ৰুছ সেনাক প্ৰতিহত কৰিবলৈ ৰাজপথত জনতা

ৰাছিয়ান সেনাই ইউক্ৰেইনৰ কেবাটাও অঞ্চল ইতিমধ্যে নিজৰ দখললৈ নিছে ৷ ৰাজধানী কিয়েভৰ পৰা আহিছে ধাৰাবাহিক বিস্ফোৰণৰ খবৰ ৷ তাৰ মাজতে ইউক্ৰেইনে দাবী কৰিছে যে ৰুছ সেনাক প্ৰতিহত কৰিবলৈ দেশখনৰ বৃহৎ সংখ্যক জনতা ৰাজপথত নামি পৰিছে ৷ ইউক্ৰেইনৰ বিদেশ মন্ত্ৰী দিমিত্ৰো কুলেবাই এখন ফটো টুইট কৰি দাবী কৰিছে যে জনতাই ৰাজপথত নামি ৰুছ সেনাৰ পথ ভেটি ধৰিছে ৷তেও লগতে ইউক্ৰেইনৰ ওপৰত চলি থকা আকাশ মাৰ্গৰ আক্ৰমণ ৰুধিবলৈ সহযোগী দেশসমূহৰ পৰা সহায় বিচাৰিছে ৷

#thecrosscurret#ukraine_war#vladimir_putin#zelensky_ukraine
Comments (0)
Add Comment