আত্মঘাটী বোমাৰুৰ আক্ৰমণত কঁপি উঠিল কাবুল , নিহত ৭৩

আত্মঘাটী বোমাৰুৰ আক্ৰমণত কঁপি উঠিল আফগানিস্তান ৷আফগানিস্তানৰ কাবুল বিমান বন্দৰৰ সমীপত সংঘটিত বোমা – বিস্ফোৰণ আৰু গুলীচালনাৰ ঘটনাত ৭৩ জন লোক নিহত হৈছে ৷ নিহতসকলৰ ভিতৰত ৬০ গৰাকী আফগান নাগৰিক আৰু আন ১৩ গৰাকী আমেৰিকান সেনা  ৷ আহত হৈছে ১৫০ ৰো অধিক লোক ৷ ইছলামিক ষ্টেট (আই এছ) য়ে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে ৷

বিমান বন্দৰৰ সমীপৰ স্থানত কমেও ৬ টা বিস্ফোৰণ সংঘটিত কৰে আত্মঘাটী বোমাৰুয়ে ৷ আনকি গুলীচালনাও কৰে ৷ এই ঘটনাই এতিয়া বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

তালিবানে এই ঘটনাক গৰিহনা দি কৈছে যে আমেৰিকান সেনা অধ্যুষিত অঞ্চলত বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে ৷

ইফালে , আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইদেনে কৈছে যে যিসকলে আমেৰিকাৰ ক্ষতি কৰিব বিচাৰিছে , তেওলোকক ক্ষমা কৰা নহ’ব ৷ ইয়াৰ মূল্য ভৰিবই লাগিব ৷

 

afganistanamericakabulkabulblastthecrosscurrent
Comments (0)
Add Comment