তালিবানৰ নৃশংসতা আৰু বৰ্বৰতাৰ এক ভয়াৱহ কাহিনী সংবাদমাধ্যমৰ আগত বৰ্ণনা কৰিছে আফগানিস্তানৰ এগৰাকী প্ৰাক্তন ন্যায়াধীশে ৷
দেশখনৰ প্ৰাক্তন ন্যায়াধীশ নাজলা আয়ুবিয়ে আমেৰিকাৰ সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত কয়-‘সিহঁতে ঘৰে ঘৰে গৈ মহিলাসকলক খাদ্য ৰান্ধিবলৈ নিৰ্দেশ দিয়ে ৷ খাদ্য খাবলৈ বেয়া পালে মহিলাসকলক জীৱন্তে জ্বলাই দিয়ে ৷ উত্তৰ আফগানিস্তানত এনে ঘটনা সংঘটিত হৈছে ৷’
নাজলা আয়ুবি আফগানিস্তানৰনাৰী অধিকাৰ আন্দোলনৰ সৈতে জড়িত আছিল ৷ যাৰ বাবে তেও বহুবাৰ তালিবানৰ ভাবুকিৰো সন্মুখীন হৈছিল ৷ সম্প্ৰতি আমেৰিকাত আশ্ৰয় গ্ৰহণ কৰি থকা প্ৰাক্তন ন্যায়াধীশগৰাকীয়ে কয়-‘বিগত কিছুদিন ধৰি আফগানিস্তানৰ প্ৰচুৰ মানুহৰ লগত কথা পাতিছো ৷যি শুনিছো , সেয়া কল্পনাৰো অতীত ৷ জোৰ কৰি সৰু সৰু ছোৱালীক তালিবানলৈ বিয়া দিবলৈ বাধ্য কৰোৱা হৈছে ৷আফগান তৰুণীসকলক যৌনদাসী কৰি আন দেশলৈ বিগত কেবা সপ্তাহ ধৰি আন দেশলৈ প্ৰেৰণ কৰি থকা হৈছে ৷’
তালিবানে যদিও মহিলাসকলক কিছু স্বাধীনতা দিয়াৰ কথা ঘোষণা কৰিছে , বাস্তৱত কিন্তু তাৰ ওলোটা প্ৰতিচ্ছৱিহে দেখা গৈছে ৷ আনকি ৰেডিও টেলিভিছন আফগানিস্তানৰ কাৰ্যালয়ত প্ৰৱেশ কৰি সঞ্চালক শ্বনম খানক ভাবুকি পৰ্যন্ত দিয়া হৈছে ৷