অসুখ যদি পুত্ৰ থাকে দূৰে।

-বলদেৱ মহন্তৰ এটা পুৰণি কবিতাৰ কেইটামান শাৰী মাত্ৰ এয়া৷ ৯০ দশকত ডাঙৰ হোৱা সকলো ছাত্ৰ ছাত্ৰীয়ে এই শিক্ষা লৈয়ে বিদ্যালয়ত পাঠগ্ৰহণ কৰিছে৷ সুখী হোৱাৰ মূল নীতি কথা এটাই-ধৰুৱা হ’ব নালাগে, স্বাৱলম্বী হৈ উঠিব লাগিব৷ ৰুগীয়া হ’ব নালাগে, সুস্বাস্থ্যৱান হৈ থাকিব লাগিব৷ গোচৰ–মামলাৰ পৰা আঁতৰি থাকিব লাগে, যথাসম্ভৱ মাতৃৰ ওচৰতে থাকিব পাৰিব লাগে৷ সেই একেই নীতি শিক্ষাক যদি অসমৰ সৈতে ৰিজাই চোৱা হয়, তেনেহ’লে আমি কিদৰে আজিৰ প্ৰেক্ষাপটক বিশ্লেষণ কৰিম৷ মুখ্যমন্ত্ৰীয়ে কৈ অহাৰ দৰে–অসম সঁচাকৈ সুখীনে?
পুৱা শুই উঠিয়েই বাতৰি কাকতত আমি পঢ়িছো–ৰাজ্য চৰকাৰে আকৌ ল’ব ৯০০ কোটিৰ ঋণ৷ কেইদিনমানৰ পূ্ৰ্বে ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা তথ্য অনুসৰি, অসম চৰকাৰে এতিয়ালৈকে বেংক আৰু আন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা গ্ৰহণ কৰিছে ১,৫০,৯০০ কোটি টকাৰ ঋণ৷ ২০১৬ চন পৰ্যন্ত অসমৰ ঋণৰ পৰিমান আছিল ৪১ হাজাৰ কোটি টকা৷ তাৰ পাছৰে পৰা ঋণ লোৱাৰ তৎপৰতা কি হাৰত বৃদ্ধি পালে, সেয়া পৰিসংখ্যাই কৈ দিয়ে৷ চৰকাৰে সমালোচনাৰ উত্তৰ দিছে যে ঋণ লোৱাৰ ক্ষমতা থকা বাবেই হেনো ঋণ লাভ কৰিছে৷ এয়া গৰ্বৰেই কথা৷ কিন্তু সঁচাকৈ ডেৰ লাখ কোটিৰ ঋণ ল’ব পৰাকৈ অসম সমৰ্থ হৈছেনে? জি ডি পিৰ জটিল অংকলৈ নাযায়, সাধাৰণভাৱে যদি চোৱা হয়–অসমৰ জনসাধাৰণ এতিয়া সাংঘাতিক অৰ্থসংকটত ককবকাই আছে৷ ভয়াৱহ মূল্যবৃদ্ধিয়ে দৈনন্দিন জীৱন ইমানেই ব্যয়বহুল কৰি তুলিছে যে আয়তকৈ অধিক ব্যয় কৰিবলগীয়া হৈছে৷ পৰিসংখ্যা অনুসৰি, জনমূৰি আয়ৰ ক্ষেত্ৰত অসমৰ স্থান ভাৰতৰ ৩৩ খন ৰাজ্যৰ ভিতৰত শেষৰ পৰাহে ৪ নম্বৰত৷ নিজা ৰাজহ আহৰণৰ ক্ষেত্ৰতো অসমৰ স্থান ডাঙৰ ৰাজ্যসমূহৰ ভিতৰত তলৰ পৰা তৃতীয়৷ ২০২২-২৩ বিত্তীয় বৰ্ষত অসমৰ নিজা ৰাজহৰ পৰিমাণ আছিল কেৱল ২৯,০৬১ কোটি টকা৷ এটা বছৰত ২৯ হাজাৰ কোটি টকা উপাৰ্জন কৰা ৰাজ্য এখনে প্ৰায় প্ৰতিদিনে শ শ কোটি টকাৰ ঋণ লৈ ধৰুৱা হৈ গৈ আছে৷ ধৰুৱা অসম আজি সুখীনে?
এখন সুস্বাস্থ্যৱান সমাজে অসমৰ আৰ্থিক আৰু সামাজিক পৰিকাঠামো শক্তিশালী কৰি তুলিব পাৰে৷ কিন্তু অসমৰ স্বাস্থ্যৰ অৱস্থা এতিয়া কেনেকুৱা? চৰকাৰী সমীক্ষা মতেই শিশুৰ মৃত্যুৰ হাৰৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰত অসমৰ স্থান প্ৰথম, প্ৰসূতিৰ মৃত্যুৰ ক্ষেত্ৰত অসমৰ স্থান দেশৰ ভিতৰতে তৃতীয়৷ অসমৰ ৪২ শতাংশ শিশু পুষ্টিহীনতাত আক্ৰান্ত হৈ আছে৷ এনিমিয়াত ভুগিছে ৬৫.৯ শতাংশ মহিলা৷ অসমৰ কৰ্কট ৰোগীৰ চৰকাৰী পৰিসংখ্যা ২৩,৯৭৪ গৰাকী৷ মধুমেহত ভুগিছে অসমৰ ৪,৮৪,৭৭৪ গৰাকী নাগৰিক৷ চিকিৎসা সেৱাৰ নামত জিলাই জিলাই মেডিকেল কলেজ প্ৰতিষ্ঠা হ’বলৈ গৈ আছে৷ ইফালে, অসমৰ জনতা দিনে দিনে অধিক ৰুগীয়া হৈ গৈ আছে৷ ৰুগীয়া অসম সঁচাকৈ সুখীনে?
ধৰুৱাৰ সুখ নাই, ৰুগীয়াৰ সুখ নাই৷ সুখ নাই যিটো সদায় গোচৰত ফুৰে৷ অসমত ২০২০ৰ পৰা ২০২৪ ৰ মাৰ্চলৈকে ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে ৫৫৯৭ টা, যৌতুকজনিত ঘটনা ঘটিছে ৩০,৬৪৯ টা৷ চুৰিৰ ঘটনা ঘটিছে ৫২,৮০৩ টা৷ চৰম সিদ্ধান্ত লৈছে ১২,৭৬৭ গৰাকী নাগৰিকে৷ এই আটাইবোৰ পঞ্জীয়নভুক্ত গোচৰৰ পৰিসংখ্যা৷ আনকি খোদ গুৱাহাটী মহানগৰীত এটা বছৰত ১০০ গৰাকীতকৈ অধিক মহিলাৰ ডিঙিৰ পৰা চেইন কাঢ়ি নিয়াৰ দৰে ঘটনা ঘটিছে৷ থানাই থানাই, আদালতে আদালতে দৌৰিও ন্যায় পোৱা নাই ভুক্তভোগীয়ে৷ জিলা, সত্ৰ ন্যায়ালয়ত বিচাৰাধীন হৈ আছে ৪.৫৮ লাখ গোচৰ, উচ্চ ন্যায়ালয়ত বছৰৰ পাছত বছৰ ধৰি ৬২ হাজাৰ গোচৰৰ শুনানি চলিছে৷ গোচৰৰ ভৰত ভাৰাক্ৰান্ত অসম আজি সুখীনে?
পুত্ৰৰ পৰা আঁতৰত থকা মাতৃৰ হেনো সুখ নাই৷ এইবাৰ আঘোণৰ ধান কটা বতৰতো নিজম পৰি আছে অসমৰ গাঁওবোৰ৷ কাৰ্যতঃ এক নিমাওমাও পৰিৱেশ অসমৰ গ্ৰাম্যাঞ্চলত৷ ইয়াৰ প্ৰধান কাৰণেই হৈ পৰিছে প্ৰব্ৰজন৷ কাম সন্ধানত লাখ লাখ অসমীয়াই নিজৰ গৃহভূমি এৰি আন ঠাইলৈ ঢাপলি মেলিছে৷ কেন্দ্ৰীয় চৰকাৰৰ ই শ্ৰম প’ৰ্টেলৰ তথ্য অনুসৰি, অসমত অসংগঠিত খণ্ডত আজিৰ দিনটোত নিয়োজিত হৈ থকা মুঠ শ্ৰমিকৰ সংখ্যা হৈছে ৭৫,৭১,৫৭৬ গৰাকী৷ কৃষিৰ পৰা ঘৰুৱা শ্ৰমিকলৈ, ৰিক্সা চালকৰ পৰা আৰম্ভ কৰি ফুড ডেলিভাৰী বয়লৈকে সকলো খণ্ডৰ শ্ৰমিকক এই পৰিসংখ্যাই সামৰি লৈছে৷ ইয়াৰ বুজনসংখ্যক শ্ৰমিক নিয়োজিত হৈ আছে ৰাজ্যৰ বাহিৰত৷ দিল্লী, মুম্বাইৰ পৰা আৰম্ভ কৰি দক্ষিণৰ ৰাজ্যসমূহত এতিয়া কেৱল অসমৰ সস্তীয়া শ্ৰমিকৰ পয়োভৰ৷ নিজৰ ৰাজ্যত সংস্থাপণৰ সুবিধা লাভ নকৰা বাবেই লাখ লাখ শ্ৰমিকে কাম বিচাৰি ৰাজ্যৰ বাহিৰলৈ যাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ কিন্তু তেওঁলোকৰ জীৱিকা আৰু জীৱনৰ কোনো নিশ্চয়তা নাই৷ যাৰ বাবে কোভিডকালীন সময়ত প্ৰায় ৩.৫০ লাখ শ্ৰমিকে অসমলৈ ঘূৰি আহিবলৈ হেতা-ওপৰা লগাইছিল৷ নিজৰ সন্তানক কামৰ বাবে বাহিৰলৈ পঠিয়াই অসমৰ মাতৃসকল আজি সুখীনে?

assambjp govtdevelopementeconomyhappyhimanta biswa sarmaloan
Comments (0)
Add Comment